ব্যাঘ্ৰ জৰীপৰ জৰিয়তে গীনিজ বুকত স্থান লাভ ভাৰতৰ

tiger-750x375

ক’ৰ’ণাতংকৰ সময়তে ভাৰতৰ বাবে আহিছে এক ভাল খবৰ। ব্যাঘ্ৰ জৰীপৰ জৰিয়তে ভাৰতে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

২০১৮ চনত ভাৰতে চতুৰ্থ বাৰৰ বাবে কেমেৰা ট্ৰেপিঙৰ জৰিয়তে যি ব্যাঘ্ৰ জৰীপ কৰিছিল সেয়া বিশ্বৰ ভিতৰতে অদ্বিতীয় হিচাবে পৰিগণিত হৈছে।

২০১৮-১৯ বৰ্ষত ভাৰতে কেমেৰা ট্ৰেপিঙৰ জৰিয়তে মুঠ ৩৮১,২০০ বৰ্গ কিলোমিটাৰ অঞ্চলত বাঘৰ জৰীপ কৰিছিল।

উক্ত সময়ছোৱাত ভাৰত চৰকাৰে ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণ, ৱাইল্ড লাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়া, বিভিন্ন ৰাজ্যৰ বন বিভাগ আৰু বে-চৰকাৰী প্ৰকৃতি সংগঠনৰ সহযোগত কেমেৰা ট্ৰেপিঙৰ জৰিয়তে বাঘৰ জৰীপ চলাইছিল।

সেই জৰীপত মুঠ ৩৮,৮৫৮,৬২৫ খন বন্য প্ৰাণীৰ ছবি কেমেৰা ট্ৰেপিঙৰ জৰিয়তে সংগ্ৰহ কৰা হৈছিল।উক্ত  ছবি সমূহৰ ভিতৰত ৭৬,৬৫১ খন ঢেকীয়াপতীয়া আৰু ৫১,৭৭৭ খন চিতা বাঘৰ ছবি সংগ্ৰহ হৈছিল।

ভাৰতবৰ্ষৰ দৰে এখন বিশাল দেশৰত এনেদৰে কেমেৰা ট্ৰেপিঙৰ জৰিয়তে বাঘৰ জৰীপ চলোৱা কাৰ্যক বিৰল আখ্যা দিছে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ কৰ্তৃপক্ষই।

এই বিশাল কৰ্ম সম্পাদন কৰোতে ভাৰতে ব্যয় কৰিবলগীয়া হৈছিল প্ৰায় ৬২০,৭৯৫ টা কৰ্ম দিনৰ সম পৰিমাণৰ সময়।

কেমেৰা ট্ৰেপিঙৰ জৰিয়তে সেই সময়ত দেশৰ অৰণ্যত ২,৪৬১ টা বাঘ থকা বুলি কেন্দ্ৰীয় বন আৰু পৰিবেশ দপ্তৰৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে প্ৰকাশ কৰিছে।

ভাৰতে ২০০৬ চনৰ পৰাই প্ৰতি ৪ বছৰৰ মূৰে মূৰে বাঘৰ জৰীপ কৰি আহিছে।