NORTHEAST NOW (Assamese)

ইংৰাজী বৰ্ণমালাৰ ‘ভি’ আকৃতিৰ ভাৰতীয় অৰ্থনৈতিক বিকাশক অষ্ট্ৰেলিয়াত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰদৰ্শনৰ সৈতে তুলনা

January 30, 2021 11:28 am · এন ই নাও নিউজ

ভাৰতৰ ইংৰাজী বৰ্ণমালাৰ ভি-আকৃতিৰ অৰ্থনৈতিক বিকাশৰ গতিক অষ্ট্ৰেলিয়াম মাটিত ভাৰতীয় ক্ৰিকেট দলৰ টেষ্ট শৃংখলা বিজয়ৰ সৈতে ৰিজোৱা হৈছে দেশৰ ২০২১ বৰ্ষৰ অৰ্থনৈতিক সমীক্ষাত।

৩৬ ৰানত প্ৰথম টেষ্টত ভাৰতে অল আউট হৈ শোচনীয় পৰাজয় বৰণ কৰাৰ পাছত যিদৰে পুনৰ মুৰ দাঙি উঠি টেষ্ট শৃংখলা জয় কৰিলে তাৰ সৈতে ভাৰতৰ শেহতীয়া অৰ্থনৈতিক স্থিতিক তুলনা কৰা হয় অৰ্থনৈতিক সমীক্ষাত।

অৰ্থনৈতিক সমীক্ষা অনুসৰি ২০২১-২২ বৰ্ষত ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ হাৰ ১১ শতাংশ হ’ব বুলি ভবিষ্যতবাণী কৰা হৈছে।

কোভিড মহামাৰীৰ সময়ত ভাৰত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন নীতি আৰু ইয়াৰ প্ৰয়োগৰ ফলতে ভাৰতে চকুত লগাভাৱে অৰ্থনৈতিক পুনৰুত্থান কৰিবলৈ সক্ষম হ’ব বুলি অৰ্থনৈতিক সমীক্ষাত উল্লেখ কৰা হয়।

ভাৰতৰ মুখ্য অৰ্থনৈতিক পৰামৰ্শদাতা কৃষ্ণমুৰ্তি সুব্ৰমনিয়ামে ভাৰতে কোভিড-১৯ৰ সময়ত ল’কডাউন ঘোষণা কৰি দীঘলীয়া অৰ্থনৈতিক বিকাশৰ বাবে চমু বিষ সহ্য কৰিবলগীয়া হৈছে বুলিও লগতে কয়।

২০২১ চনৰ অৰ্থনৈতিক সমীক্ষাক কোভিড যোদ্ধা সকলৰ নামত উৎসৰ্গা কৰা হৈছে।

Related News