• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুকীয়া সংবিধান আৰু পতাকাৰ ক্ষেত্ৰত কেন্দ্ৰৰ সন্মতি নোহোৱাকলৈ NSCN-IMৰ খং; প্ৰধান মন্ত্ৰীলৈ পত্ৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 8, 2019 1:09 pm

2 min read

Namo against terror

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

3.2k
VIEWS
Share on FacebookShare on Twitter

কাশ্মীৰৰ পৰা সংবিধানৰ ধাৰা ৩৭০ আৰু ৩৫ (এ) বাতিল হোৱাৰ পাছত ভাৰত-নাগা শান্তি চুক্তিত আৰু অধিক জটিলতা আহি পৰাৰ সম্ভৱনা আহি পৰিছে।

সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি, এন এছ চি এন-আই এমে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি নগা ৰাজনৈতিক সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ প্ৰতি আশংকা ব্যক্ত কৰিছে।

এন এছ চি এনৰৰ অধ্যক্ষ কিউ টুক্কু আৰু সাধাৰণ সম্পাদক টি এইছ মুইভাৰ স্বাক্ষৰ সম্বলিত পত্ৰখনত চৰকাৰ আৰু সংগঠনটোৰ উচ্চতম পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া বৈঠকখন ৰাজ্যপালৰ স্তৰলৈ অৱনমিত কৰা হৈছে বুলিও অভিযোগ কৰা হৈছে।

বিগত ২৬ জুলাইত ৰাজ্যপাল আৰ এন ৰবিৰ সৈতে হোৱা আনুষ্ঠানিক বৈঠকত ইণ্ডো-নগা ৰাজনৈতিক সমস্যাৰ সমাধান তিনিমাহৰ ভিতৰত কৰা হ’ব বুলি দিয়া আশ্বাসত আমি সুখী হৈছো বুলিও পত্ৰখনত উল্লেখ কৰা হয়।

আনহাতে, বৈঠকত এতিয়াও পতাকা আৰু সংবিধানৰ দৰে মুখ্য বিষয়ত দুয়োপক্ষৰ মাজত সন্মতি হ’বলৈ বাকী আছে।

এন এছ চি এন-আই এমে তাৰোপৰি দেশৰ প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক বৈঠকখন কোনোধৰণৰ পূৰ্ব চৰ্ত নোহোৱাকৈ তথা উচ্চ পৰ্যায়ত আৰু দেশৰ বাহিৰৰ নিৰপেক্ষ স্থানত অনুষ্ঠিত কৰা হ’ব বুলি দিয়া প্ৰতিশ্ৰুতিকো অসন্মান কৰিছে বুলি অভিযোগ কৰে।

‘‘আমি ভাৰতলৈ ভাৰতৰ প্ৰধান মন্ত্ৰীৰ আহ্বানত আহিছো আৰু দুয়োপক্ষৰ মাজত হোৱা বহুকেইখন সফল বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ২০১৫ চনৰ ৩ আগষ্টত নাগা চুক্তিৰ ফ্ৰেম ৱৰ্কত হস্তাক্ষৰ কৰা হৈছিল’’ পত্ৰখনত এনেদৰে উল্লেখ আছে।

আনহাতে, পত্ৰখনত ৰাজ্যপালৰ পৰ্যায়লৈ বৈঠকখন অৱনমিত কৰা বাবে আচৰিত হোৱা বুলিও উল্লেখ কৰা হৈছে।

‘‘দুয়োপক্ষৰ মাজত সুদীৰ্ঘ ২২ বছৰ ধৰি চলা শান্তিমূলক আলোচনাৰ অন্তত আমি সমস্যাৰ সন্মানপূৰ্বক সমাধান বিচাৰো’’ পত্ৰত উল্লেখ কৰা হয়।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd