NORTHEAST NOW (Assamese)

আন্ত:ৰাষ্ট্ৰীয় খেলুৱৈলৈও এন আৰ চিত সন্দেহযুক্ত বিদেশীৰ জাননী

May 9, 2019 4:32 pm · পুলেন্দ্র দাস
আন্ত:ৰাষ্ট্ৰীয় কাৰাটে খেলুৱৈ নিচাদ আলী। ফাইল ফটো

কাৰাটে খেলৰ জৰিয়তে দেশলৈ কেইবাটাও পদক কঢ়িয়াই আনি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা বৰপেটাৰ সুযোগ্য সন্তান নিচাদ আলীৰ নাগৰিকত্বক লৈও এন আৰ চিত অভিযোগ উত্থাপিত হৈছে ৷ সম্পূৰ্ণ ঠিকনা নথকা অভিযোগকাৰীৰ অভিযোগৰ বাবেই আন্ত:ৰাষ্ট্ৰীয় কাৰাটে খেলুৱৈগৰাকীয়ে আজি নিজকে ভাৰতীয় বুলি প্ৰমাণিত কৰাৰ পৰীক্ষাত অৱতীৰ্ণ হয় ৷

অনুশীলনৰ বাবে সম্প্ৰতি ৰাজ্যৰ বাহিৰত থকা নিচাদ আলীয়ে নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰাৰ বাবে বৰপেটাত উপস্থিত হয় ৷ আজি সৰ্থেবাৰীত থকা এন আৰ চি কেন্দ্ৰত নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰাৰ বাবে অৱতীৰ্ণ হয় আন্ত:ৰাষ্ট্ৰীয় খেলুৱৈ গৰাকীয়ে ৷

অসম অলিম্পিক সন্থাৰ কাৰ্যালয়ৰ সন্মুখত নিচাদ আলী। ফাইল ফটো

উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাৰ ডাৰবানত বিগত বৰ্ষত অনুষ্ঠিত নৱম কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰা নিশাদ আলীয়ে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷

কেইবাখন দেশৰ “ভিছা” লাভ কৰা এনে এগৰাকী খেলুৱৈৰ প্ৰতি নাগৰিকত্বৰ ওপৰত অভিযোগ দাখিল কৰাকলৈ আশ্চৰ্য প্ৰকাশ কৰিছে খেলুৱৈ গৰাকীৰ পিতৃ মাতৃৰ লগতে স্থানীয় ৰাইজে ৷

Related News