• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিউয়ৰ্কৰ নতুন মেয়ৰ হিচাপে জোহৰাণ মামদানীৰ ঐতিহাসিক শপত গ্ৰহণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 1, 2026 2:23 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় মূলৰ ডেম’ক্ৰেটিক নেতা জোহৰাণ মামদানীয়ে নিউয়ৰ্ক চহৰৰ ১১২ সংখ্যক মেয়ৰ হিচাপে শপত গ্ৰহণ কৰি এক নতুন ইতিহাস ৰচনা কৰিছে। বৃহস্পতিবাৰে মাজনিশা মানহাটানৰ এটা পৰিত্যক্ত ছাবমেট্ৰ’ ষ্টেচনত পবিত্ৰ কোৰআনক সাক্ষী কৰি তেওঁ এই পদৰ বাবে শপত লয়। নিউয়ৰ্কৰ এটৰ্নী জেনেৰেল লেটিচিয়া জেমছে তেওঁক শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণৰ সময়ত জোহৰাণৰ পত্নী ৰামা দুয়াজীয়ে হাতত কোৰআন লৈ তেওঁৰ কাষত থিয় হৈ আছিল। শপত লোৱাৰ পিছত দিয়া তেওঁৰ প্ৰথম বাৰ্তাত তেওঁ এই সুযোগক জীৱনৰ আটাইতকৈ ডাঙৰ সন্মান বুলি অভিহিত কৰে আৰু কয় যে চহৰখনৰ পৰম্পৰা ৰক্ষা কৰি তেওঁ নিউয়ৰ্কবাসীৰ সেৱাত ব্ৰতী হ’ব।

মামদানীয়ে শপত ল’বলৈ বাছনি কৰা এই পৰিত্যক্ত ছাবমেট্ৰ’ ষ্টেচনটোৰ এক বিশেষ গুৰুত্ব আছে। ১৯০৪ চনত নিউয়ৰ্কত মেট্ৰ’ সেৱা আৰম্ভ হোৱাৰ সময়ত যিবোৰ ১৮টা মূল ষ্টেচন নিৰ্মাণ কৰা হৈছিল, এই চিটি হল ষ্টেচনটো তাৰ ভিতৰৰে অন্যতম আছিল। পৰৱৰ্তী সময়ত প্ৰযুক্তিৰ পৰিৱৰ্তন আৰু জনসংখ্যা বৃদ্ধিৰ বাবে এই ষ্টেচনটো বন্ধ কৰি দিয়া হৈছিল যদিও আজিও ই চহৰখনৰ ঐতিহ্যৰ প্ৰতীক হিচাপে বিবেচিত হয়। মামদানীৰ মতে, এই ষ্টেচনটোৱে নিউয়ৰ্কৰ শ্ৰমজীৱী মানুহৰ পৰিশ্ৰম আৰু চহৰখনৰ ইতিহাসক প্ৰতিফলিত কৰে, সেয়েহে ইয়াৰ অৱদানক সন্মান জনাই তেওঁ এই ঐতিহাসিক স্থানত শপত লোৱাৰ সিদ্ধান্ত লয়।

Apply Now

নিউয়ৰ্কৰ ইতিহাসত যোৱা ১০০ বছৰৰ ভিতৰত মামদানীয়েই হৈছে আটাইতকৈ কম বয়সীয়া মেয়ৰ। মাত্ৰ ৩৪ বছৰ বয়সতে এই গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰা তেওঁ হ’ল নিউয়ৰ্কৰ প্ৰথমজন মুছলমান মেয়ৰ। নিৰ্বাচনৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পৰ দৰে শক্তিশালী নেতাৰ তীব্ৰ বিৰোধিতা আৰু উপহাসৰ সন্মুখীন হৈছিল যদিও নিউয়ৰ্কৰ জনসাধাৰণে তেওঁৰ ওপৰত আস্থা প্ৰকাশ কৰে। নিৰ্বাচনত জয়ী হোৱাৰ পিছত অৱশ্যে মামদানীয়ে ট্ৰাম্পৰ সৈতে সাক্ষাৎ কৰি এক সৌজন্যমূলক সম্পৰ্কৰ ইংগিত দিছে, যিটোৱে বৰ্তমান সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

উগাণ্ডাৰ কাম্পালাত জন্মগ্ৰহণ কৰা মামদানীৰ শিপা ভাৰতৰ সৈতে গভীৰভাৱে জড়িত। তেওঁৰ পিতৃ মাহমুদ মামদানী এগৰাকী বিখ্যাত সাহিত্যিক আৰু মাতৃ হ’ল বিশ্ববিখ্যাত চলচ্চিত্ৰ পৰিচালক মীৰা নাইৰ। বৰ্তমান কুইন্সৰ বাসিন্দা জোহৰাণে তাত বসবাস কৰা বাংলাদেশীসকলৰ সৈতে মিলি বাংলা ভাষাও আয়ত্ত কৰিছে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁক বাংলা ভাষাত কথা কোৱা দেখা গৈছিল আৰু তেওঁ বিশেষকৈ সস্তীয়া খাদ্য, কাপোৰ আৰু বাসগৃহৰ দৰে মৌলিক সা-সুবিধাৰ প্ৰতিশ্ৰুতিৰে জনসাধাৰণৰ মন জয় কৰিবলৈ সক্ষম হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd