• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ অসম কন্যা সাৱিত্ৰী জিন্দালৰ! নিৰ্দলীয় প্ৰাৰ্থী হ’ব দেশৰ ধনীতম মহিলাগৰাকী

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 6, 2024 3:12 pm
সাৱিত্ৰী জিন্দাল। ফাইল ফটোঃ সংগ্ৰহীত।

সাৱিত্ৰী জিন্দাল। ফাইল ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে। যি সময়ত দলটো নিৰ্বাচনৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে, সেই সময়ত দেশৰ চতুৰ্থ ধনী মহিলা সাৱিত্ৰী জিন্দালে বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে। লগতে সাবিত্ৰী জিন্দালে নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি ঘোষণা কৰিছে।

বুধবাৰে সন্ধিয়া বিজেপিয়ে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ৬৭ গৰাকী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছিল যদিও দলৰ তালিকা প্ৰকাশ পোৱাৰ লগে লগে বিজেপিত আলোড়নৰ সৃষ্টি হয়। টিকট নোপোৱাৰ পিছত বহু নেতাই ক্ষুব্ধ হৈ পৰে।

আনকি বহু ক্ষুব্ধ নেতাই ছ’চিয়েল মিডিয়াত দলক পদত্যাগ পত্ৰও দাখিল কৰে। একে সময়তে বৃহস্পতিবাৰে দেশৰ চতুৰ্থ ধনী মহিলা তথা প্ৰাক্তন মন্ত্ৰী সাৱিত্ৰী জিন্দালেও বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে। বিজেপিৰ পৰা টিকট নোপোৱাৰ পিছত তেওঁ হিছাৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছে।

Apply Now

লগতে পঢ়কঃ সীতাৰাম য়েচুৰীৰ স্বাস্থ্যৰ অৱস্থাৰ অধিক অৱনতি, ভৰ্তি কৰা হ’ল ভেন্টিলেচনত

সাবিত্ৰী জিন্দালে সমৰ্থকসকলক কয় – মই বিজেপিৰ প্ৰাথমিক সদস্য নহয়, মই দিল্লীৰ পৰা উভতি আহিছিলোঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা ক’বলৈ, কিন্তু আপোনালোকৰ মৰম আৰু বিশ্বাস দেখি, এতিয়া মই সিদ্ধান্ত লৈছো যে মই নিৰ্বাচনত নামিম।

কুৰুক্ষেত্ৰৰ বিখ্যাত উদ্যোগপতি তথা বিজেপি সাংসদ নবীন জিন্দালৰ মাতৃ সাৱিত্ৰী জিন্দাল আৰু লোকসভা নিৰ্বাচনৰ সময়ত সাৱিত্ৰী জিন্দালক পুত্ৰৰ হৈ অহৰহ প্ৰচাৰ চলোৱা দেখা গৈছিল। অৱশ্যে এতিয়া হিছাৰ আসনত তেওঁ মুখামুখি হ’ব বিজেপিৰ মন্ত্ৰী ড০ কমল গুপ্তাৰ, যি বৰ্তমান হাৰিয়ানা চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। দুয়োজনে প্ৰতিদ্বন্দ্বিতাত মুখামুখি হ’ব।

উল্লেখ্য যে ১৯৫০ চনৰ ২০ মাৰ্চত জন্মগ্ৰহণ কৰা সাৱিত্ৰী জিন্দাল ডাঙৰ-দীঘল হৈছিল অসমৰ তিনিচুকীয়া চহৰত। তীখা আৰু শক্তিৰ সংঘবদ্ধ সংস্থা জিন্দাল গ্ৰুপ প্ৰতিষ্ঠা কৰা ওম প্ৰকাশ জিন্দালৰ সৈতে ১৯৭০ চনত বিবাহপাশত আবদ্ধ হয়।

লগতে পঢ়কঃ বেদান্তাৰ খননৰ ফলত অসমৰ অন্তিমটো গিবনৰ আশ্ৰয়স্থলীলৈ ভাবুকি; সতৰ্ক কৰিছে বিশেষজ্ঞই

অ’ পি জিন্দাল হাৰিয়ানা চৰকাৰৰ মন্ত্ৰী আৰু হিছাৰ সমষ্টিৰ পৰা হাৰিয়ানা বিধান সভাৰ সদস্য আছিল। তেওঁলোক পুত্ৰ নবীন জিন্দালো সাংসদ আছিল।

৯টা সন্তানৰ মাতৃ সাৱিত্ৰীয়ে ২০০৫ চনত হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ স্বামীৰ  মৃত্যুৰ পিছত সংস্থাৰ অধ্যক্ষৰ দায়িত্ব লয়। তেতিয়া তেওঁৰ বয়স আছিল ৫৫ বছৰ। যিসময়ত বেছিভাগ মহিলাৰ ঘৰৰ চাৰিবেৰৰ মাজতে জীৱনৰ শেষ বেলাৰ অপেক্ষা কৰে, সেই সময়তে তেওঁ এখন সম্পূৰ্ণ নতুন পৃথিৱী আৱিষ্কাৰ কৰে য’ত তেওঁ নিজকে ৰাজনীতিবিদ, সমাজ কৰ্মী আৰু কোটিপতি হিচাপে নিজকে বিচাৰি পালে।

সাৱিত্ৰী জিন্দালে কেতিয়াও কলেজলৈ যোৱা নাছিল আৰু ২০০৫ চনত স্বামীৰ মৃত্যুৰ পিছত তেওঁৰ ব্যৱসায়িক সাম্ৰাজ্যৰ দায়িত্ব হাতত লৈছিল। সেই সময়তে তেওঁ হিছাৰ আসনৰ পৰা জয়ী হৈ বিধানসভাত স্থান লাভ কৰে, তাৰ পিছত ২০০৯ চনত পুনৰবাৰ ভাগ্য পৰীক্ষা কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে জয়লাভ কৰে। ২০১৩ চনত তেওঁক হাৰিয়ানা চৰকাৰত কেবিনেট মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছিল।

লগতে পঢ়কঃদহ হাজাৰ সন্তানৰ পিতৃ হেনৰী! বিশালাকায় শৰীৰ, বিশ্বৰ আটাইতকৈ পুৰণি কুম্ভীৰ

অহা ৫ অক্টোবৰত হাৰিয়ানাৰ ৯০খন আসনত ভোটগ্ৰহণ আৰু ৮ অক্টোবৰত ভোটগণনা কৰা হ’ব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

August 21, 2026 6:56 am
গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

যাদবপুৰ বিশ্ববিদ্যালয়ত নন্দলাল বসুৰ সৃষ্টি ভাঙি পেলোৱাৰ অভিযোগ, সংঘৰ্ষত আহত কেইবাজনো

August 21, 2026 6:56 am
গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd