গুৱাহাটীত শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টী-২০ত অনন্য অভিলেখ গঢ়াৰ দিশে বুমৰাহ-চাহাল

_Y8A7762

বুমৰাহ আৰু চাহাল। ফাইল ফটো

কা বিৰোধী প্ৰতিবাদৰ মাজতেই দেওবাৰে গুৱাহাটীত দেওবাৰে ভাৰত-শ্ৰীলংকাৰ মাজত আনুষ্ঠিত হ’ব প্ৰথমখন টী-২০ মেচ।

কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনত ক্ৰিকেট অনুৰাগীসকলৰ  দৃষ্টি এতিয়া যুজুবেন্দ্ৰ চাহাল আৰু যশপ্ৰীত বুমৰাহ ওপৰত।

কিয়নো টীম ইণ্ডিয়াৰ তাৰকা দুগৰাকীৰ সন্মুখত এতিয়া এক অনন্য অভিলেখ গঢ়াৰ সুযোগ।

গুৱাহাটীত খেলা এই খেলখনতে দুয়োগৰাকী ব’লাৰে গঢ়িব পাৰে এই অনন্য অভিলেখ।

আন্তৰ্জাতিক টী-২০ত চাহাল আৰু ৰবিচন্দ্ৰন অশ্বিনে যুটীয়াভাৱে সৰ্বোচ্চ উইকেট দখল কৰিছে। দুয়োগৰাকীয়েই ৫২ টাকৈ উইকেট দখল কৰিছে।

গুৱাহাটীত আৰু এটা উইকেট পালেই অশ্বিনক অতিক্ৰমি ভাৰতৰ হৈ আন্তৰ্জাতিক টী-২০ত সৰ্বাধিক উইকেট সংগ্ৰহৰ অধিকাৰী হ’ব চাহাল।

ইপিনে, যশপ্ৰীত বুমৰাহো পাছ পৰি থকা নাই। বুমৰাহে ৫১ টা উইকেট দখলেৰে এইক্ষেত্ৰত চুলিৰ সমান ব্যৱধানত পাছ পৰি আছে যশপ্ৰীত।

বুমৰাহে আৰু দুটা উইকেট পালেই আন্তৰ্জাতিক টী-২০ত দেশৰ সৰ্বাধিক উইকেট দখলৰ অভিলেখ গঢ়িব।

অৱশ্যে ইয়াত এই অভিলেখৰ বাবে যুঁজখন হ’ব যশপ্ৰীত বুমৰাহ আৰু যুজুবেন্দ্ৰ চাহালৰ মাজতেই।

আন্তৰ্জাতিক টী-২০ত দেশৰ হৈ সৰ্বাধিক উইকেট সংগ্ৰহৰ এই অভিলেখ গঢ়িবলৈ বুমৰাহে চাহালতকৈ দুটা অধিক উইকেট দখল কৰিব লাগিব।

বৰ্তমান আঘাতৰ পৰা সকাহ লাভ কৰি দললৈ প্ৰত্যাৱৰ্তন কৰা বুমৰাহৰ প্ৰদৰ্শন চাবলৈ ক্ৰিকেট অনুৰাগীসকলে উৎসাহেৰে অপেক্ষা কৰিছে।

দুয়োগৰাকী তাৰকা খেলুৱৈৰ ভিতৰত কোনে এই অনন্য অভিলেখ গঢ়িব পাৰ তালৈ সকলোৱে দৃষ্টি ৰাখিছে।

উল্লেখ্য যে বুমৰাহৰ তুলনাত চাহালে কম মেচ খেলিছে। চাহালে ৩৬ খন মেচ খেলাৰ বিপৰীতে বুমৰাহে ৪২খন মেচ খেলিছে।

গুৱাহাটীত মূল দলত স্থান পালে এই দুগৰাকী তাৰকাৰ মাজৰ এজনে দেওবাৰে অভিলেখ গঢ়াৰ সুযোগ যে নেহেৰুৱায় সেয়া প্ৰায় নিশ্চিত।