আমেৰিকাৰ শ্বপিংমলৰ নিৰ্বিচাৰ গুলীচালনাত মৃত্যু ভাৰতীয় যুৱতী অভিযন্তাৰ; শোকস্তব্ধ পৰিয়াল

আমেৰিকাৰ শ্বপিংমলত গুলীচালনা মৃত্যু হোৱা ঐশ্বৰ্য থাটিকোন্দা। ফটো: টুইটাৰ।

শনিবাৰে আমেৰিকাৰ এটা শ্বপিংমলত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। মলটোৰ সন্মুখত বন্দুকধাৰীৰ আক্ৰমণত ৯ জন লোকৰ মৃত্যু ঘটে। এই ঘটনাত এগৰাকী ভাৰতীয় যুৱতীৰো মৃত্যু হয়। টেক্সাছৰ ডালাছৰ মলৰ সন্মুখত ঐশ্বৰ্য থাটিকোন্দা নামৰ এগৰাকী ভাৰতীয় যুৱতীক গুলীয়াই হত্যা কৰা হয়।

অইন দিনৰ দৰে তেওঁ মললৈ বজাৰ কৰিবলৈ গৈছিল। বন্ধু এজন তেওঁৰ লগত আছিল। কিন্তু সেই সময়ত তেওঁৰ ভাগ্যত কি লিখা আছিল কোনে জানিছিল। হঠাৎ মলটোৰ সন্মুখত গাড়ীৰ পৰা নামি এজন ব্যক্তিয়ে গুলীচালনা কৰিবলৈ ধৰে।

লগতে পঢ়ক: মন্ত্ৰী অশোক সিংঘলৰ পৰিয়ালৰ মালিকানাধীন প্ৰটেক গ্ৰুপৰ সুউচ্চ অট্টালিকাৰ নিৰ্মাণ অবৈধ: আপ

এলেন প্ৰিমিয়াম আউটলেটৰ সন্মুখত নিৰ্বিচাৰ গুলীচালনা কৰে লোকজনে। মুহূৰ্ততেতে হাহাকাৰ লাগি যায়।  ওচৰ-পাজৰৰ গাড়ীবোৰে গুচি যায়। সেই মুহূৰ্তত বন্দুকৰ গুলীত ৯ জন লোক লুটি খাই পৰে। তেওঁলোকে মৃত্যুক সাৱটি লয়। নিহতসকলৰ ভিতৰত আছিল ভাৰতীয় যুৱতী ঐশ্বৰ্য থাটিকোন্দা।

পেছাত অভিযন্তা ঐশ্বৰ্যই এটা প্ৰজেক্টত কাম কৰিবলৈ আমেৰিকালৈ গৈছিল। শনিবাৰে বিয়লি ৩.৩০ বজাত আৰম্ভ হয় গুলীচালনা। অৱশেষত আৰক্ষীয়ে গুলীচালনা কৰি আক্ৰমণকাৰী মৌৰিচিঅ’ গাৰ্চিয়াক হত্যা কৰিবলৈ বাধ্য হয়।

ঐশ্বৰ্য ভাৰতৰ তেলেংগানাৰ ৰঙাৰেড্ডী জিলাৰ বাসিন্দা। ঐশ্বৰ্যৰ পিতৃ ইয়াৰে জিলা আদালতৰ ন্যায়াধীশ। ঐশ্বৰ্যই আমেৰিকাত ‘পাৰফেক্ট জেনেৰেল কনট্ৰেক্টৰছ এল এল চি’ৰ অভিযন্তা হিচাপে এটা বিশেষ প্ৰকল্পত আছিল। তেওঁ কোম্পানীটোত প্ৰজেক্ট ইঞ্জিনিয়াৰ হিচাপে কাম কৰি আছিল।

উল্লেখ্য যে গুলীচালনাৰ ঠিক আগতে ঘৰত ঐশ্বৰ্যই ফোনত কথা পাতি আছিল। কিন্তু তাৰ পিছত টিভিত এনে গুলীচালনাৰ ঘটনা দেখি ঘৰৰ পৰা ফোন আহিল। তেতিয়াৰ পৰা ঐশ্বৰ্যক ফোনত পোৱা নাই। উদ্বিগ্নতা বাঢ়িবলৈ ধৰিলে।

লগতে পঢ়ক: আদালত অৱমাননাৰ অপৰাধত অধিবক্তাক ৬ মাহৰ কাৰাদণ্ড গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

এৰাতি চিন্তাত কটোৱাৰ পিছত দেওবাৰে ঘৰলৈ আহিল বেয়া খবৰটো। ঐশ্বৰ্যহঁতৰ ঘৰৰ সকলোৱে জানিলে যে ঘৰৰ ছোৱালীজনী আৰু কেতিয়াও ঘূৰি নাহে। কন্যাৰ মৃত্যুৰ খবৰ আহিল। কান্দোনত ভাঙি পৰিল পৰিয়ালটো। তাৰ পিছত তেওঁৰ নিথৰ শৰীৰটো ঘৰলৈ বুলি লৈ অনা হ’ল। ইপিনে, ঐশ্বৰ্যৰ বন্ধু বৰ্তমান সুস্থ। তেওঁৱো আহত হোৱাৰ খবৰ পোৱা গৈছে।