NORTHEAST NOW (Assamese)

ভূমিকম্প বিধ্বস্ত তুৰস্কত সন্ধানহীন ভাৰতীয় নাগৰিক: ১০ ভাৰতীয় আৱদ্ধ ভূমিকম্পপীড়িত চহৰত

February 8, 2023 8:34 pm · এন ই নাও নিউজ, গুৱাহাটী

ইটোৰ পিছত সিটোকৈ কালগ্ৰাসী ভূমিকম্পই মৃত্যু উপত্যকাত পৰিণত কৰা তুৰস্কত সন্ধানহীন হৈছে এগৰাকী ভাৰতীয় নাগৰিক। কৰ্মসংক্ৰান্তীয় কাৰণত তুৰস্ক ভ্ৰমণলৈ যোৱা ভাৰতীয় ব্যক্তিগৰাকী ভূমিকম্প বিধ্বস্ত দেশখনত নিৰুদ্দেশ হোৱা বুলি আজি চৰকাৰে প্ৰকাশ কৰে।

আনহাতে দেশখনৰ ভূমিকম্পপীড়িত আন অঞ্চলত দহগৰাকী ভাৰতীয় আৱদ্ধ হৈ আছে বুলিও চৰকাৰে সদৰী কৰিছে। অৱশ্যে আটাইকেইগৰাকী ব্যক্তি বৰ্তমান নিৰাপদ বুলি উল্লেখ কৰিছে বৈদেশিক মন্ত্ৰালয়ে। মন্ত্ৰালয়ে লগতে তুৰস্কত ৩ হাজাৰ ভাৰতীয় আছে বুলি জানিবলৈ দিয়ে।

পশ্চিমৰ বৈদেশিক সচিব সঞ্জয় ভাৰ্মাই জানিবলৈ দিয়া মতে তুৰস্কৰ আদানাত এটা কন্ট্ৰ’ল ৰুম স্থাপন কৰা হৈছে। “আক্ৰান্ত এলেকাৰ এক দুৰ্গম অঞ্চলত ১০ গৰাকী ভাৰতীয় আবদ্ধ হৈ আছে যদিও তেওঁলোক নিৰাপদ। ব্যৱসায়িক ভ্ৰমণত থকা এগৰাকী ভাৰতীয় নাগৰিক নিৰুদ্দেশ হৈছে।”- তেওঁ কয়।

ভাৰত চৰকাৰে নিৰুদ্দিষ্ট ব্যক্তিগৰাকীৰ পৰিয়াল আৰু তেওঁ কৰ্মৰত বেংগালুৰুস্থিত প্ৰতিষ্ঠানটোৰ সৈতে যোগাযোগ কৰিছে বুলি বৈদেশিক সচিব সঞ্জয় ভাৰ্মাই লগতে কয়।

ইফালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ভূমিকম্প বিধ্বস্ত ছিৰিয়ালৈ ভাৰতে চিকিৎসা সামগ্ৰী আৰু সা-সঁজুলি যোগান ধৰাৰ লগতে ‘অপাৰেচন ডষ্ট’ৰ অধীনত তুৰস্কলৈ অনুসন্ধান আৰু উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছে বুলি সদৰী কৰিছিল।

উল্লেখ্য যে, কেইবাটাও প্ৰবল ভূমিকম্পই কঁপাই তোলাৰ পিছত তুৰস্ক আৰু ছিৰিয়াত ১১ হাজাৰতকৈ অধিক লোকৰ মৃত্যু এইপৰ্যন্ত নিশ্চিত কৰা হৈছে। বৰ্তমানো উদ্ধাৰ অভিযান অব্যাহত আছে আৰু স্বাভাৱিকতেই নিহত লোকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

Related News