• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 1, 2025 2:56 pm
138
VIEWS
Share on FacebookShare on Twitter

ৰে’লৰ ভাড়া বৃদ্ধিৰ কথা ঘোষণা কৰিছে ভাৰতীয় ৰে’লৱেই। সোমবাৰে ভাৰতীয় ৰে’ল মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কয় যে ১ জুলাই মঙলবাৰৰ পৰা নন-এচি মেইল ​​আৰু এক্সপ্ৰেছ ৰে’লৰ ভাড়া প্ৰতি কিলোমিটাৰত এক পইচা বৃদ্ধি কৰাৰ লগতে এচি ক্লাছৰ ভাড়া প্ৰতি কিলোমিটাৰত দুপইচা বৃদ্ধি কৰা হৈছে।

ইয়াৰ পূৰ্বে মন্ত্ৰালয়ৰ এজন বিষয়াই ২৪ জুনত প্ৰস্তাৱিত ভাড়া পুনৰীক্ষণৰ ইংগিত দিছিল। সোমবাৰে ৰে’ল আৰু শ্ৰেণী অনুসৰি ভাড়া তালিকাৰ সৈতে চৰকাৰী অধিসূচনা প্ৰকাশ কৰা হয়।

 দৈনিক যাত্ৰীৰ সুবিধাৰ্থে উপনগৰীয়া ৰে’লৰ ভাড়া আৰু মাহেকীয়া ছিজন টিকটৰ ভাড়া অপৰিৱৰ্তিত ৰখা হৈছে। ৫০০ কিলোমিটাৰ পৰ্যন্ত সাধাৰণ দ্বিতীয় শ্ৰেণীৰ ভাড়া বৃদ্ধি কৰা হোৱা নাই। ইয়াৰ ওপৰৰ দূৰত্বৰ বাবে প্ৰতি কিলোমিটাৰত আধা পইচা টিকটৰ মূল্য বৃদ্ধি কৰা হৈছে।

অৰ্থাৎ ৫০১ৰ পৰা ১৫০০ কিলোমিটাৰ দূৰত্বৰ বাবে ৫ টকা, ১৫০১ৰ পৰা ২৫০০ কিলোমিটাৰ দূৰত্বৰ বাবে ১০ টকা আৰু ২৫০১ৰ পৰা ৩০০০ কিলোমিটাৰ দূৰত্বৰ বাবে ১৫ টকা বৃদ্ধি পাব।

একেদৰে শ্লিপাৰ ক্লাছ আৰু ফাৰ্ষ্ট ক্লাছ (জেনেৰেল)ৰ ভাড়াও প্ৰতি কিলোমিটাৰত আধা পইচা বৃদ্ধি কৰা হ’ব। নন-এচি মেইল ​​আৰু এক্সপ্ৰেছ ৰে’লৰ ছেকেণ্ড ক্লাছ, শ্লিপাৰ ক্লাছ আৰু ফাৰ্ষ্ট ক্লাছৰ ভাড়া প্ৰতি কিলোমিটাৰত এক পইচা বৃদ্ধি কৰা হ’ব। এচি চেয়াৰ কাৰ, এচি থ্ৰী-টাইয়াৰ, এচি টু-টাইয়াৰ আৰু এচি ফাৰ্ষ্ট ক্লাছ (এক্সিকিউটিভিটি ক্লাছ আৰু ইএকে ধৰি)কে ধৰি এচি ক্লাছৰ ভাড়া প্ৰতি কিলোমিটাৰত দুপইচা বৃদ্ধি কৰা হ’ব।

এই সংশোধিত ভাড়াৰ গাঁথনি তেজস ৰাজধানী, ৰাজধানী, শতাব্দী, দুৰন্ত, বন্দে ভাৰত, হামছফৰ, অমৃত ভাৰত, মহামনা, গতিমান, অন্ত্যোদয়, গৰিব ৰথ, জন শতাবদী, যুৱ এক্সপ্ৰেছকে ধৰি প্ৰিমিয়াম আৰু ছেমি প্ৰিমিয়াম ৰেল সেৱাৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।

ৰিজাৰ্ভেশ্যন চাৰ্জ, ছুপাৰফাষ্ট চাৰচাৰ্জ বা অন্যান্য আকস্মিক মাচুলৰ কোনো পৰিৱৰ্তন নহ’ব। যিবোৰ প্ৰযোজ্য অনুসৰি পৃথকে পৃথকে আৰোপ কৰা হ’ব। পুৰণি নিৰ্দেশনা অনুসৰি সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) অব্যাহত থাকিব।

যিসকলে নিয়মিতভাৱে কাৰ্যালয় বা বিদ্যালয়লৈ যাবলৈ এম এছ টি ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে ১ জুলাইৰ পিছতো ভাড়া অপৰিৱৰ্তিত থাকিব। এয়া লাখ লাখ যাত্ৰীৰ বাবে এক বৃহৎ সকাহ।

ভাড়া বৃদ্ধিৰ সমান্তৰালকৈ ৰে’লৱেই তৎকাল টিকট বুকিংৰ নিয়মো কটকটীয়া কৰি তুলিছে। ১ জুলাইৰ পৰা আই আৰ চি টি চিৰ ৱেবছাইট বা মোবাইল এপৰ জৰিয়তে কেৱল আধাৰ পৰীক্ষিত যাত্ৰীসকলেহে তৎকাল টিকট বুকিং কৰিব পাৰিব। ১৫ জুলাইৰ পৰা তৎকাল বুকিং প্ৰক্ৰিয়াৰ সময়ত অ’টিপি ভিত্তিক আধাৰ পৰীক্ষণ বাধ্যতামূলক হ’ব। এই পদক্ষেপৰ লক্ষ্য হৈছে স্বচ্ছতা বৃদ্ধি আৰু প্ৰৱঞ্চনামূলক বুকিং হ্ৰাস কৰা।

ৰে’লৱে যাত্ৰাৰ আঠ ঘণ্টা পূৰ্বে চূড়ান্ত ৰিজাৰ্ভেশ্যন চাৰ্ট তৈয়াৰ কৰাৰ কামো কৰি আছে, যিটো ৰে’ল যাত্ৰাৰ চাৰি ঘণ্টা পূৰ্বে আছিল। ইয়াৰ দ্বাৰা অপেক্ষাৰ তালিকাত থকা যাত্ৰীসকলে লাভৱান হ’ব বুলি আশা কৰা হৈছে কাৰণ ইয়াৰ দ্বাৰা তেওঁলোকৰ টিকট অনিশ্চিত হ’লে বিকল্প পৰিকল্পনা কৰিবলৈ অতিৰিক্ত সময় পাব।

Recent News

গুজৰাটত ভাঙি পৰিল আনন্দ আৰু পাদ্ৰা সংযোগী দলং : মাহী নদীত ৩ জনৰ সলিল সমাধি

গুজৰাটত ভাঙি পৰিল আনন্দ আৰু পাদ্ৰা সংযোগী দলং : মাহী নদীত ৩ জনৰ সলিল সমাধি

এমাজনৰ পৰা ক্ৰয় কৰা হৈছিল পুলৱামা আক্ৰমণৰ বিস্ফোৰক : পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

এমাজনৰ পৰা ক্ৰয় কৰা হৈছিল পুলৱামা আক্ৰমণৰ বিস্ফোৰক : পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

নাবালিকা কন্যাক বাৰম্বাৰ ধৰ্ষণ পিতৃৰ : ৰে’লতে প্ৰসৱ, নৱজাতকক এৰি পলায়ন পৰিয়ালৰ

নাবালিকা কন্যাক বাৰম্বাৰ ধৰ্ষণ পিতৃৰ : ৰে’লতে প্ৰসৱ, নৱজাতকক এৰি পলায়ন পৰিয়ালৰ

যৌনকৰ্মী বাস কৰা এলেকাত থকা শিশু তথা পশু কল্যাণৰ বাবে ৭৫,০০০ টকাৰ অনুদান অৰ্চিতা ফুকনৰ

যৌনকৰ্মী বাস কৰা এলেকাত থকা শিশু তথা পশু কল্যাণৰ বাবে ৭৫,০০০ টকাৰ অনুদান অৰ্চিতা ফুকনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd