• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিদেশৰ ৬ টা স্থানলৈ পুনৰ বিমান উৰিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা

পৰ্যাপ্ত যাত্ৰী নাথাকিলেও বিদেশলৈ উৰিব বিমান, ক্ষতিপূৰণ দিব চৰকাৰে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 8, 2021 8:33 pm
405
VIEWS
Share on FacebookShare on Twitter

শীঘ্ৰে বিদেশৰ ৬ টা স্থানলৈ পুনৰ বিমান উৰিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা।

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা অতি সোনকালে বিদেশৰ ছা স্থান ক্ৰমে বেংকক, ছিংগাপুৰ,ঢাকা, য়াংগন, কাঠমাণ্ডু আৰু কুৱালালামপুৰলৈ আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল পুনৰ আৰম্ভ হ’ব।

উল্লেখিত এই স্থান সমূহলৈ বিমানৰ চলাচল ইতিমধ্যে UDAN আঁচনিৰ অন্তৰ্ভূক্ত হৈ আছে। কিন্তু কোভিড পৰিস্থিতিৰ লগতে পৰ্যাপ্ত যাত্ৰীৰ অভাৱতে উক্ত ছটা স্থানলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা বিমানৰ উৰণ বন্ধ হৈ পৰিছিল।

গুৱাহাটী-বেংককৰ মাজত ২০১৯ চনৰ ছেপ্তেম্বৰ মাহত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমানৰ উৰণ আৰম্ভ কৰা হৈছিল যদিও যাত্ৰীৰ অভাৱ আৰু অন্যান্য কাৰণত ২০২০ চনৰ জানুৱাৰী মাহত গুৱাহাটী-বেংকক বিমান সেৱা বন্ধ হৈ পৰিছিল।

গুৱাহাটী-ঢাকা বিমান সেৱা ২০২০ চনৰ ২০ জুলাইত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা আৰম্ভ কৰা হৈছিল যদিও দুমাহ পিছতেই এই সেৱা বন্ধ হৈ পৰিছিল।

কোভিড পৰিস্থিতিৰ বাবে ২০২০ চনৰ মাৰ্চ মাহত বন্ধ হৈ পৰিছিল গুৱাহাটী-ছিংগাপুৰ বিমান সেৱা।

পূৰ্বে যাত্ৰীৰ অভাৱৰ বাবে এই কেইটা স্থানলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা চলাচল কৰা বিমানৰ সেৱা বন্ধ হৈ পৰিছিল যদিও এতিয়া আৰু তেনে নহয়।

পৰ্যাপ্ত যাত্ৰী নাথাকিলেও উক্ত ছটা স্থানলৈ নিতৌ গুৱাহাটীৰ পৰা বিমান উৰিব।

এই প্ৰসংগত মন্তব্য কৰি অসম চৰকাৰৰ পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয়—’ পূৰ্বে য্ত্ৰীৰ অভাৱৰ বাবে বিমানৰ চলাচল বন্ধ হৈছিল যদিও এতিয়া পৰ্যাপ্ত যাত্ৰী নাথাকিও বিমান উৰিব। যাত্ৰী নথকাৰ বাবে বিমান পৰিবহন কোম্পানীৰ যি লোকচান হ’ব সেয়া চৰকাৰে পূৰণ কৰিব’।

মন্ত্ৰী পাটোৱাৰীয়ে কয় যে ‘ভায়েবিলিটি গেপ ফাণ্ডিং’ আঁচনিৰ অধীনত পৰ্যাপ্ত যাত্ৰী নথকাৰ বাবে বিমান পৰিবহন কোম্পানীৰ যি লোকচান হ’ব সেয়া পূৰোৱা হ’ব।

এই আঁচনিৰ অধীনত বিমান পৰিবহন কোম্পানীৰ ক্ষতিৰ ৯০ শতাংশ কেন্দ্ৰীয় চৰকাৰে আৰু ১০ শতাংশ ধন ৰাজ্য চৰকাৰে বহন কৰিব বুলি মন্ত্ৰী পাটোৱাৰীয়ে উল্লেখ কৰে।

এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে অসামৰিক বিমান পৰিবহন দপ্তৰক ১০০ কোটি টকা আদায় দিবলৈ সাজু আছে বুলি প্ৰতিশ্ৰুতি দিছে।

ৰাজ্য চৰকাৰে UDAN আঁচনিৰ বাবে ইতিমধ্যে ১০.৯ কোটি টকা অসামৰিক বিমান পৰিবহন দপ্তৰক আদায় দিছে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd