NORTHEAST NOW (Assamese)

দেশত কৰ’না আক্ৰান্তৰ সংখ্যা ৪লাখ ২৫হাজাৰ অতিক্ৰম; মৃত্যুৰ সংখ্যা উদ্বেগজনক

June 22, 2020 11:59 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

দেশত কৰ’না আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ লৈছে। সোমবাৰে দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৪লাখ ২৫হাজাৰ অতিক্ৰম কৰিছে।

দেশত বিগত ১১দিনৰ পৰা প্ৰতিদিনে ১০হাজাৰতকৈয়ো অধিক লোক কৰ’নাত আক্ৰান্ত হৈ আহিছে।

সোমবাৰে স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ঘন্টাত দেশত ১৪৮২১জন লোক কৰ’নাত আক্ৰান্ত হৈছে।

আনহাতে, যোৱা ২৪ ঘন্টাত ৪৪৫জন লোকৰ মৃত্যু হৈছে। এই তথ্য স্বাভাৱিকতে উদ্বিগ্নতা বৃদ্ধি কৰিছে।

বৰ্তমানলৈকে দেশত ২,৩৭,১৯৬জন কৰ’না আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে। সেইদৰে দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১,৭৪,৩৮৭জন। এই সকল ৰোগী বৰ্তমান চিকিৎসাধীন হৈ আছে।

ইপিনে, দেশত এতিয়ালৈকে ১৩,৬৯৯জন কৰ’না আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

দেশত সুস্থ হৈ উঠা ৰোগীৰ হাৰ কিছু বৃদ্ধি পোৱাটোৱে একমাত্ৰ সকাহৰ কাৰণ আৰু এই হাৰ ৫৫.৭৭শতাংশলৈ বৃদ্ধি পাইছে।

দেশৰ ভিতৰতে মহাৰাষ্ট্ৰ আৰু তামিলনাডুত কৰ’নাৰ সংহাৰ অতি চিন্তাজনক হৈ পৰিছে।

মহাৰাষ্ট্ৰত এতিয়ালৈকে মুঠ ৬,১৭০জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে তামিলনাডুত এতিয়ালৈকে ৭৫৭জন লোকৰ মৃত্যু হৈছে।

Related News