• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেশৰ আটাইতকৈ ধনী মহিলা অসম কন্যা; ২০২৩ বৰ্ষত আম্বানি-বিৰলাকো চেৰ পেলালে সাৱিত্ৰী জিন্দালে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 19, 2023 2:45 pm
সাৱিত্ৰী জিন্দাল। ফটোঃ সংগ্ৰহীত।

সাৱিত্ৰী জিন্দাল। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান দেশৰে নহয়, এছিয়াৰ ভিতৰত আটাইতকৈ ধনী মহিলা হিচাপে পৰিগণিত হৈছে অ’ পি জিন্দাল গ্ৰুপৰ অধ্যক্ষ সাৱিত্ৰী জিন্দাল। বৰ্তমান তেওঁৰ সম্পত্তিৰ পৰিমাণ ২৫.৩ বিলিয়ন ডলাৰ বা ভাৰতীয় মুদ্ৰাত ২ লাখ ১০ হাজাৰ কোটিতকৈও অধিক। ২০২১ চনত তেওঁৰ সম্পত্তিৰ পৰিমান আছিল ১৮ বিলিয়ন ডলাৰ বা ভাৰতীয় মুদ্ৰাত প্ৰায় ১ লাখ ৫৭ হাজাৰ কোটি টকা।

২০২৩ চনত তেওঁৰ সম্পদ আকাশলংঘী ৯.৬ বিলিয়ন ডলাৰ বৃদ্ধি হোৱাৰ লগে লগে ভাৰতৰ আটাইতকৈ ধনী মহিলা সাবিত্ৰী জিন্দালে এই কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক মুঠ সম্পদ বৃদ্ধিৰে আনকি আম্বানী আৰু বিৰলাকো চেৰ পেলাইছে।

১৯৫০ চনৰ ২০ মাৰ্চত জন্মগ্ৰহণ কৰা সাৱিত্ৰী জিন্দাল ডাঙৰ-দীঘল হৈছিল  অসমৰ তিনিচুকীয়া চহৰত। তীখা আৰু শক্তিৰ সংঘবদ্ধ সংস্থা জিন্দাল গ্ৰুপ প্ৰতিষ্ঠা কৰা ওম প্ৰকাশ জিন্দালৰ সৈতে ১৯৭০ চনত বিবাহপাশত আবদ্ধ হয়।

Apply Now

অ’ পি জিন্দাল হাৰিয়ানা চৰকাৰৰ মন্ত্ৰী আৰু হিছাৰ সমষ্টিৰ পৰা হাৰিয়ানা বিধান সভাৰ সদস্য আছিল। তেওঁলোক পুত্ৰ নবীন জিন্দালো সাংসদ আছিল।

৯টা সন্তানৰ মাতৃ সাৱিত্ৰীয়ে ২০০৫ চনত হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ স্বামীৰ  মৃত্যুৰ পিছত সংস্থাৰ অধ্যক্ষৰ দায়িত্ব লয়। তেতিয়া তেওঁৰ বয়স আছিল ৫৫ বছৰ। যিসময়ত বেছিভাগ মহিলাৰ ঘৰৰ চাৰিবেৰৰ মাজতে জীৱনৰ শেষ বেলাৰ অপেক্ষা কৰে, সেই সময়তে তেওঁ এখন সম্পূৰ্ণ নতুন পৃথিৱী আৱিষ্কাৰ কৰিলে য’ত তেওঁ নিজকে ৰাজনীতিবিদ, সমাজ কৰ্মী আৰু কোটিপতি হিচাপে নিজকে বিচাৰি পালে।

সাৱিত্ৰী জিন্দালে  কেতিয়াও কলেজলৈ যোৱা নাছিল আৰু ২০০৫ চনত স্বামীৰ মৃত্যুৰ পিছত তেওঁৰ ব্যৱসায়িক সাম্ৰাজ্যৰ দায়িত্ব হাতত লৈছিল।

ব্লুমবাৰ্গৰ বিলিয়নাৰ সূচকাংক তথ্য অনুসৰি বৰ্তমান মুঠ ৯২.৩ বিলিয়ন ডলাৰৰ সম্পত্তিৰে ধনী ভাৰতীয়ৰ তালিকাৰ শীৰ্ষত থকা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ ২০২৩ চনত তেওঁৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৫ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে, যিটো জিন্দালে লাভ কৰা ধনৰ প্ৰায় আধা।

শেহতীয়া তথ্যৰ হিচাপত তেওঁৰ সম্পত্তিৰ পৰিমাণ ২৫.৩ বিলিয়ন ডলাৰ হোৱাৰ লগে লগে ওম প্ৰকাশ জিন্দলৰ ৭৩ বছৰীয়া বিধৱাগৰাকীয়ে ৫ম ধনী ভাৰতীয় আৰু উপমহাদেশখনৰ আটাইতকৈ ধনী মহিলা হৈ পৰিছে। তেওঁৰ নিয়ন্ত্ৰণত থকা এই সংঘবদ্ধ সংস্থাটোৱে জে এছ ডব্লিউ ষ্টীল, জিন্দাল ষ্টীল এণ্ড পাৱাৰ, জে এছ ডব্লিউ এনাৰ্জী, জিন্দাল ছ’, জিন্দাল ষ্টেইনলেছ আৰু বিনিয়োগ কোম্পানী জে এছ ডব্লিউ হোল্ডিংছৰ দৰে তালিকাভুক্ত কোম্পানী চলায়।

চলিত বৰ্ষৰ অক্টোবৰ মাহত তালিকাভুক্ত হোৱা বন্দৰ অপাৰেটৰ জে এছ ডব্লিউ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ৮৩% মালিকো অ’ পি জিন্দাল গ্ৰুপৰ। জিন্দালছৰ দৃষ্টি এতিয়া ২০২৪ চনত জে এছ ডব্লিউ চিমেণ্টক তালিকাভুক্ত কৰা।

জিন্দালৰ পিছত এইচ চি এল টেকৰ শিৱ নাদাৰ এই তালিকাত ২ নম্বৰ স্থানত আছে কাৰণ বছৰটোত তেওঁৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৮ বিলিয়ন ডলাৰৰ আকাশলংঘী বৃদ্ধি হৈছে। তেওঁৰ সম্পদৰ মূল্য প্ৰায় ৩২.৬ বিলিয়ন ডলাৰ। প্ৰমোটাৰসকলৰ প্ৰায় ৬১% অংশীদাৰিত্ব থকা আই টি মেজৰ কোম্পানীটোৰ শ্বেয়াৰ ২০২৩ চনত প্ৰায় ৪৫% বৃদ্ধি পাইছে।

ডি এল এফৰ ৰিয়েলটি টাইকুন কে পি সিঙে আৰু ৭ বিলিয়ন ডলাৰ যোগ কৰি বছৰটোৰ ভিতৰত তেওঁৰ মুঠ সম্পত্তি ১৫.৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰে। ভাৰতত ৰিয়েল এষ্টেটৰ উত্থানৰ ফলত ডি এল এফৰ ষ্টকত ৮৩% বৃদ্ধি পাইছে।

কুমাৰ মংগলম বিৰলা আৰু শ্বাপুৰ মিষ্ট্ৰী দুয়োৰে সম্পদ বছৰটোত ৬.৩ বিলিয়ন ডলাৰকৈ বৃদ্ধি পাইছে।

আম্বানীৰ সম্পত্তি আৰু ৫.২ বিলিয়ন ডলাৰ বৃদ্ধি হোৱাৰ বিপৰীতে ছান ফাৰ্মাৰ এম ডি দিলীপ চাংঘৱীৰ সম্পত্তি আৰু ৪.৭ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে।

এই তালিকাৰ আন আন শীৰ্ষ লাভ কৰা সকলৰ ভিতৰত আছে ৰবি জয়পুৰিয়া, এম পি লোধা আৰু সুনীল মিট্টাল।

আনহাতে, ১০টা তালিকাভুক্ত গ্ৰুপৰ শ্বেয়াৰৰ মূল্য কিছু উন্নত হোৱাৰ পাছতো কোটিপতি গৌতম আদানী তালিকাৰ একমাত্ৰ ভাৰতীয় যাৰ ভাগ্য ২০২৩ চনত ভুল দিশেৰে গৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ শ্বৰ্ট চেলাৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্চে আদানী গ্ৰুপৰ বিৰুদ্ধে এক প্ৰতিবেদন উলিয়াই শ্বেয়াৰত প্ৰতাৰণা আৰু হিচাপত জালিয়াতি কৰি কৰ্পৰেট ইতিহাসৰ আটাইতকৈ ডাঙৰ প্ৰৱঞ্চনা অনাৰ অভিযোগ উত্থাপন কৰাৰ এঘাৰ মাহৰ পাছত আহমেদাবাদৰ ব্যৱসায়ীজনৰ বছৰটোত তেওঁৰ সম্পত্তিৰ পৰিমাণ ৩৫.৪ বিলিয়ন ডলাৰ হ্ৰাস পাইছে।

অৱশ্যে ব্লুমবাৰ্গৰ হিচাপ মতে, মুঠ সম্পত্তিৰ পৰিমাণ ৮৫.১ বিলিয়ন ডলাৰ বুলি অনুমান কৰা ব্যৱসায়ীজন দ্বিতীয় ধনী ভাৰতীয় হৈয়েই আছে।

ইপিনে, অম্বানী কেৱল ভাৰতৰে নহয়, এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি আৰু ব্লুমবাৰ্গৰ হিচাপ মতে সম্পত্তিৰ পৰিমাণ ৯২.৩ বিলিয়ন ডলাৰেৰে বিশ্বৰ শীৰ্ষ ধনীৰ তালিকাত ১৩ নম্বৰ স্থানত আছে।

দ্বিতীয় স্থানত আছে আদানী আৰু বিশ্বৰ শীৰ্ষ তালিকাত ১৫ নম্বৰ স্থানত আছে। জানুৱাৰীৰ শেষৰ ফালে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পূৰ্বে তেওঁ এছিয়াৰ আটাইতকৈ ধনী আৰু বিশ্ব তালিকাত ৩ নং স্থানত আছিল।

মিষ্ট্ৰী, নাদৰ, জিন্দাল আৰু সাংঘৱীৰ উপৰিও এই তালিকাত আছে উইপ্ৰ’ৰ আজিম প্ৰেমজী, ষ্টীল টাইকুন লক্ষ্মী মিট্টাল, বিনিয়োগকাৰী তথা ডিমাৰ্টৰ প্ৰতিষ্ঠাপক ৰাধাকিষণ দমনি, কে এম বিৰলা আৰু ভেকচিন সম্ৰাট চাইৰাছ পুনিয়াল্লা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

June 16, 2026 4:58 pm
পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd