NORTHEAST NOW (Assamese)

আমেৰিকাত কৰ’নাত দুগৰাকী ভাৰতীয় চিকিৎসকৰ মৃত্যু; সম্পৰ্কত দুয়ো আছিল পিতৃ-কন্যা

May 9, 2020 8:55 am · এন ই নাও নিউজ
আমেৰিকাত কৰ'নাত মৃত চিকিৎসক পিতৃ-কন্যা সত্যেন্দৰ খান্না আৰু প্ৰিয়া খান্না। ফটো সৌজন্য: টুইটাৰ

আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ’না আক্ৰান্ত হৈ মৃত্যু হ’ল ভাৰতীয় বংশোদ্ভৱ দুগৰাকী চিকিৎসকৰ। সম্পৰ্কত দুয়ো আছিল পিতৃ-কন্যা।

আমেৰিকাৰ নিউ জাৰ্ছিত চিকিৎসক দুগৰাকীৰ মৃত্যু হয়।

কৰ’না আক্ৰান্ত ৰোগীক চিকিৎসা সেৱা আগবঢ়াই থকাৰ সময়তে তেওঁলোকো কৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছিল।

নিউ জাৰ্ছিৰ গৱৰ্ণৰ ফিল মাৰফিয়ে জনসেৱাৰ বাবে জীৱন উৎসৰ্গা কৰা চিকিৎসক দুগৰাকীৰ প্ৰশংসা কৰি টুইট কৰিছে।

তেওঁ লিখিছে: ‘’পিতৃ-কন্যাৰ এই মৃত্যু বেদনাদায়ক। আমাৰ বাবে শোক প্ৰকাশৰ কোনো ভাষা নাই।‘’

বাতৰি অনুসৰি, কৰ’নাত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা  ৭৮ বৰ্ষীয় সত্যেন্দৰ দেব খান্না আছিল এগৰাকী শল্য চিকিৎসক।

কেইবা দশক ধৰি খান্নাই নিউ জাৰ্ছিৰ বিভিন্ন হাস্পাতলত কাম কৰি আহিছিল। তেওঁ য়ুনিয়ন হাস্পাতলৰ সৈতেও জড়িত আছিল।

আনহাতে, তেওঁৰ কন্যা প্ৰিয়া খান্না (৪৩)ইন্টাৰনেল মেডিচিন তথা নেফ্ৰ’লজিৰ বিশেষজ্ঞ আছিল।

প্ৰিয়া খান্নাইও নিউ জাৰ্ছিতে পঢ়াশুনা সমাপ্ত কৰি চিকিৎসা সেৱাত ব্ৰতী হৈছিল।

সত্যেন্দৰ খান্না এগৰাকী আগশাৰীৰ চিকিৎসক থকাৰ উপৰি নিউ জাৰ্ছিত তেওঁৱেই প্ৰথম লেপাৰ’স্কপিক ছাৰ্জাৰী আৰম্ভ কৰিছিল।

জানিব পৰা মতে, চিকিৎসকগৰাকীৰ আৰু দুগৰাকী কন্যা সন্তান আছে আৰু তেওঁলোকো চিকিৎসক।

তেওঁলোকৰ এগৰাকী শিশু বিশেষজ্ঞ আৰু আন গৰাকী ইমাৰ্জেন্সী মেডিচিনৰ চিকিৎসক।

আমেৰিকাত নিউয়ৰ্কৰ দৰে নিউ জাৰ্ছিকো কৰ’নাৰ হটস্পট হিচাপে চিনাক্ত কৰা হৈছে।

Related News