• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘টেৰ’ৰিষ্ট’ৰ পৰিৱৰ্তে ‘মিলিটেন্ট’! প্ৰতিবেদনত আপত্তি জনাই বিবিচিলৈ পত্ৰ লিখিলে কেন্দ্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 28, 2025 1:31 pm
890
VIEWS
Share on FacebookShare on Twitter

কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত বিবিচিৰ প্ৰতিবেদনত তীব্ৰ আপত্তি জনাইছে কেন্দ্ৰই। বিবিচি ইণ্ডিয়াৰ মুৰব্বী জেকী মাৰ্টিনলৈ লিখা এখন পত্ৰত প্ৰকাশিত প্ৰতিবেদনত কিছুমান বিশেষ বাক্যাংশ ব্যৱহাৰ কৰাত আপত্তি প্ৰকাশ কৰিছে ভাৰত চৰকাৰে।

পত্ৰখনত লগতে উল্লেখ কৰা হৈছে যে অনাগত দিনত বিবিচিৰ প্ৰতিবেদনৰ ওপৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নিৰীক্ষণ অব্যাহত ৰাখিব।

যোৱা সপ্তাহত কাশ্মীৰৰ পেহেলগামত পাকিস্তানী সমৰ্থিত সন্ত্ৰাসবাদীয়ে পৰ্যটকক আক্ৰমণ কৰিছিল। অভিযোগ অনুসৰি সন্ত্ৰাসবাদীসকলে তেওঁলোকৰ ধৰ্মীয় পৰিচয় সুধি গুলীচালনা কৰে। এই ঘটনাত ২৬ জন লোকৰ মৃত্যু হয়।

কিন্তু বিবিচিৰ প্ৰতিবেদনত এই সন্ত্ৰাসবাদী আক্ৰমণক ‘উগ্ৰপন্থী আক্ৰমণ’ (মিলিটেন্ট এটেক) বুলি উল্লেখ কৰা হৈছে। ইয়াতেই কেন্দ্ৰৰ আপত্তি। কেন্দ্ৰই বিবিচিলৈ লিখা পত্ৰখনত উত্থাপন কৰা প্ৰশ্নটো হ’ল সন্ত্ৰাসবাদী আক্ৰমণক কিয় ‘টেৰ’ৰিষ্ট এটেক’ নকৈ ‘মিলিটেন্ট এটেক’ বুলি কোৱা হৈছে।

বিদ্ৰোহী গোটৰ যোদ্ধাক বুজাবলৈও ‘উগ্ৰপন্থী’ শব্দটো ব্যৱহাৰ কৰা হয়। এখন দেশত বহু গোটে চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰে। সশস্ত্ৰ আন্দোলনো কৰে। সাধাৰণতে সেই ক্ষেত্ৰত এই বাক্যাংশটো বেছি ব্যৱহাৰ কৰা হয়। কিন্তু এই ক্ষেত্ৰত কেন্দ্ৰই বিশ্বাস কৰে যে সন্ত্ৰাসবাদী বা টেৰ’ৰিষ্টৰ সলনি উগ্ৰপন্থী বা মিলিটেন্ট শব্দটো ব্যৱহাৰ কৰি আক্ৰমণৰ আঁৰৰ ষড়যন্ত্ৰক লঘু কৰি তোলা হৈছে। সেইবাবেই বিবিচিক চিপত্ৰ প্ৰেৰণ কৰি সকীয়াই দিয়া হৈছে।

আমেৰিকাৰ প্ৰসিদ্ধ বাতৰি কাকত দ্য নিউয়ৰ্ক টাইমছৰ বিৰুদ্ধেও একে অভিযোগ উত্থাপন হৈছে। এই আমেৰিকান সংবাদ মাধ্যমেও পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক ‘উগ্ৰপন্থী আক্ৰমণ’ বুলি উল্লেখ কৰিছে। অৱশ্যে হোৱাইট হাউছে এক্স হেণ্ডেলত পোষ্ট কৰি এই বিষয়ত দ্য নিউয়ৰ্ক টাইমছক সকীয়াই দিয়ে। উগ্ৰপন্থী শব্দৰ পৰিৱৰ্তে সন্ত্ৰাসবাদী শব্দটো ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে।

ইতিমধ্যে কেন্দ্ৰই ১৬টা পাকিস্তানী ইউটিউব চেনেল নিষিদ্ধ কৰিছে। সোমবাৰে পুৱা প্ৰকাশ কৰা হয় এই তালিকা। ইয়াৰ ভিতৰত আছে কেইবাটাও পাকিস্তানী সংবাদ মাধ্যমৰ ইউটিউব চেনেল। প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰ শ্বোৱেইব আখতাৰৰ ইউটিউব চেনেলটোও এই তালিকাত আছে।

কেন্দ্রই অভিযোগ কৰিছে যে সেই সকলোবোৰ চেনেলৰ পৰা ভাৰতৰ বিৰোধিতাক উচটনি দি পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিবলৈ চেষ্টা কৰা হৈছে৷ ইয়াৰ উপৰিও দেশৰ টিভি চেনেল আৰু নিউজ পৰ্টেলসমূহকো সেনাৰ গতিবিধিৰ সন্দৰ্ভত স্পৰ্শকাতৰ তথ্য প্ৰকাশৰ পৰা বিৰত থাকিবলৈ কেন্দ্ৰই নিৰ্দেশ দিছে।

Recent News

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd