• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাকিস্তানৰ বিপক্ষে পৰাজয় ভাৰতৰ; ধৰ্মান্ধৰ বৈষম্যমূলক আচৰণৰ বলি মহম্মদ ছামি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 25, 2021 3:54 pm
Mohammed Shami is the victim of religious discrimination
197
VIEWS
Share on FacebookShare on Twitter

সকলোৱে বাট চাই থকা বহু আকাঙ্খিত ভাৰত-পাকিস্তানৰ মেচখন অৱশেষত হৈ গ’ল। পাকিস্তানৰ হাতত ভাৰত হাৰিল।

মেচখনত পাকিস্তানৰ খেলুৱৈসকলে অদম্য প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ল, তাৰ পৰিৱৰ্তে ভাৰতীয় খেলুৱৈসকলে ফৰ্ম হেৰুৱালে।

ই কোনো আচৰিত কথাও নহয়! খেলত হৰা-জিকা থাকেই। খেল শেষ হোৱাৰ পাছত দুয়ো দলৰ অধিনায়ক দুজনেও সুন্দৰভাৱে ভাৱ বিনিময় কৰিলে। ধোনীৰ ওচৰত পাকিস্তানী খেলুৱৈসকলে টিপচো ল’লে। এইসমূহেই হৈছে একোটা খেলৰ গৰিমা।

কিন্তু ফেচবুক-টুইটাৰত টেঁটু ফালি থকা দেশৰ ধৰ্মান্ অন্ধভক্তসকলে কি কৰি আছে চাও আহক! অন্ধভক্তসকলে টাৰ্গেট কৰি লৈছে ভাৰতীয় ফাষ্ট বলাৰ মহম্মদ ছামীক। যেন ছামীৰ বলিঙৰ বাবেই ভাৰত হাৰিল!

ইনষ্টাগ্ৰামত তেওঁলোকে ছামীক পাকিস্তানলৈ যাবলৈ কৈছে, অশ্লীল শব্দ প্ৰয়োগ কৰি গালি পাৰিছে। কেৱল মুছলমান হোৱাৰ বাবেই ভাৰতৰ পৰাজয়ৰ বাবে ছামীক এনেধৰণে ভাবুকি দিয়া হৈছে।

কিন্তু অকল ছামীয়েই হৰুৱালে নেকি ভাৰতক? ৰোহিত শৰ্মাই প্ৰথমটো বলতে এলবিডব্লিউ হ’ল, কে এল ৰাহুলে ৩ ৰাণতে ক্লীন ব’ল্ড হ’ল, বাঘা বাঘা বলাৰ ভুৱনেশ্বৰ, বুমৰাহ, জাদেজাইও কোনো উইকেট লাভ কৰিবলৈ সক্ষম নহ’ল। অথচ সকলো দোষ জাপি দিয়া হৈছে কেৱল ছামীৰ ওপৰত।

ইমান সাম্প্ৰদায়িক কিধৰণে হ’ব পাৰে ধৰ্মান্ধ অন্ধভক্তসকল? এইখন এখন ক্ৰিকেট মেচহে। এখন ক্ৰিকেট মেচত হাৰিলে দেশৰ জনতাৰ কোনো হানি নহয়। হানি হয় অন্ধভক্তসকলৰ চৰ্দাৰসকলে লোৱা টোগলকী অৰ্থনৈতিক নীতিসমূহৰ ফলতহে।

দেশ এতিয়া মূল্যবৃদ্ধিৰ জুইত জাহ গৈছে, ভোকাতুৰৰ সংখ্যা বাঢ়িছে, নিবনুৱাসকলে চাকৰি বিচাৰি হাহাকাৰ কৰি আছে। কিন্তু এই সকলোবোৰ উলাই কৰি অন্ধভক্তসকলে কেৱল ধৰ্ম-ধৰ্ম কৰি আছে।

পাকিস্তান মুছলিমধৰ্মী দেশ, সেয়ে পাকিস্তানক ক্ৰিকেট মেচত হৰুৱালেই যেন দেশৰ সকলো সমস্যা শেষ হৈ যাব। এইটো কথা সঁচা যে ভাৰতে মেচখনত জিকিব লাগিছিল।

ভাৰতৰ ক্ৰিকেটাৰসকল দেশৰ হৃদস্পন্দনস্বৰূপ। কোহলী, ৰোহিত, বুমৰাহৰ খেলৰ শৈলীয়ে দেশৰ কোটি কোটি জনসাধাৰণক আনন্দ প্ৰদান কৰি আহিছে। কিন্তু সদায় তেওঁলোকে উন্নত প্ৰদৰ্শন কৰি থাকিব বুলি ক’ৰবাত লিখা আছে নেকি?

পুনৰ দোহাৰিছো, ক্ৰিকেট এবিধ খেল, ইয়াত কোনোবা জিকে কোনোবা হাৰে। সেয়ে অন্ধভক্তসকলে কিয় ইমান উন্মাদ হৈ পৰিছে? দেশত ধৰ্মৰ বাদেও আন একো নাই নেকি?

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd