NORTHEAST NOW (Assamese)

লজ্জাজনক! হংকঙত কোৰিয়ান পৰ্যটকক যৌন নিৰ্যাতনৰ চেষ্টা চলাই গ্ৰেপ্তাৰ ভাৰতীয় মূলৰ লোক

September 13, 2023 2:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 13, 2023 2:37 pm

হংকঙত দক্ষিণ কোৰিয়াৰ এগৰাকী পৰ্যটকক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে ভাৰতীয় মূলৰ এগৰাকী লোক। কোৰিয়ান পৰ্যটকগৰাকীয়ে ভ্ৰমণৰ লাইভ ষ্ট্ৰীমিং কৰি থকাৰ সময়তে কেমেৰাত বন্দী হোৱাৰ লগতে সম্প্ৰচাৰিত হয় এই লজ্জাজনক কাণ্ড।

প্ৰকাশিত খবৰ অনুসৰি, কোৰিয়ান মহিলাগৰাকী চেণ্ট্ৰেল এলেকাৰ এটা ট্ৰাম ষ্টপেজত ৰৈ থকাৰ সময়তে এগৰাকী অচিনাকি ব্যক্তি তেওঁৰ কাষলৈ আহে আৰু এটা ঠিকনাৰ বিষয়ে জানিবলৈ বিচাৰে। ইয়াৰ পিছতে দুয়োৰে মাজত সৌহাৰ্দ্যপূৰ্ণভাৱে কথা-বতৰা হয়।

কিন্তু কিছু সময় পিছতে পৰিস্থিতি অন্য ফালে ঢাল খায় আৰু ভাৰতীয় মূলৰ ব্যক্তিগৰাকীয়ে ইচ্ছাকৃতভাৱে কোৰিয়ান মহিলাগৰাকীৰ কাষ চাপি যায় আৰু তেওঁৰ সৈতে একেলগে যোৱাৰ প্ৰস্তাৱ দিয়ে।

তেওঁ অকলে থকা বুলি জানিবলৈ দি মহিলাগৰাকীক সংগ দিবলৈ প্ৰস্তাৱ দিয়াৰ লগতে মহিলাগৰাকীৰ শৰীৰত অশালীনভাৱে হাত ফুৰাবলৈ চেষ্টা কৰে।

এই পৰিস্থিতিত অস্বস্তিত পৰা মহিলাগৰাকীয়ে ব্যক্তিগৰাকীৰ প্ৰস্তাৱ নাকচ কৰাৰ লগতে নিজৰ দেহৰ পৰা ব্যক্তিগৰাকীৰ আঁতৰাই সেই স্থানৰ পৰা যাবলৈ চেষ্টা কৰে। কিন্তু ইয়াৰ পিছতো তেওঁক নিৰ্যাতনৰ চেষ্টা চলায় ব্যক্তিগৰাকীয়ে।

মহিলাগৰাকীক অনুসৰণ কৰি পিছে পিছে আহি থকা ব্যক্তিজনে হঠাতে তেওঁক বলপূৰ্বকভাৱে এখন বেৰত হেঁচা মাৰি ধৰে আৰু পুনৰ নিজকে অকলশৰীয়া বুলি জানিবলৈ দি লগত যাবলৈ দাবী কৰে।

এনে আতিশয্য বিফল কৰিবলৈ চেষ্টা চলাই মহিলাগৰাকী কান্দি উঠে যদিও অভিযুক্ত ব্যক্তিগৰাকীয়ে মহিলাগৰাকীৰ বুকুত ধৰি বলপূৰ্বক চুম্বন দিয়ে। উপায়ন্তৰ হৈ মহিলাগৰাকীয়ে সহায় বিচাৰি চিঞৰ লগোৱাৰ লগে লগে অভিযুক্তই পলায়ন কৰে।

এই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। একাংশ লোকে ভিডিঅ’টোত দেখা পোৱা অভিযুক্ত ব্যক্তিগৰাকীৰ নাম অমিত জাৰিয়াল বুলি দাবী কৰিছে।

স্থানীয় সংবাদ পত্ৰৰ এক প্ৰতিবেদন অনুসৰি, মঙলবাৰে কেনেডি টাউনৰ বেলচাৰছ ষ্ট্ৰীটত ওৱেটাৰ হিচাপে কৰ্মৰত এই ব্যক্তিগৰাকী আৰক্ষীয়ে কৰায়ত্ব কৰে আৰু অশ্লীল আক্ৰমণ আৰু শ্লীলতাহানিৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

ইফালে এই কাণ্ডৰ পিছত দক্ষিণ কোৰিয়াৰ পৰ্যটকগৰাকী মাকাউলৈ যায় আৰু আন এটা ভিডিঅ’ যোগে তেওঁৰ ওপৰত হোৱা এই নিৰ্যাতনৰ সময়ত আঘাত পোৱা স্থানসমূহ দেখুৱায়। আনহাতে এই ঘটনাই ভাৰতক লজ্জানত কৰা বুলি ক্ষোভ কৰিছে একাংশ ভাৰতীয়ই।

Related News