মৰ্মান্তিক! লণ্ডনত অধ্যয়ন কৰিবলৈ যোৱা ভাৰতীয় যুৱতীৰ অকালতে কৰুণ পৰিণতি

ফটোঃ সংগ্ৰহীত।

এইবাৰ লণ্ডনত উদ্ধাৰ এগৰাকী ভাৰতীয় যুৱতীৰ মৃতদেহ। যোৱা সপ্তাহত সংঘটিত হৈছিল এই ঘটনা। জানিব পৰা মতে এই ৩৩ বছৰীয়া যুৱতীগৰাকী আছিল চেন্ট্ৰেল লণ্ডনৰ বাসিন্দা। চিয়েষ্টা কোচাৰ নামৰ এই যুৱতীগৰাকীয়ে চাইকেলেৰে ঘৰলৈ উভতি অহাৰ সময়তে তেওঁ এক ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হয়। ট্ৰাকৰ তলত সোমাই চেপা খাই কৰুণ মৃত্যুক সাৱটি লয়।

ইয়াৰ পূৰ্বে চিয়েষ্টাই নিটি আয়োগত কাম কৰিছিল। শেহতীয়াকৈ তেওঁ লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা ‘বিহেভিয়াৰেল ছায়েন্স’ত পি এইচ ডি কৰি আছিল।

চিয়েষ্টা অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ডাঃ এছ পিৰ কন্যা। কেৱল সেয়াই নহয়, তেওঁৰ পিতৃ চেলুলাৰ অপাৰেটৰ এছ’চিয়েশ্যন অৱ ইণ্ডিয়া (চিঅ’এআই)ৰ সঞ্চালক প্ৰধান আছিল।

লগতে পঢ়কঃ বিষপান, তেজ বমি; নিৰ্বাচনৰ পূৰ্বে গুৰুতৰভাৱে অসুস্থ হৈ হাস্পাতালত টিকট বঞ্চিত সাংসদ!

কন্যাৰ অকাল মৃত্যুত চিয়েষ্টাৰ পিতৃ শোকত ভাগি পৰিছে। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, ‘১৯ মাৰ্চত তেওঁ লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা চাইকেলেৰে উভতি আহিছিল। তাৰ পিছতে ট্ৰাকৰ সৈতে খুন্দা মাৰে। এই ঘটনাত আমি আৰু তেওঁৰ বন্ধুসকল মৰ্মাহত হৈ পৰিছো। তেওঁৰ সৈতে আপোনাৰ কিবা স্মৃতি থাকিলে নিঃসংকোচে শ্বেয়াৰ কৰিব পাৰে। তাৰ বাবে লিংকটো তলত দিয়া হ’ল।’

লণ্ডনৰ এখন বাতৰি কাকতৰ মতে, ১৯ মাৰ্চৰ নিশা প্ৰায় ৮.৩০ বজাত এই ঘটনা সংঘটিত হৈছিল। দুৰ্ঘটনাৰ পিছতে ফেৰিংডন আৰু ক্লাৰ্কেনৱেলৰ আৰক্ষী আৰু পেৰামেডিকেলৰ লোক ঘটনাস্থলীত উপস্থিত হয়। তেওঁলোকে চিয়েষ্টাক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰে।

লগতে পঢ়কঃ IPL 2024: খেল দেখুৱালে ৰোহিতে, অভিষেকতে ব্যৰ্থ অধিনায়ক হাৰ্দিক; মুম্বাইক হৰুৱালে গীলৰ গুজৰাটে

মেট্ৰপলিটান আৰক্ষীয়ে জনোৱা মতে, গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতে চিয়েষ্টাক জৰুৰীকালীন সেৱালৈ লৈ যোৱা হয়। অৱশ্যে ৩৩ বছৰীয়া যুৱতীগৰাকীয়ে ঘটনাস্থলীতে শেষ নিশ্বাস ত্যাগ কৰে।

আৰক্ষীয়ে লগতে জনোৱা মতে, ট্ৰাকখনৰ চালকজনে ঘটনাস্থলীত ৰৈ বৰ্তমান আৰক্ষীক তেওঁলোকৰ সোধা-পোছাত সহায় কৰিছে। এই গোচৰত এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। আৰক্ষী বিষয়াসকলে দুৰ্ঘটনাটোৰ প্ৰত্যক্ষদৰ্শীসকলক  আগবাঢ়ি আহিবলৈ আবেদন জনাইছে।

নিটি আয়োগৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তে ছ’চিয়েল মিডিয়াত চিয়েষ্টাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ লিখিছে, ‘চিয়েষ্টা কোচাৰে মোৰ সৈতে নিটি আয়োগত LIFE কাৰ্যসূচীত কাম কৰিছিল। তেওঁ Nudge ইউনিটত আছিল আৰু তাৰ পিছত লণ্ডন স্কুল অৱ ইকনমিক্সত ‘বিহেভিয়াৰেল ছায়েন্স’ত পি এইচ ডি কৰি আছিল। লণ্ডনত চাইকেল চলাই থকা অৱস্থাত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হয়। বৰ খৰধৰকৈ গুচি গ’ল।’