গুৱাহাটী-আগৰতলা বিমানত অঘটন! মাজ আকাশতে দুৱাৰ খোলাৰ চেষ্টা যাত্ৰীৰ; চাওক ভিডিঅ’

গুৱাহাটীৰ পৰা আগৰতলা অভিমুখী ইণ্ডিগো বিমানত সংঘটিত হৈছে এই ঘটনা। অলপৰ বাবে ৰক্ষা পৰিল যাত্ৰীসকল। ড্ৰাগছ আসক্ত যাত্ৰীয়ে মাজ আকাশতে বিমানখনৰ জৰুৰীকালীন দুৱাৰখন খুলিবলৈ চেষ্টা কৰে। ইণ্ডিগোৰ বিমানখন আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত অৱতৰণ কৰাৰ প্ৰায় ১০ মিনিট পূৰ্বে বৃহস্পতিবাৰে সংঘটিত হয় এই শিহৰণকাৰী ঘটনা।

হঠাৎ যাত্ৰীজনে বিমানখনৰ জৰুৰীকালীন দুৱাৰখন খুলিবলৈ চেষ্টা কৰে। ঘটনাৰ সময়ত তেওঁ ড্ৰাগছ সেৱন কৰিছিল বুলি অভিযোগ উঠিছে। পিছত বিমানখনৰ আন যাত্ৰীয়ে তেওঁক প্ৰহাৰ কৰে। ইণ্ডিগো এয়াৰলাইন্সে পিছত অভিযুক্তক আগৰতলা বিমানবন্দৰ আৰক্ষীক গতাই দিয়ে।

লগতে পঢ়ক: ২৪ ছেপ্টেম্বৰত গুৱাহাটীত বন্ধ থাকিব সুৰাৰ বিক্ৰী; কামৰূপ-মেট্ৰ’ত দেওবাৰ হ’ব ‘ড্ৰাই ডে’

সূত্ৰসমূহৰ মতে, ব্যক্তিজন কলকাতা দমদম বিমানবন্দৰৰ পৰা আগৰতলা অভিমুখী ইণ্ডিগ’ৰ বিমানত উঠিছিল। অভিযোগ অনুসৰি তেওঁ ড্ৰাগছ সেৱন কৰি বিমানত উঠিছিল। আৰম্ভণিৰে পৰাই তেওঁ বিমানত বিশৃংখলতাৰ সৃষ্টি কৰিছিল। নিচাসক্ত অৱস্থাত তেওঁ বিমানৰ চিটত ভালদৰে বহিবই পৰা নাছিল। লগতে বিমান পৰিচাৰিকা আৰু সহযাত্ৰীক আক্ৰমণ কৰাৰে অভিযোগ উত্থাপন হৈছে।

আগৰতলাত বিমান অৱতৰণ কৰাৰ ঠিক আগতেই তেওঁ উঠি বিমানখনৰ জৰুৰীকালীন দুৱাৰখন খুলিবলৈ চেষ্টা কৰে। ইয়াৰ ফলত সমগ্ৰ বিমানখনত আতংকৰ সৃষ্টি হয়। মাজ আকাশত বিমানৰ জৰুৰীকালীন দুৱাৰখন খুলিলে বায়ুৰ চাপৰ তাৰতম্যৰ বাবে দুৰ্ঘটনা সৃষ্টিৰ সম্ভাৱনা থাকে।

লগতে পঢ়ক: সকলো দীপিকাৰ বাবে? নয়নতৰাৰ সৈতে অন্যায়! শ্বাহৰুখ-এটলীৰ ওপৰত ক্ষুব্ধ দক্ষিণৰ অভিনেত্ৰী

ফ্লাইট এটেণ্ডেণ্টসকলে তেওঁক কেনেবাকৈ সংযত কৰি ৰাখে। ইয়াৰ পিছত ক্ষুব্ধ যাত্ৰীসকলে তেওঁক ধৰি প্ৰহাৰ কৰে। এই ঘটনাৰ কেইটামান ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দেখা গৈছে যে যাত্ৰীসকলৰ গণ প্ৰহাৰৰ সময়ত অভিযুক্ত যাত্ৰীজনৰ কাপোৰ ফাটি যায়। অৱশ্যে তেতিয়াও তেওঁৰ নিচা শেষ হোৱা নাছিল। ভাইৰেল ভিডিঅ’টোত প্ৰহাৰৰ পিছত তেওঁ চিটত বহি থকাও দেখা গৈছে।  মূৰটো তললৈ বেঁকা হৈ আছে।

বিমানৰ ক্ৰু আৰু যাত্ৰীসকলে লোকজনক সংযত কৰি ৰাখিছিল। পিছত এজন পুৰুষ ক্ৰু মেম্বাৰে অভিযুক্ত যাত্ৰীজনক টানি লৈ যায়। বিমানখন আগৰতলাত অৱতৰণ কৰাৰ পিছতে তেওঁক বিমানবন্দৰ আৰক্ষীৰ হাতত গতাই দিয়া হয়।

লগতে পঢ়ক: আকৌ আৰম্ভ হ’ব নেকি NRC? অক্টোবৰত উচ্চতম ন্যায়ালয়ত শুনানি

ত্ৰিপুৰা আৰক্ষীয়ে জনোৱা মতে, ব্যক্তিজনৰ নাম বিশ্বজিৎ দেৱনাথ (৪১) বছৰ। তেওঁ ইণ্ডিগোৰ গুৱাহাটী-আগৰতলা ৬ই-৪৫৭ বিমানত আছিল। ত্ৰিপুৰা আৰক্ষীৰ মুখপাত্ৰই কয়, “তেওঁ বিমানখনৰ জৰুৰীকালীন দুৱাৰখন খুলিবলৈ গৈছিল। যেতিয়া ক্ৰুৱে তেওঁক আসনত বহিবলৈ কয় বিশ্বজিৎ দেৱনাথে তেওঁলোকক গালি-গালাজ কৰে। সহযাত্ৰীসকলে অভিযোগ কৰে যে তেওঁ ড্ৰাগছৰ নিচাত আছিল।”