• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2024: খেল দেখুৱালে ৰোহিতে, অভিষেকতে ব্যৰ্থ অধিনায়ক হাৰ্দিক; মুম্বাইক হৰুৱালে গীলৰ গুজৰাটে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 25, 2024 8:06 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাট টাইটানছ বনাম হাৰ্দিক পাণ্ডিয়াৰ মুম্বাইৰ খেলখনত জয়লাভ কৰিলে নতুন অধিনায়ক শুভমান গীলে। ছাই সুদৰ্শন (৪৫)ৰ লগতে তেওঁৱো দলৰ হৈ যিদৰে গুৰুত্বপূৰ্ণ ৰান (৩১) কৰিলে, সেইদৰে অধিনায়ক হিচাপেও যুৱ অধিনায়কগৰাকীয়ে দাঙি ধৰিলে উজ্জ্বল প্ৰদৰ্শন।

হোলী উৎসৱৰ প্ৰাকক্ষণত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত জয়ৰ ফাকু উৰুৱালে শুভমনে। মুম্বাইৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মা (৪৩) আৰু দেৱাল্ড ব্ৰেভিছ (৪৬)ৰ যুঁজখন কামত নাহিল। অন্তিম অভাৰত ৰুদ্ধশ্বাস যুঁজত ৬ ৰানত পৰাস্ত হয় মুম্বাই।

গুজৰাট টাইটানছৰ বিৰুদ্ধে হাই ভল্টেজ মেচত টছত জয়লাভ কৰি মুম্বাই ইণ্ডিয়ানছৰ নতুন অধিনায়ক হাৰ্দিক পাণ্ডিয়াই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। দেওবাৰে দৰ্শকেৰে ভৰি পৰিছিল মোডী ষ্টেডিয়াম।

Apply Now
ফটো সৌজন্যঃ আইপিএল।

আই পি এলৰ যিকোনো মেচ আকৰ্ষণীয়। এইবাৰৰ আই পি এলত গুজৰাট আৰু মুম্বাইৰ মাজত অধিনায়ক সলনিৰ সন্দৰ্ভত এলানি নাটক দেখা গৈছে। গুজৰাটৰ সফল অধিনায়কগৰাকীয়ে মুম্বাইৰ দায়িত্ব লৈছে। ফলত ৰোহিতে অধিনায়কৰ পদৰ পৰা আঁতৰিছে। আনহাতে, হাৰ্দিকৰ বাবেই গীল গুজৰাটৰ নতুন অধিনায়ক। ইয়াতকৈ ডাঙৰ নাটকীয় মুহূৰ্ত কি আছে?

অধিনায়কৰ ‘লিডিং ফ্ৰম ফ্ৰন্ট’ ষ্টাইলত মুম্বাইৰ হৈ বলিং মুকলি কৰে হাৰ্দিকে। যদিও সফল নহ’ল। মেচখনত তেওঁ তিনিটা অভাৰত ৩০ ৰান দিয়ে। বিনিময়ত এটাও উইকেট নাপালে। যশপ্ৰীত বুমৰাহ মুম্বাইৰ ত্ৰাণকৰ্তা হৈ পৰিল। যদিও হাৰ্দিকে এটা মূৰত ৰান দিছিল, কিন্তু আনটো মূৰত বুমৰাহ অহাত গুজৰাটৰ ৰানৰ গতি লেহেমীয়া হৈছিল। তেওঁ চাৰি অভাৰত ১৪ ৰানত তিনিটা উইকেট দখল কৰে। স্পীনাৰ পীয়ুষ চাওলাই যোগ্য সংগ দিয়ে। তিনি অভাৰত ৩১ ৰান দি এটা উইকেট দখল কৰে।

ফটো সৌজন্যঃ আইপিএল।

গুজৰাটৰ হৈ ৰিদ্ধিমান সাহা আৰু শুভমনে সামগ্ৰিকভাৱে ভাল আৰম্ভণি কৰিছিল। ১৫টা বলত ১৯ ৰান সংগ্ৰহ কৰি আউট হয় উইকেটকীপাৰ সাহা। পিছত ছাই সুদৰ্শনে গুজৰাটৰ দায়িত্ব মূৰ পাতি লয়। তেওঁ ৪৫ ৰান সংগ্ৰহ কৰে। অধিনায়ক গীলে গুৰুত্বপূৰ্ণ ৩১ ৰান সংগ্ৰহ কৰে। শেষত ৰাহুল টিওটিয়াই পোন্ধৰটা বলত ২২ ৰান কৰি গুজৰাটক ২০ অভাৰত ১৬৮ ৰানলৈ লৈ যায়।

ফটো সৌজন্যঃ আইপিএল।

টী-২০ৰ আক্ৰমণাত্মক শৈলীত মুম্বাইয়ে ১২০টা বলত ১৬৯ ৰানৰ লক্ষ্যও অতিক্ৰম কৰিব নোৱাৰিলে। আৰম্ভণিতে দুটা উইকেটৰ পতনৰ বাহিৰে মেচখন মুম্বাইৰ ফালেই ঢাল খাইছিল। অধিনায়কত্ব হেৰুৱালেও আকৰ্ষণীয় ফৰ্মত ৰোহিত। সাৱলীলভাৱেই ৰাণ কৰিছিল ৰোহিতে। ভাৰতীয় অধিনায়কগৰাকীৰ সৈতে আছিল ইমপেক্ট ক্ৰিকেটাৰ হিচাপে নমা ডেৱাল্ড ব্ৰেভিছ।

ৰোহিতে ২৯টা বলত ৪৩ ৰানৰ উজ্জ্বল ইনিংছ খেলিছিল যদিও তেওঁ ছাই কিশোৰৰ বলত এল বি ডব্লিউ হয়। আনহাতে, ব্ৰেভিছেও ৪৬ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি যায়। ইয়াৰ ফলত সহজ লক্ষ্যও হঠাতে কঠিন হৈ পৰে। অৱশ্যে কৃতিত্ব দিবই লাগিব গুজৰাটৰ অধিনায়ক আৰু তেওঁৰ শৃংখলিত বলিং বাহিনীক।

ফটো সৌজন্যঃ আইপিএল।

সংক্ষিপ্ত স্কোৰঃ

গুজৰাট টাইটানছ : ১৬৮/৬ (ছাই সুদৰ্শন-৪৫, শুভমন গীল-৩১)

মুম্বাই ইণ্ডিয়ানছঃ ১৬২/৯ (ৰোহিত-৪৩, ব্ৰেভিছ-৪৬) ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd