• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৱালমাৰ্ট-ফ্লিপকাৰ্টে খুচুৰা ব্যৱসায়ীলৈ মাতিছে বিপদ!! ২৮ ছেপ্তেম্বৰত ‘ভাৰত ব্যাপাৰ বন্ধ’ৰ আহ্বান

অসমত নেতৃত্ব দিব বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীয়ে

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
September 25, 2018 10:11 pm
খুচুৰা ব্যৱসায়ীসকলৰ ভৱিষ্যতক লৈ সন্দিহান কনফেডাৰেইশ্যন অব অল ইণ্ডিয়া ট্ৰেডাৰছৰ অসমৰ বিষয়ববীয়াৰ সংবাদমেল।

খুচুৰা ব্যৱসায়ীসকলৰ ভৱিষ্যতক লৈ সন্দিহান কনফেডাৰেইশ্যন অব অল ইণ্ডিয়া ট্ৰেডাৰছৰ অসমৰ বিষয়ববীয়াৰ সংবাদমেল।

610
VIEWS
Share on FacebookShare on Twitter

 

বহুজাতিক ব্যৱসায়িক প্ৰতিষ্ঠান ৱালমাৰ্ট আৰু ফ্লিপকাৰ্টৰ আগ্ৰাসনত বাৰুকৈয়ে শংকিত হৈ পৰিছে ভাৰতৰ খুচুৰা ব্যৱসায়ীসকল। খুচুৰা ব্যৱসায়ীসকলৰ সৰ্বভাৰতীয় সংস্থা কনফেডাৰেইশ্যন অব অল ইণ্ডিয়া ট্ৰেডাৰছে এই বিষয়টো চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ আন্দোলনৰ পথ বাছি লৈছে।

এই উদ্দেশ্যে অহা ২৮ ছেপ্তেম্বৰত সংস্থাটোৱে ‘ভাৰত ব্যাপাৰ বন্ধ’ৰ কাৰ্যসূচী হাতত লোৱা বুলি জানিবলৈ দিছে। এই কাৰ্যসূচীৰ প্ৰতি অসমৰ প্ৰায় ৪০টাকৈ ব্যৱসায়িক সংস্থাই সমৰ্থন আগ বঢ়াইছে।

মন কৰিব লগীয়া যে কনফেডাৰেইশ্যন অব অল ইণ্ডিয়া ট্ৰেডাৰছৰ উপ-সভাপতিৰ পদত আছে অসম বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামী।

এই ‘ভাৰত ব্যপাৰ বন্ধ’ সম্পৰ্কে মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল পাতি কনফেডাৰেইশ্যন অব অল ইণ্ডিয়া ট্ৰেডাৰছে জানিবলৈ দিয়ে। এই সংবাদমেল সম্বোধন কৰে শাসনাধিষ্ঠ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ তথা কনফেডাৰেইশ্যন অব অল ইণ্ডিয়া ট্ৰেডাৰছৰ উপ-সভাপতি ৰূপম গোস্বামীয়ে।

গোস্বামীয়ে কয়, “এই বিষয়টো কেৱল ব্যৱসায়ীসকলৰ স্বাৰ্থতেই নহয়, সৰ্বসাধাৰণৰ স্বাৰ্থ জড়িত আছে। ৱালমাৰ্ট পৃথিৱীৰ এটা বৃহৎ কোম্পানি আৰু এই কোম্পানিয়ে খুচুৰা খণ্ডত ব্যৱসায় কৰে। ইপিনে ভাৰতৰ Foreign Direct Investment-ৰ খুচুৰা খণ্ডই ভাৰতত ৱালমাৰ্টক ব্যৱসায় কৰাৰ অনুমতি দিয়া নাই। তৎসত্ত্বেও ফ্লিপকাৰ্টৰ লগত চুক্তিৰ জৰিয়তে একত্ৰিতভাৱে ৱালমাৰ্টে ভাৰতৰ বজাৰত পিছ দুৱাৰেদি সোমাব বিচাৰিছে। এই কাৰ্যৰ আমি বিৰোধিতা কৰিছো।”

তেওঁ কয় যে ভাৰতৰ প্ৰায় ৭ কোটি লোক খুচুৰা খণ্ডৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জডিত। কিন্তু খুচুৰা খণ্ডত ১০০ শতাংশই প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ ফলত দেশখনৰ অসংগঠিত খুচুৰা খণ্ডই দুৰ্ভোগ ভুগিব লগীয়া হ’ব।

“এনে অনলাইন ব্যৱসায় চলোৱা কোম্পানিয়ে জোতা-মোজা, কাপোৰ, খাদ্য সামগ্ৰীকে ধৰি আলপিনৰ পৰা গাড়ীলৈকে ব্যৱসায় কৰে। এই কোম্পানিয়ে ভাৰতত খোপনি পোতাৰ ফলত সাধাৰণ খুচুৰা ব্যৱসায়ীসকল সংকটত পৰিছে”, ৰূপম গোস্বামীয়ে কয়।

ৱালমাৰ্টে প্ৰথম অৱস্থাত গ্ৰাহকক ৰেহাই মূল্যত সামগ্ৰী বিক্ৰী কৰিব যদিও যেতিয়াই কোম্পানিটো একচেটীয়া হৈ পৰিব তেতিয়াই সামগ্ৰীৰ দাম বঢ়াব বুলিও গোস্বামীয়ে মন্তব্য কৰে। লগতে এয়া ‘ইষ্ট ইণ্ডিয়া কোম্পানি’’ৰ দ্বিতীয় সংস্কৰণ বুলিও গোস্বামীয়ে অভিহিত কৰে।

তাৎপৰ্যপূৰ্ণ যে, দেশত শাসনত থকা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে বিদেশী বিনিয়োগৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি অহাৰ বিপৰীতে বৈদেশিক বিনিয়োগে সমস্যাত পেলাইছে খুচুৰা ব্যৱসায়ীসকলক। এই কথা খুচুৰা ব্যৱসায়ী সকলৰ প্ৰতিবাদী কাৰ্যসূচীৰ সিদ্ধান্তই প্ৰমাণ কৰিছে।

ইপিনে, এই প্ৰতিবাদৰ নেতৃত্ব দিছে খুচুৰা ব্যৱসায়ীসকলৰ উমৈহতীয়া সংস্থা কনফেডাৰেইশ্যন অব অল ইণ্ডিয়া ট্ৰেডাৰছে, যাৰ উপ-সভাপতিৰ দায়িত্বত আছে শাসনাধিষ্ঠ বিজেপিৰ অসমৰ মুখপাত্ৰ ৰূপম গোস্বামী।

গোস্বামীয়ে বৃহৎ ব্যৱসায়িক কোম্পানিসমুহৰ সমানে ভাৰতৰ খুচুৰা ব্যৱসায়ীসকলে যাতে অসুবিধা নোহোৱাকৈ ব্যৱসায় কৰি জীয়াই থকিব পাৰে তাৰ ব্যৱস্থা সুনিশ্চিত কৰাৰ দাবী জনায়।

অৱশ্যে তেওঁ কয়, “আমি চৰকাৰৰ বিপক্ষত নহয়। কিন্তু ৱালমাৰ্টৰ দৰে কোম্পানিয়ে যে পিছ দুৱাৰেদি ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে সেই কথা আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো।”

ৱালমাৰ্ট আৰু ফ্লিপকাৰ্টৰ মাজৰ চুক্তিও চৰকাৰক হস্তক্ষেপ কৰি বাতিল কৰিবলৈও তেওঁ দাবী জনায়।

আজিৰ এই সংবাদমেলত অসম চেম্বাৰ অব কমাৰ্চ, কামৰূপ চেম্বাৰ অব কমাৰ্চ, নৰ্থ ইষ্টাৰ্ন গাৰ্মেন্টছ ট্ৰেডাৰ্ছ এছ’চিয়েশ্যন আদি বহুকেইটা ব্যৱসায়িক সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd