NORTHEAST NOW (Assamese)

৭০% খিলঞ্জীয়াক নিযুক্তি দিলেহে ইনচেনটিভ : প্ৰথম দিনটোতে ব্যক্তিগত খণ্ডৰ উদ্যোগক চৰ্ত দিলে মধ্য প্ৰদেশৰ মুখ্য মন্ত্ৰীয়ে

December 18, 2018 10:12 pm · এন ই নাও নিউজ
Updated: December 18, 2018 10:26 pm
কমল নাথ।

মধ্য প্ৰদেশৰ মুখ্য মন্ত্ৰীৰ পদত বহিয়েই প্ৰথম দিনটোতে এটা প্ৰশংসনীয় পদক্ষেপেৰে অসমৰ সোণোৱাল চৰকাৰৰ বাবে এটা ডাঙৰ দৃষ্টান্ত দাঙি ধৰিলে কমল নাথে। মধ্য প্ৰদেশৰ মুখ্য মন্ত্ৰীজনে প্ৰথম দিনটোতে এনেকুৱা এটা সিদ্ধান্ত লৈছে যিটোৱে অসমৰ জাতীয়তাবাদী তথা খিলঞ্জীয়া প্ৰেমীসকলক উৎসাহিত কৰিব পাৰে।

১৭ ডিচেম্বৰত কমল নাথে মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি ৰাজ্যৰ হাজাৰ হাজাৰ কৃষকৰ ঋণ হেৰাইৰ ফাইলত চহী কৰে। এই আঁচনিৰ অধীনত ৰাজ্যৰ কৃষকে ২ লাখ টকা পৰ্য্যন্ত ঋণ ৰেহাই পাব।

কিন্তু সেইটোৰ লগতে একেটা দিনতে আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় মুখ্য মন্ত্ৰীজনে। খিলঞ্জীয়াসকলক নিয়োগৰ সুযোগ দিবলৈ ৰাজ্যখনত থকা উদ্যোগসমূহক এটা কঠোৰ নিয়ম বান্ধি দি কমল নাথে খিলঞ্জীয়াৰ সংস্থাপনক অগ্ৰাধিকাৰ দিয়াৰ পক্ষে গুৰুত্বপূৰ্ণ পদক্ষেপ লয়। প্ৰথম দিনটোতে এই সম্পৰ্কীয় ফাইলতো চহী কৰে মুখ্য মন্ত্ৰীজনে।

সাংবাদিকৰ আগত নাথে কয় যে ৰাজ্য চৰকাৰে সেইবোৰ ব্যক্তিগত খণ্ডৰ উদ্যোগকহে ইনচেনটিভ দিব, যিবোৰে নিচে কমেও ৭০ শতাংশ খিলঞ্জীয়াক নিয়োগ কৰিব।

“কৰ্মচাৰীৰ ৭০ শতাংশ মধ্য প্ৰদেশৰ যুৱক-যুৱতী হ’লেহে উদ্যোগবোৰে আমাৰ আঁচনিৰ অধীনত ইনচেনটিভ লাভ কৰিব।” কমল নাথে কয়।

অন্য ৰাজ্যৰ পৰা কাম কৰা মানুহে ভিৰ কৰা বাবে মধ্য প্ৰদেশৰ নিবনুৱাই সংস্থাপনৰ সুযোগ হেৰুৱাইছে বুলি মুখ্য মন্ত্ৰীজনে কয়।

“মধ্য প্ৰদেশ, বিহাৰ আদিৰ পৰা অহা লোকে ইয়াত ভিৰ কৰা বাবে আমাৰ মানুহে চাকৰি-বাকৰি নোপোৱা হৈছে।” কমল নাথে কয়।

উল্লেখযোগ্য যে অসমত খিলঞ্জীয়াৰ বাবে চাকৰি সংৰক্ষণৰ বাবে দীৰ্ঘদিন ধৰি আছুকে ধৰি জাতীয় সংগঠনসমূহে দাবী কৰি আহিছে যদিও চৰকাৰে তেনেকুৱা দাবীক কেতিয়াও গুৰুত্ব দিয়া নাই। চাকৰি দিয়া বাদেই, যি দুই-এজনক চাকৰি দিয়ে, তেওঁলোককো ব্যক্তিগত খণ্ডৰ উদ্যোগ কৰ্তৃপক্ষই প্ৰায়ে দুৰ্ব্যৱহাৰ, ককৰ্থনা কৰা দেখিও চৰকাৰে একো কঠোৰ ব্যৱস্থা নলয়।

Related News