• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ ছিংগাপুৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল ভাৰতীয় মূলৰ অৰ্থনীতিবিদ থাৰমান শানমুগাৰত্নম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 2, 2023 2:36 pm
ছিংগাপুৰৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ভাৰতীয় বংশোদ্ভুত অৰ্থনীতিবিদ থাৰমান শানমুগাৰত্নম। ফটো: সংগ্ৰহীত।

ছিংগাপুৰৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ভাৰতীয় বংশোদ্ভুত অৰ্থনীতিবিদ থাৰমান শানমুগাৰত্নম। ফটো: সংগ্ৰহীত।

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছিংগাপুৰৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে দেশখনৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা ভাৰতীয় বংশোদ্ভুত অৰ্থনীতিবিদ থাৰমান শানমুগাৰত্নম। তেওঁ ছিংগাপুৰৰ ৰাজনৈতিক দল পিপলছ একচন পাৰ্টি (পিএপি)ৰ প্ৰাক্তন নেতা। শুকুৰবাৰে নিশা ছিংগাপুৰৰ নিৰ্বাচন আয়োগে কয় যে ৬৬ বছৰীয়া থাৰমানে গণনা কৰা ভোটৰ ৭০.৪ শতাংশ ভোট লাভ কৰি জয়লাভ কৰিছে। থাৰমানে ছিংগাপুৰৰ নৱম ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিব।

ৰিটাৰ্নিং অফিচাৰ টান মেং ডুইয়ে কয়, ‘মই থাৰমান শানমুগাৰত্নমক ছিংগাপুৰৰ ৰাষ্ট্ৰপতি পদৰ বিজয়ী ঘোষণা কৰিছো। ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত হালিমা ইয়াকুব ক্ষমতালৈ আহিছিল। তেওঁ আছিল ছিংগাপুৰৰ অষ্টম আৰু প্ৰথম মহিলা ৰাষ্ট্ৰপতি।

১৯৫৭ চনৰ ২৫ ফেব্ৰুৱাৰীত ছিংগাপুৰত জন্মগ্ৰহণ কৰা থাৰমান ১৯ শতিকাত দেশখনলৈ অহা তামিল বংশৰ বহু প্ৰজন্মৰ ছিংগাপুৰবাসী। তিনিটা সন্তানৰ ভিতৰত অন্যতম থাৰমান হৈছে “চিংগাপুৰৰ পেথ’লজীৰ পিতৃ” নামেৰে পৰিচিত চিকিৎসা বিজ্ঞানী এমেৰিটাছ অধ্যাপক কে শানমুগাৰত্নমৰ পুত্ৰ, যিয়ে ছিংগাপুৰ কেন্সাৰ ৰেজিষ্ট্ৰী প্ৰতিষ্ঠা কৰিছিল আৰু কেন্সাৰ গৱেষণা আৰু পেথ’লজীৰ সৈতে জড়িত কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ নেতৃত্ব দিছিল।

Apply Now
ছিংগাপুৰৰ ৰাষ্ট্পতি নিৰ্বাচিত হোৱাৰ পিছত থাৰমান শানমুগাৰত্নম। ফটো: সংগ্ৰহীত।

ছিংগাপুৰৰ সামাজিক উদ্যোগ আৰু অলাভজনক কলা খণ্ডত সক্ৰিয়ভাৱে জড়িত চীন-জাপানী বংশৰ মিশ্ৰিত বংশৰ ছিংগাপুৰৰ অধিবক্তা জেন ইউমিকো ইট’গিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে থাৰমান। দম্পতীহালৰ এগৰাকী কন্যা আৰু তিনিজন পুত্ৰ সন্তান আছে।

লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা অৰ্থনীতি বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ পূৰ্বে থাৰমানে এংলো-চাইনিজ স্কুলত পঢ়িছিল। ইয়াৰ পিছত তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ উলফছন কলেজলৈ যায় আৰু তাৰ পৰাই অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

তাৰ পিছত তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ হাৰ্ভাৰ্ড কেনেডি স্কুলৰ ছাত্ৰ হয়, য’ত তেওঁ পাব্লিক এডমিনিষ্ট্ৰেচনত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে আৰু লুচিয়াছ এন লিটাউয়াৰ ফেল’ছ বঁটা (শৈক্ষিক উৎকৰ্ষতা আৰু নেতৃত্ব প্ৰদৰ্শন কৰা এমপিএ ছাত্ৰ-ছাত্ৰীক দিয়া) লাভ কৰে। .

ছিংগাপুৰৰ ৰাষ্ট্পতি নিৰ্বাচিত হোৱাৰ পিছত থাৰমান শানমুগাৰত্নম। ফটো: সংগ্ৰহীত।

পেছাত এজন অৰ্থনীতিবিদ থাৰমানে নিজৰ কৰ্মজীৱন মূলতঃ অৰ্থনৈতিক আৰু সামাজিক নীতিৰ সৈতে জড়িত জনসেৱাৰ ভূমিকাত কটায়। তেওঁ বিভিন্ন উচ্চ পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় পৰিষদ আৰু পেনেলৰো নেতৃত্ব দিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

August 25, 2026 6:08 pm
হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

August 25, 2026 5:10 pm
বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

August 25, 2026 6:08 pm
হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

August 25, 2026 5:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd