ইণ্ডোনেছিয়াৰ সংসদে নিষিদ্ধ তথা বেআইনী ঘোষণা কৰিলে বিবাহ বৰ্হিভূত যৌন সম্পৰ্কক। ইণ্ডোনেছীয়াৰ নতুন ফৌজদাৰী আইনৰ জৰিয়তে বিবাহ বহিৰ্ভূত যৌন সম্পৰ্কত নিষেধাজ্ঞা আৰোপ কৰিছে সংসদে।
এতিয়াৰ পৰা অবিবাহিত লোকে ইণ্ডোনেছিয়াত যৌন সম্পৰ্ক স্থাপন কৰিলে সন্মুখীন হ’ব লাগিব শাস্তিৰ। কোনো ব্যক্তিয়ে এই নতুন আইন ভংগ কৰি বিবাহ বৰ্হিভূত ভাবে শাৰীৰিক সম্পৰ্কত লিপ্ত হ’লে লাভ কৰিব পাৰে এবছৰ পৰ্যন্ত কাৰাগাৰ। অহা তিনি বছৰৰ ভিতৰত ইণ্ডোনেছিয়াত কাৰ্যকৰী হ’ব এই বিশেষ আইন।
উল্লেখ্য যে ইণ্ডোনেছীয়াত ক্ৰমশঃ বাঢ়ি আহিছে ইছলামীয় ৰক্ষণশীলতা। ৰাজনৈতিক ক্ষেত্ৰখনতো পৰিছে ইছলামীয় ৰক্ষণশীলতাৰ প্ৰভাৱ। যাৰ ফলত উদয় হৈছে এনে ৰক্ষণশীল আইনৰ প্ৰসংগ।
আনহাতে সমালোচকসকলে এই আইনখনক দেশখনৰ মানৱ অধিকাৰৰ বাবে এক “দুৰ্যোগ” বুলি অভিহিত কৰিছে, যিয়ে ইণ্ডোনেছিয়াৰ বিনিয়োগ আৰু পৰ্যটনত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। কাৰণ এই আইন কেৱল ইণ্ডোনেছিয়াৰ নাগৰিক সকলৰ বাবেই নহয়, বিদেশী নাগৰিক তথা পৰ্যটক সকলৰ বাবেই প্ৰযোজ্য হ’ব এই আইন। ইতিমধ্যে জাকাৰ্টাত একাংশ যুৱকে এই নতুন আইনখনৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ।
উল্লেখ্য যে ইণ্ডোনেছিয়া এখন পৰ্যটন কেন্দ্ৰিক দেশ। ভাৰতকে ধৰি বিভিন্ন দেশৰ অবিবাহিত লোকে বছৰৰ বিভিন্ন সময়ত ইণ্ডোনেছিয়াৰ বালি আদি ঠাইলৈ মনোৰনঞ্জৰ বাবে আহে। এই আইনৰ ফলত এতিয়া বিদেশী নাগৰিকৰ আগমন হ্ৰাস পাব দেশ খনলৈ। আনহাতে ইণ্ডোনেছিয়াত দৰিদ্ৰ মুছলমান পৰিয়ালৰ লাহ লাখ দম্পতীৰ লগত নাই বিবাহৰ প্ৰমাণ পত্ৰ। যাৰ বাবে কেতিয়াবা কিবা কাৰণত বিপদত পৰাৰ সম্ভাৱনা আছে এই সকল দম্পতী। লগতে LGBT সম্প্ৰদায়ৰ লোক সকলো ক্ষতিগ্ৰস্ত হ’ব এই আইনৰ জৰিয়তে।
প্ৰসংগক্ৰমে , ইণ্ডোনেছিয়া এখন মুশ্লীম প্ৰধান দেশ। ইণ্ডোনেছীয়া নাম ধৰ্ম নিৰপেক্ষ হ’লেও ইয়াৰ ৰাজনৈতিক তন্ত্ৰ খুবেই ৰক্ষণশীল। ইয়াত কোনো নাস্তিক ব্যক্তি থাকিব নোৱাৰে। দেশখনৰ ছয়টা স্বীকৃত ধৰ্মৰ ভিতৰত যিকোনো এটা ধৰ্ম গ্ৰহণ কৰাটো বাধ্যতামূলক ইয়াৰ অধিবাসী সকলৰ বাবে।