যুদ্ধই ধ্বংসস্তুপত পৰিণত কৰা ইউক্ৰেইনৰ পৰা প্ৰাণৰক্ষাৰ বাবে পোলেণ্ড অভিমুখে যাত্ৰা কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে মুখামুখী হ’বলগীয়া হৈছে চৰম দুৰ্যোগৰ।
ইউক্ৰেইনে দেশ খনৰ সকলো বিমান বন্দৰ বন্ধ কৰি দিয়াৰ পিছতে ভাৰত চৰকাৰৰ ফালৰ পৰা বিকল্প পথেৰে ভাৰতীয় লোকসকলক দেশলৈ ওভতাই অনাৰ প্ৰক্ৰিয়া চলি আছে।
সেইমৰ্মে বহু ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে সৰু গাড়ীৰে অথবা খোজকাঢ়িয়েই পোলেণ্ড অভিমুখে যাত্ৰা কৰিছিল।
কিন্তু পোলেণ্ডৰ সীমান্তত দেশ খনৰ সেনাই ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত নিৰ্যাতন চলোৱাৰ বাতৰি আহিছে।
একাংশ ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ কৰিছে যে পোলেণ্ড সীমান্তৰ ওচৰত ৰৈ থকা সৈনিকসকলে তেওঁলোকক ইউক্ৰেইনলৈ ঘূৰাই পঠিয়াব বিচাৰিছে।
ইউক্ৰেইনৰ লভিভ আৰু টাৰ্নোপিল চহৰৰ পৰা টেক্সি আৰু বাছেৰে যোৱা শিক্ষাৰ্থীসকলক শ্বেহিনি-মেডিকা সীমান্তত পোলেণ্ডৰ সেনাই বাধা প্ৰদান কৰে।
সেনাই শিক্ষাৰ্থীসকলক পোলেণ্ডত প্ৰৱেশ কৰিবলৈ দিয়া নাই বুলিও বহু শিক্ষাৰ্থীয়ে অভিযোগ কৰিছে।
ভাৰতীয় শিক্ষাৰ্থীসকলক সীমান্তৰ পৰা খেদি পঠিয়াবলৈ পোলেণ্ডৰ সেনাই শূন্যলৈ গুলী চলোৱা বুলিও জানিব পৰা গৈছে।
ইনষ্টাগ্ৰামত আপলোড কৰা এটা পোষ্টত ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰিছে যে তেওঁলোকক বন্দুকৰ কুণ্ডাৰে অত্যাচাৰ কৰা হৈছে।
সীমান্তত আনকি পোলেণ্ডে ভাৰতীয় শিক্ষাৰ্থীসকলক কোনো ধৰণৰ খাদ্য সামগ্ৰী প্ৰদান কৰা হোৱা নাই।
একাংশ ভাৰতীয় ছাত্ৰই টুইটাৰত এই সম্পৰ্কীয় ভিডিঅ’ পোষ্ট কৰি ভাৰত চৰকাৰৰ সহায়ৰ বিচাৰিছে।