• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাত প্ৰাক্তন প্ৰেমিকৰ ফ্লেটত উদ্ধাৰ ভাৰতীয় যুৱতীৰ মৃতদেহ; অভিযুক্তই দাখিল কৰিছিল ৰিপোৰ্ট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2026 8:59 am
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৱবৰ্ষৰ দিনা নিৰুদ্দেশ হৈছিল যুৱতীগৰাকী। আমেৰিকাৰ মেৰিলেণ্ডৰ প্ৰেমিকৰ ফ্লেটৰ পৰা উদ্ধাৰ হৈছে এগৰাকী ভাৰতীয় মহিলাৰ ৰক্তাক্ত মৃতদেহ। আৰক্ষীয়ে দাবী কৰিছে যে সেই ফ্লেটতে নিকিতা গোডিছালা (২৭)ক হত্যা কৰা হৈছিল।

ঘটনাৰ মূল অভিযুক্ত হৈছে তেওঁৰ প্ৰাক্তন প্ৰেমিক অৰ্জুন শৰ্মা। ইতিমধ্যে প্ৰথম ডিগ্ৰী আৰু দ্বিতীয় ডিগ্ৰী হত্যাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে। অৱশ্যে অভিযুক্তই দেশ এৰি পলায়ন কৰাৰ বাবে এতিয়ালৈকে তেওঁক ধৰিব পৰা নাই।

Apply Now

আৰক্ষীয়ে জনোৱা মতে নিকিতা গোডিছালা পেছাত এগৰাকী ডাটা এণ্ড ষ্ট্ৰেটেজি এনালাইষ্ট। হাৱাৰ্ড কাউন্টিৰ এলিকট চিটিত বাস কৰিছিল। নৱবৰ্ষৰ আগনিশা ৩১ ডিচেম্বৰত নিৰুদ্দেশ হৈছিল নিকিতা।

ঘটনাৰ পিছতে তেওঁৰ প্ৰাক্তন প্ৰেমিক অৰ্জুন শৰ্মাই ২ জানুৱাৰীত স্থানীয় আৰক্ষীত নিৰুদ্দেশৰ ৰিপোৰ্ট দাখিল কৰে। তেওঁ আৰক্ষীক জনাইছিল যে তেওঁ শেষবাৰৰ বাবে ৩১ ডিচেম্বৰত নিকিতাক নিজৰ এপাৰ্টমেণ্টত দেখা পাইছিল। তেতিয়াৰ পৰা নিকিতাক বিচাৰি পোৱা নাই।

কিন্তু তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে ভয়ংকৰ তথ্য পোহৰলৈ আহিল। ৩ জানুৱাৰীত আৰক্ষীয়ে অৰ্জুন শৰ্মাৰ এপাৰ্টমেণ্টত তালাচী চলায়। তাৰ পৰাই নিকিতাৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে নিকিতাক ঘপিয়াই হত্যা কৰা হৈছে। তদন্তকাৰীয়ে অনুমান কৰিছে যে ৩১ ডিচেম্বৰৰ সন্ধিয়া ৭ বজাৰ কিছু সময়ৰ পিছতে এই হত্যাকাণ্ড সংঘটিত হৈছিল।

তদন্তৰ সময়ত আৰু অধিক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে। আৰক্ষীয়ে জনোৱা মতে, নিৰুদ্দেশ হোৱা ব্যক্তিজনৰ ৰিপৰ্ট দাখিল কৰা দিনটোতে অৰ্জুন শৰ্মাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতলৈ পলায়ন কৰে। ইয়াৰ ফলত সন্দেহ গভীৰ হৈ পৰিল। তদন্তকাৰীয়ে ধাৰণা কৰে যে হত্যাকাণ্ডৰ পিছত তেওঁ প্ৰমাণ ধ্বংস কৰাৰ চেষ্টাতে দেশ এৰি গৈছে।

হাৱাৰ্ড কাউন্টি আৰক্ষীয়ে জনোৱা মতে, এই হত্যাকাণ্ডৰ কোনো নিৰ্দিষ্ট উদ্দেশ্য এতিয়ালৈকে জানিব পৰা হোৱা নাই। তদন্ত অব্যাহত আছে আৰু তেওঁলোকে অভিযুক্তক বিচাৰি উলিয়াবলৈ ফেডাৰেল আইন প্ৰয়োগকাৰী সংস্থাৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰি আছে।

ইপিনে, ভাৰতীয় দূতাবাসে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত এক বিবৃতি প্ৰকাশ কৰিছে। নিকিতাৰ পৰিয়ালৰ সৈতে নিয়মীয়াকৈ যোগাযোগ কৰি সকলো ধৰণৰ দূতাবাসৰ সাহায্য আগবঢ়াই থকা বুলি জনোৱা হৈছে। তদুপৰি দূতাবাসে স্থানীয় প্ৰশাসনৰ সৈতেও এই বিষয়ত নিয়মীয়াকৈ কথা পাতিছে।

উল্লেখ্য যে ভাৰত আৰু আমেৰিকাৰ মাজত প্ৰত্যাৰ্পণ চুক্তি আছে। কিন্তু এনে গুৰুতৰ অপৰাধৰ বাবে অভিযুক্তক দেশলৈ ঘূৰাই অনাটো আইনী আৰু কূটনৈতিক দৃষ্টিকোণৰ পৰা সময়সাপেক্ষ বুলিয়েই ভাৱে বিশেষজ্ঞসকলে। আদালতৰ একাধিক পৰ্যায়ৰ মাজেৰে যোৱাৰ পিছতহে এই প্ৰক্ৰিয়া সম্পূৰ্ণ হয়।

নৱবৰ্ষৰ আনন্দ যে ইমান নিষ্ঠুৰ পৰিণতিৰে অন্ত পৰিব পাৰে সেয়া নিকিতাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে কল্পনাই কৰিব পৰা নাই। এই হত্যাকাণ্ডই প্ৰবাসী ভাৰতীয়সকলৰ মাজতো তীব্ৰ উদ্বেগ আৰু ক্ষোভৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd