• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয়ই নাগৰিকত্ব লাভৰ বাবে আমেৰিকাৰ সীমান্তত এৰি থৈ গৈছে নাবালক শিশু! কঠোৰ অনুপ্ৰৱেশ নীতি গ্ৰহণ ট্ৰাম্প প্ৰশাসনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 5, 2025 7:17 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ড’নাল্ড ট্ৰাম্পৰ কঠোৰ অনুপ্ৰৱেশ নীতিৰ ফলত আমেৰিকাৰ নাগৰিকত্ব লাভ কৰা বিদেশীসকলৰ বাবে কাৰ্যতঃ অসম্ভৱ হৈ পৰিছে। এই পৰিস্থিতিত কিছু ভাৰতীয় দম্পতীয়ে আমেৰিকাৰ সীমান্তত নিজৰ নাবালক সন্তানক পৰিত্যাগ কৰাৰ মৰ্মান্তিক পথ বাছি লৈছে বুলি জানিব পৰা গৈছে। বহু পৰিয়ালে নিজৰ শিশুৰ জৰিয়তে গ্ৰীণ কাৰ্ড লাভৰ সহজ পথ হিচাপে এই কৌশল গ্ৰহণ কৰিছে বুলি তথ্য প্ৰকাশ পাইছে। ২০২৪ চনৰ অক্টোবৰৰ পৰা আমেৰিকাৰ সীমান্ত টহলদাৰীয়ে এনে ৭৭টা শিশুক আটক কৰিছে। ৫৩টা শিশু মেক্সিকান সীমান্ত আৰু ২২টা শিশু কানাডাৰ সীমান্তৰ পৰা উদ্ধাৰ কৰা হৈছে। এই শিশুসকলৰ ওচৰত পিতৃ-মাতৃৰ নাম লিখা কাগজো উদ্ধাৰ হৈছে বুলি প্ৰকাশ। এনে কাৰ্যৰ জৰিয়তে পৰিয়ালসমূহে শিশুৰ গ্ৰীণ কাৰ্ড লাভৰ পিছত নিজেও নাগৰিকত্ব লাভৰ চেষ্টা কৰিছে।

সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি, গুজৰাটৰ কেইবাটাও পৰিয়ালে এই বিপজ্জনক পদ্ধতি গ্ৰহণ কৰা বুলি স্বীকাৰ কৰিছে। উদাহৰণস্বৰূপ, কৰ’না মহামাৰীৰ সময়ত মেহছানাৰ এগৰাকী অধিবক্তা আৰু তেওঁৰ পত্নীয়ে অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰি দুবছৰীয়া সন্তানক ভাৰতত এৰি থৈ গৈছিল। তিনি বছৰৰ পিছত তেওঁলোকৰ পৰিয়ালৰ আন এজন সদস্যই শিশুটিক লৈ আমেৰিকাত প্ৰৱেশ কৰি টেক্সাছৰ সীমান্তত এৰি গৈছিল। শিশুটিৰ সৈতে পিতৃ-মাতৃৰ যোগাযোগৰ তথ্য লিখা এখন টোকা উদ্ধাৰ হৈছিল, যাৰ উদ্দেশ্য আছিল শিশুটিক গ্ৰীণ কাৰ্ড লাভৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা।

Apply Now

উল্লেক্য যে এনে ক্ষেত্ৰত আদালতে মানৱীয় কাৰণত ৬ৰ পৰা ৮ মাহৰ ভিতৰত শিশুক গ্ৰীণ কাৰ্ড প্ৰদান কৰে, আৰু পৰিয়ালে এই সুযোগ ব্যৱহাৰ কৰি নিজৰ নাগৰিকত্বৰ পথ সুগম কৰে। ২০২৪ চনত এনে ৫১৭টা শিশু আটক হৈছিল, আৰু ২০২৩ চনত এই সংখ্যা ৭৩০ৰ সৰ্বাধিক আছিল।

এই ঘটনা পোহৰলৈ অহাৰ পিছত আমেৰিকাৰ প্ৰশাসনে এনে অবৈধ অনুপ্ৰৱেশৰ প্ৰথা বন্ধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। আমেৰিকাৰ ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্টে (আইচিই) এই শিশুসকলক বিচাৰি উলিয়াবলৈ তৎপৰতা দেখুৱাইছে আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাইছে। ট্ৰাম্প প্ৰশাসনে এই শিশুসকলৰ আইনী পৰামৰ্শৰ বাবে চৰকাৰী পুঁজি হ্ৰাস কৰাৰ লগতে সীমান্তত শিশু পৰিত্যাগৰ ঘটনাৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়নৰ কাম আৰম্ভ কৰিছে বুলি সদৰী কৰিছে। শেহতীয়াকৈ এজন আমেৰিকান নাগৰিকক হণ্ডুৰাছলৈ বিতাড়িত কৰা হৈছে, কিন্তু তেওঁৰ দুবছৰীয়া সন্তানক উভতাই পঠোৱাৰ কোনো উদ্যোগ লোৱা নাই। এই পৰিস্থিতিয়ে আমেৰিকাৰ অনুপ্ৰৱেশ নীতিৰ জটিলতা আৰু শিশুসকলৰ নিৰাপত্তাৰ প্ৰতি উদ্বেগ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am
ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd