• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডেৰ মাহৰ ভিতৰত ব্ৰিটেইনত দ্বিতীয়টো ‘বৰ্ণবাদী আক্ৰমণ’ৰ ঘটনা; ধৰ্ষণৰ বলি ভাৰতীয় মূলৰ যুৱতী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 27, 2025 11:35 am
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ ব্ৰিটেইনত এক ভয়ানক ঘটনা সংঘটিত হৈছে। ভাৰতীয় মূলৰ এগৰাকী ২০ বছৰীয়া যুৱতী ধৰ্ষণৰ বলি হৈছে। ইয়াক এক ‘বৰ্ণবাদী আক্ৰমণ’ বুলি ধাৰণা কৰা হৈছে। সন্দেহযুক্ত এজন শ্বেতাংগ লোকক বিচাৰি উলিয়াবলৈ আৰক্ষীয়ে জৰুৰী আবেদন জনাইছে।

ৱেষ্ট মিডলেণ্ডছ আৰক্ষীৰ তদন্ত চোৰাংচোৱাৰ অধীক্ষক (ডি এছ) ৰ’নান টাইৰে দেওবাৰে কয় যে, “এয়া আছিল এগৰাকী যুৱতীৰ ওপৰত অতি ভয়ংকৰ আক্ৰমণ আৰু আমি অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ যথাসাধ্য চেষ্টা কৰি আছো।”

Apply Now

তেওঁ লগতে কয়, ‘আমাৰ বিষয়াৰ এটা দলে প্ৰমাণ সংগ্ৰহ কৰিছে আৰু আক্ৰমণকাৰীৰ প্ৰফাইল প্ৰস্তুত কৰি আছে যাতে তেওঁক অতি সোনকালে জিম্মাত আনিব পৰা যায়। বৰ্তমান আমি যদিও বিভিন্ন ধৰণে অনুসন্ধান চলাই আছো, তথাপি আমাৰ বাবে গুৰুত্বপূৰ্ণ যে সেই সময়ত অঞ্চলটোত কোনো ব্যক্তিয়ে সন্দেহজনক আচৰণ কৰা দেখিছিল আমি তেনেকুৱা কাৰোবাৰ পৰা বিষয়টো জানিব বিচাৰিছো। হ’ব পাৰে আপুনি সেই এলেকাৰে গাড়ী চলাই গৈছিল আৰু আপোনাৰ ওচৰত ডেশকম ফুটেজ আছে, বা আপোনাৰ হাতত এনে চিচিটিভি ফুটেজ আছে যিটো আমি উদ্ধাৰ কৰিব পৰা নাই। আপোনাৰ তথ্য আমাৰ তদন্তৰ বাবে অতি প্ৰয়োজনীয় হ’ব পাৰে।”

আৰক্ষীয়ে আক্ৰমণকাৰীক শ্বেতাংগ বুলি অভিহিত কৰিছে। অনুমান কৰা হৈছে যে তেওঁৰ বয়স আনুমানিক ৩০ বছৰৰ ভিতৰত, চুলি চুটি আৰু আক্ৰমণৰ সময়ত তেওঁ ক’লা কাপোৰ পিন্ধিছিল। আৰক্ষীয়ে এতিয়াও অধিক সবিশেষ নিশ্চিত কৰিব পৰা নাই।

স্থানীয় ৰাইজে দাবী কৰিছে যে যুৱতীগৰাকী এগৰাকী পাঞ্জাবী ছোৱালী। এই কাণ্ডই উদ্বেগ বৃদ্ধি কৰিছে। কাৰণ শেহতীয়া আক্ৰমণটো সংঘটিত হৈছে ওচৰৰ অল্ডবেৰী অঞ্চলত এগৰাকী ব্ৰিটিছ শিখ মহিলাক বৰ্ণবাদী নিৰ্যাতনৰ মাত্ৰ কেইসপ্তাহমানৰ পিছতে।

ডি এছ টাইৰে এক বিবৃতিত কয় যে, “এই পৰ্যায়ত আমি এই আক্ৰমণক আন কোনো অপৰাধৰ সৈতে জড়িত কৰা নাই।”

বাহিনীটোৰ পাব্লিক প্ৰটেকশ্যন ইউনিটৰ বিশেষজ্ঞ বিষয়া, স্থানীয় আৰক্ষী বিষয়া আৰু ফৰেনছিক বিষয়াই চিচিটিভিৰ ফুটেজ উদ্ধাৰ, প্ৰত্যক্ষদৰ্শীৰ সৈতে কথা পতা আৰু সন্দেহজনক চিনাক্তকৰণৰ কাম কৰি থকা বুলি জানিব পৰা গৈছে।

ৱালছল আৰক্ষীৰ মুখ্য অধীক্ষক ফিল ডলবীয়ে কয় যে তেওঁৰ দলৰ লক্ষ্য আছিল তদন্তকাৰীক অপৰাধীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাত সহায় কৰা। তেওঁ কয়, “ৱালছল এটা বৈচিত্ৰময় অঞ্চল, আৰু আমি জানো যে এই ভয়ংকৰ আক্ৰমণে আমাৰ সমাজত কিমান ভয় আৰু উদ্বেগ সৃষ্টি কৰিব। আমি আজি অঞ্চলটোৰ লোকসকলৰ সৈতে কথা পাতিছো, তেওঁলোকৰ উদ্বেগ বুজিবলৈ কথা পাতিছো আৰু অনাগত দিনত আৰক্ষীৰ উপস্থিতি বৃদ্ধি পাব।”

ব্ৰিটেইনৰ শিখ ফেডাৰেচনৰ মতে, “ৱালছালত বৰ্ণবাদী আক্ৰমণত ধৰ্ষণৰ বলি হোৱা হোৱা যুৱতীগৰাকী আছিল এগৰাকী পাঞ্জাবী মহিলা। আক্ৰমণকাৰীয়ে আপাত দৃষ্টিত তেওঁ থকা ঘৰটোৰ দুৱাৰখন ভাঙি পেলাইছিল… ৱেষ্ট মিডলেণ্ডছ আৰক্ষীয়ে যোৱা দুমাহত ২০ বছৰৰ তলৰ মহিলাক দুটাকৈ বৰ্ণবাদী ধৰ্ষণৰ তদন্ত কৰি আছে আৰু দায়ীসকলক জৰুৰীভাৱে ন্যায়ৰ ওচৰলৈ অনাৰ প্ৰয়োজন আছে।”

যোৱা মাহত অল্ডবেৰীত এগৰাকী ব্ৰিটিছ শিখ মহিলাক ধৰ্ষণ কৰা হৈছিল। তদন্ত অব্যাহত থকাৰ সময়তে বাহিনীটোৱে জামিনত মুকলি কৰি দিয়াৰ পূৰ্বে কেইবাজনো সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd