• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘এআই প্ৰযুক্তিত ভাৰতৰ ভৱিষ্যত উজ্জ্বল’, গুগলৰ চিইঅ’ সুন্দৰ পিচাইৰ ভূয়সী প্ৰশংসা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 18, 2026 7:31 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃত্ৰিম বুদ্ধিমত্তা বা এআই প্ৰযুক্তিৰ ভৱিষ্যতক লৈ সমগ্ৰ বিশ্বতে চৰ্চা চলি থকাৰ মাজতে ভাৰতক লৈ আশাবাদী হৈ পৰিছে বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ মুৰব্বীসকল। শেহতীয়াকৈ গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইয়ে ভাৰতৰ এআই যাত্ৰাক প্ৰশংসা কৰিছে। দিল্লীত অনুষ্ঠিত হোৱা ইণ্ডিয়া এ আই ইমপেক্ট ছামিটত অংশগ্ৰহণ কৰি তেওঁ কয় যে এআই হৈছে বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ প্ৰযুক্তিগত পৰিৱৰ্তন যিয়ে মানুহৰ জীৱনৰ মানদণ্ড উন্নত কৰাত সহায় কৰিব। চিকিৎসা বিজ্ঞানৰ পৰা আৰম্ভ কৰি শিক্ষা খণ্ডৰ প্ৰসাৰলৈকে এই প্ৰযুক্তিয়ে এক নৱজাগৰণৰ সৃষ্টি কৰিব পাৰে বুলি তেওঁ মত পোষণ কৰে। ভাৰতত এই প্ৰযুক্তিৰ ব্যৱহাৰৰ হাৰ যথেষ্ট বেছি যদিও কিছুমান গাঁথনিগত সীমাবদ্ধতা এতিয়াও আছে বুলি তেওঁ সোঁৱৰাই দিয়ে।

গুগলে ভাৰতৰ এআই খণ্ডত বৃহৎ বিনিয়োগৰ পৰিকল্পনা কৰিছে। যোৱা বছৰ বিশাখাপট্টনমত এটা এআই হাব স্থাপনৰ বাবে ১৫ বিলিয়ন ডলাৰ ব্যয়ৰ কথা ঘোষণা কৰাৰ পিছত এতিয়া পিচাইয়ে আন এক নতুন পদক্ষেপৰ কথা সদৰী কৰিছে। ইণ্ডিয়া-আমেৰিকা কানেক্ট ইনিচিয়েটিভ নামৰ এক বিশেষ প্ৰকল্পৰ জৰিয়তে ভাৰত আৰু আমেৰিকাৰ মাজত প্ৰযুক্তিগত সংযোগ অধিক মজবুত কৰা হ’ব। ইয়াৰ উপৰিও বৈজ্ঞানিক গৱেষণাৰ স্বাৰ্থত ৩ কোটি ডলাৰৰ এটা নতুন প্ৰকল্পও মুকলি কৰা হৈছে। এইসমূহে ভাৰতীয় গৱেষক আৰু শিক্ষাৰ্থীসকলক বিশ্বমানৰ সুযোগ লাভত সহায় কৰিব।

Apply Now

কেৱল সুন্দৰ পিচাইয়ে নহয়, অ’পেনএআইৰ প্ৰতিষ্ঠাপক ছেম অল্টমেনেও ভাৰতৰ দক্ষতাক লৈ ইতিবাচক মন্তব্য কৰিছে। তেওঁৰ মতে ভাৰতৰ ওচৰত বিশ্বক এআইৰ দিশত নেতৃত্ব দিয়াৰ পূৰ্ণ ক্ষমতা আছে। তথ্য অনুসৰি অ’পেনএআইৰ ব্যৱহাৰকাৰীৰ সংখ্যাৰ ফালৰ পৰা আমেৰিকাৰ পিছতে ভাৰতৰ স্থান। বৰ্তমান দেশত প্ৰায় ১০ কোটি সক্ৰিয় ব্যৱহাৰকাৰী আছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চেটজিপিটিৰ জনপ্ৰিয়তা ভাৰতত সকলোতকৈ বেছি। আনকি বৈজ্ঞানিক গৱেষণাত সহায় কৰা প্ৰিজম নামৰ এআই সঁজুলিটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতে চতুৰ্থ স্থানত আছে।

ভাৰতত নিজৰ ভেটি শক্তিশালী কৰিবলৈ অ’পেনএআইয়ে ইতিমধ্যে দিল্লীত কাৰ্যালয় স্থাপন কৰিছে। ইয়াৰ উপৰিও দেশৰ চাৰিখন গুৰুত্বপূৰ্ণ চহৰৰ বিভিন্ন সংস্থাৰ বিষয়াসকলক এআই প্ৰযুক্তিৰ ব্যৱহাৰ সম্পৰ্কে প্ৰশিক্ষণ দিয়া হৈছে। আগন্তুক দিনত ভাৰত চৰকাৰৰ সৈতে পোনপটীয়াকৈ কাম কৰাৰ সম্ভাৱনাৰ কথাও অল্টমেনে ইংগিত দিছে। এনেদৰে গোলকীয় প্ৰযুক্তি প্ৰতিষ্ঠানসমূহৰ আগ্ৰহ আৰু বিনিয়োগে অনাগত দিনত ভাৰতক এআই প্ৰযুক্তিৰ এক অন্যতম কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd