বিশ্বকাপ ২০২৩-ৰ লীগ পৰ্যায়ত ৯খন খেলৰ ৯খনতে জয়লাভ কৰি ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলৰ পূৰ্বে ভাৰতীয় অনুৰাগীসকল কিছু নিশ্চিন্ত দেখা গৈছে কিয়নো ৰোহিত বাহিনীয়ে অপৰাজিত হৈ গ্ৰুপ চেম্পিয়ন হ’বলৈ সক্ষম হৈছে। কিন্তু ইতিহাসলৈ উভতি চালে নিশ্চিন্ত হোৱাৰ কোনো থল নাই, বৰঞ্চ আশংকাত অনুৰাগীৰ নিদ্ৰা হৰিব পাৰে।
ভাৰত-নিউজিলেণ্ডৰ প্ৰথম ছেমি ফাইনেলৰ পূৰ্বে এনে এক পৰিসংখ্যা পোহৰলৈ আহিছে যিয়ে লাখ লাখ ভাৰতীয় অনুৰাগীৰ মন বিচলিত কৰিব। এই ক্ষেত্ৰত ভাৰত এক নম্বৰ দল হিচাপে ছেমি ফাইনেললৈ উন্নীত হোৱাটোৱে ক্ৰিকেট মহলত কিছু নিৰাশাৰ ডাৱৰো ছটিয়াই দিয়ে।
এতিয়ালৈকে ৰাউণ্ড ৰবিন লীগ ফৰ্মেটত খেলা এদিনীয়া বিশ্বকাপত সকলো সময়তে ছেমি ফাইনেলত প্ৰৱেশ কৰা এক নম্বৰ দলটোক কেতিয়াও চেম্পিয়নৰ মুকুট পিন্ধা দেখা যোৱা নাই। চেম্পিয়ন হোৱাটো দূৰৰে কথা, লীগ চেম্পিয়ন দলটোৱে ফাইনেলতো প্ৰৱেশ কৰিব পৰা নাই।
লগতে পঢ়কঃকোহলিৰ বিৰাট ৰেকৰ্ডৰ মাজতে উজলিছে ৰোহিত; গঢ়িলে এবছৰত সৰ্বাধিক ছয় মৰাৰ অভিলেখ
এইবাৰকে ধৰি ৰাউণ্ড ৰবিন লীগ ফৰ্মেটত মুঠ ৩ বাৰ বিশ্বকাপ খেলা হৈছে। অৰ্থাৎ বিশ্বকাপত সকলো দলেই নিজৰ মাজত লীগ মেচত এইবাৰকে ধৰি তৃতীয়বাৰৰ বাবে খেলপথাৰত নামিছে। বাকী সকলো বিশ্বকাপ গ্ৰুপ ফৰ্মেটত অনুষ্ঠিত হয়।
১৯৯২ চনত প্ৰথমবাৰৰ বাবে ৰাউণ্ড ৰবিন লীগ ফৰ্মেটত বিশ্বকাপৰ আয়োজন কৰা হয়। নিউজিলেণ্ডে ৮খন মেচৰ ৭খনত জয়েৰে ১৪ পইণ্ট লাভ কৰি লীগ চেম্পিয়ন হয়। প্ৰথম নম্বৰৰ পৰা নক আউটলৈ যোৱা নিউজিলেণ্ড ছেমি ফাইনেলত পাকিস্তানৰ হাতত পৰাস্ত হয়।
সেইবাৰৰ ছেমি ফাইনেলত নিউজিলেণ্ডে ৭ উইকেটত ২৬২ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তানে ৬ উইকেটত ২৬৪ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে। সেইবাৰ বিশ্ব চেম্পিয়ন হয় পাকিস্তান।
লগতে পঢ়কঃ বিৰাটনামা! এদিনীয়া বিশ্বকাপত কোহলিৰ প্ৰথমটো উইকেট; গেলেৰীত উদযাপন পত্নী অনুষ্কাৰ
২০১৯ চনত দ্বিতীয়বাৰৰ বাবে ৰাউণ্ড ৰবিন লীগ ফৰ্মেটত এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হয়। ৯ খন মেচত ৭ খন জয়ৰে ১৫ পইণ্ট সংগ্ৰহ কৰি ভাৰত লীগ চেম্পিয়ন হয়। লীগৰ ১খন খেলত পৰাস্ত হয় টিম ইণ্ডিয়া। প্ৰথম নম্বৰৰ পৰা নক আউট হোৱা ভাৰতে সেইবাৰ ছেমি ফাইনেলত নিউজিলেণ্ডৰ হাতত পৰাস্ত হয়।
যোৱা বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল খেলত নিউজিলেণ্ডে ৮ উইকেটত ২৩৯ ৰান সংগ্ৰহ কৰিছিল। ভাৰতে বেটিং কৰিবলৈ নামি ২২১ ৰানত অল আউট হৈছিল। ইংলেণ্ড সেইবাৰ বিশ্ব চেম্পিয়ন হয়।
লগতে পঢ়কঃ ডিগ্ৰীৰ বজাৰ! বিশ হাজাৰৰ পৰা দুই লাখ টকাৰ দৰত বিক্ৰী ডিগ্ৰী, উৎখাত কু-চক্ৰ
২০২৩ চনত তৃতীয়বাৰৰ বাবে ৰাউণ্ড ৰবিন লীগ ফৰ্মেটত অনুষ্ঠিত হৈছে এদিনীয়া বিশ্বকাপ। এইবাৰ ভাৰতে ৯খন খেলত ১৮ পইণ্ট লাভ কৰি লীগ চেম্পিয়ন হৈছে। এক নম্বৰৰ পৰা ছেমি ফাইনেললৈ উঠা ভাৰতৰ বাবে তেনেহ’লে ছেমি ফাইনেলত বা কি আছে? ভাৰতীয় অনুৰাগীৰ মনত কিন্তু এই প্ৰশ্নই খুন্দিয়াই গৈছে।