NORTHEAST NOW (Assamese)

ভাৰতীয় সেনাৰ বিৰুদ্ধে অপমানজনক মন্তব্য! ৰাহুল গান্ধীক চমন আদালতৰ

February 12, 2025 2:20 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 12, 2025 12:55 pm

ভাৰতীয় সেনাৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে ৰাহুল গান্ধীৰ বিৰুদ্ধে। এই গোচৰতে বিৰোধী দলপতিৰ নেতাগৰাকীক চমন জাৰি কৰিছে আদালতে। খবৰ অনুসৰি অহা ২৪ মাৰ্চত তেওঁ আদালতত হাজিৰ হব লাগিব।

অভিযোগ অনুসৰি ২০২২ চনত ভাৰত জোড়ো যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে সেনাবাহিনীক লৈ অপমানজনক মন্তব্য কৰিছিল। ইয়াৰ পিছতে সীমান্ত পথ সংস্থাৰ প্ৰাক্তন সঞ্চালক উদয় শংকৰ শ্ৰীবাস্তৱৰ অধিবক্তা বিবেক তিৱাৰীয়ে এজাহাৰ দাখিল কৰে। সেই গোচৰত এতিয়া ডাঙৰ বিপদত পৰিছে ৰাহুল গান্ধী।

বাদীয়ে অভিযোগ কৰিছে যে ২০২২ চনৰ ৯ ডিচেম্বৰত ভাৰত আৰু চীনৰ মাজত সংঘৰ্ষ হৈছিল। ১৬ ডিচেম্বৰত কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্য ভাৰতীয় সামৰিক বাহিনীৰ প্ৰতি অপমাজনক মন্তব্য আগবঢ়াইছিল।

এনে পৰিস্থিতিত অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ আলোক ভাৰ্মাই ২৪ মাৰ্চৰ শুনানিৰ দিন নিৰ্ধাৰণ কৰি কয় যে ৰাহুল গান্ধীয়ে সেইদিনা লক্ষ্ণৌৰ সাংসদ-বিধায়ক আদালতত হাজিৰ হব লাগিব। জানিব পৰা মতে, কংগ্ৰেছ নেতাগৰাকীক ইতিমধ্যে জাননী প্ৰেৰণ কৰি এই বিষয়ে অৱগত কৰা হৈছে।

Related News