গ্ৰাহকৰ ধৰ্ম জানিব খুজিব পাৰে ভাৰতৰ বেংকে

নাগৰিকত্ব (সংশোধন) আইন ২০১৯ৰ বিৰুদ্ধে অসমৰ পৰা দেশজুৰি বিয়পা বিক্ষোভৰ মাজতে বাতৰিত প্ৰকাশ

RBI Indian banks may seek details of clients’ religion: Report

ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ফাইল ফটো

ভাৰতৰ বেংকসমূহে কে ৱাই চি ফৰ্মত গ্ৰাহকৰ “ধৰ্ম” জানিব খুজিব পাৰে, নাগৰিকত্ব (সংশোধন) আইন ২০১৯ক লৈ অসমৰ পিছতে দেশজুৰি বিয়পি পৰা বিক্ষোভৰ মাজতে টাইমছ অৱ ইণ্ডিয়াই শনিবাৰে এই বাতৰি প্ৰকাশ কৰিছে।

ভাৰতৰ ৰিজাৰ্ভ বেংকে দেশৰ ফৰেইন এক্সেঞ্জ মেনেজমেণ্ট এক্ত, ১৯৯৯ৰ বিধিত কৰা কা, ২০১৯সদৃশ সংশোধনৰ বাবেই, বাতৰিটোৰমতে, বেংকে এই পদক্ষেপ ল’ব পাৰে।

এই সংশোধনৰ জৰিয়তে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা প্ৰব্ৰজন কৰা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্ছি আৰু খ্ৰীষ্টান ধৰ্মৰ দীৰ্ঘকালীন ভিজা থকা লোকসকলক ভাৰতত এন আৰ অ’ একাউণ্ট (Non Resident Ordinary Account) খোলা আৰু সম্পত্তি ৰখাৰ সুবিধা আগবঢ়োৱা হৈছে।

ফলত এই সুবিধা মুছলমান বা ধৰ্মীয় পৰিচয় দিব নোখোজা বা নাস্তিক বা ম্যানমাৰ, শ্ৰীলংকা, তিব্বত, ভুটান বা নেপালৰ দৰে আন চুবুৰীয়া দেশৰ লোকৰ বাবে উপলব্ধ নহ’ব।

আনহাতে, এই সুবিধা পোৱা লোকসকলে নাগৰিকত্ব আইনমতে ভাৰতীয় নাগৰিকত্ব লাভ কৰিলেই সেই একাউণ্ট ৰেজিদেণ্ট একাউণ্টলৈ সলনি কৰি দিয়া হ’ব, ফেমা (জমা) বিধিৰ সূচী ৩ৰ সংশোধনত প্ৰকাশ।

ইফালে এই খবৰত বিনিয়োগ, বেংকিং আৰু আইনৰ লগত জৰিত কিছু ব্যক্তিয়ে টাইমছ অৱ ইণ্ডিয়াত আশ্চৰ্য্য প্ৰকাশ কৰিছে।

আচৰিত, বিনিয়োগৰ ক্ষেত্ৰত এই ধৰ্মভিত্তিক বাধা বা বিধি কেতিয়াও নুশুনা কথা, দালাল ষ্ট্ৰীটৰ এজন বেংক বিশ্লেষকে এই খবৰত আশ্চৰ্য্য প্ৰকাশ কৰি কয়।

বহুতে “অসাংবিধানিক” বুলি কোৱা এই বিধি সন্দৰ্ভত শেহতীয়াকৈ কেন্দ্ৰৰ সিদ্ধান্তৰ প্ৰতিবাদ কৰি চাকৰি এৰা আই এ এছ বিষয়া কান্নান গোপীনাথনে কয় যে ই কেৱল অপমানজনক এক আহিলা হ’ব আৰু সকলো ক্ষেত্ৰতে মুছলমানসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত কৰিব।

“ধৰ্ম বা বিশ্বাসক তেওঁলোকে কেনেকৈ সংজ্ঞায়িত কৰিব পাৰে? মানুহ নাস্তিক হৈ যাব পাৰে বা বৌদ্ধধৰ্মলৈ ধৰ্মান্তৰিত হৈয়ো যাব পাৰে,” তেওঁ কয়।

টাইমছ অৱ ইণ্ডিয়াই এই সন্দৰ্ভত পঠিওৱা ই মেইলৰ উত্তৰৰূপে ভাৰতৰ ৰিজাৰ্ভ বেংকে কোনো মন্তব্য কৰিব খোজা নাই বুলি বাতৰিটোত প্ৰকাশ।

সংশোধনৰ পূৰ্বে এই বিধিমতে যিকোনো বিদেশী লোকেই দেশ আৰু ধৰ্ম নিৰ্বিশেষে ভাৰতত এফ এ ৰেজিদেণ্ট একাউণ্ট আৰু এন আৰ অ’ একাউণ্ট খুলিব পাৰিছিল।