• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনিৰ কাম-কাজ তদন্তৰ বাবে জুৰীয়া উন্নয়ন খণ্ডত তদন্তকাৰী দল

তদন্তৰ নামত ভেকোভাওনাৰ অভিযোগ সচেতন মহলৰ

NE NOW NEWS মুৰলী বৰুৱা
নগাঁও , January 10, 2021 6:39 am

3 min read

IMG-20210109-WA0003
410
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ জুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বহু কেইটা গাঁও পঞ্চায়তকে ধৰি জিলাখনত ৰূপায়ণ হোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কেতবোৰ আঁঁচনিত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ সময়তে  ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা উচ্চ পৰ্যায়ৰ তদন্তকাৰী দল উন্নয়ন খণ্ডটোত উপস্থিত হয়হি।

দলটোত আছিল বিভাগটোৰ যুটীয়া সচিব মৃগাংক চৌধুৰী, উপ-সঞ্চালক(কাৰিকৰী) মনোজ ঠাকুৰীয়া, জ্যেষ্ঠ ৰাজ্যিক প্ৰকল্প বিষয়া অভিজিত মিশ্ৰ।

এই তিনিজনীয়া দলটো গুৱাহাটীৰ পৰা পোনে পোনে আহি উন্নয়ন খণ্ডটোৰ অন্তৰ্গত মাহগুৰি গাঁও পঞ্চায়ত কাৰ্যালয়ত উপস্থিতহৈ চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত ৰূপায়ণ হোৱা আঁচনিৰ নথি পত্ৰ সমুহ পৰীক্ষা কৰাৰ লগতে কেবাটাও আঁচনিৰ চৰজমিন অনুসন্ধান কৰে।

ইয়াৰ পিছত তদন্তকাৰী দলটো কচাৰীগাঁও গাঁও পঞ্চায়ত কাৰ্যালয়ত উপস্থিত হৈ চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত ৰূপায়ণ হোৱা কাম-কাজ সমুহৰ নথি পত্ৰসমুহ পৰীক্ষা কৰে।

মনকৰিবলগীয়া বিষয় এই যে, ধিং আৰু ৰূপহীহাট সমষ্টিৰ ২২টা গাঁও পঞ্চায়তৰে গঠিত জুৰীয়া উন্নয়ন খণ্ড এলেকাৰ নিৰ্দিষ্ট কেইটামান গাঁও পঞ্চায়তত বিগত তিনিটা বৰ্ষত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত প্ৰতিটো পঞ্চায়তলৈ আৱন্টিত প্ৰায় ১ কোটি টকাৰ বিভিন্ন আঁঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজে ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষক লিখিত ভাবে জনাইছে।

তদুপৰি, এই সন্দৰ্ভত সময়ে সময়ে সংবাদ মাধ্যমতো ধাৰাবাহিক ভাৱে বা-বাতৰিও পৰিৱেশন হৈ আহিছে। ইয়াৰ ভিতৰত সৰ্বাধিক দুৰ্নীতি-অনিয়মৰ অভিযোগ উত্থাপন হোৱা গাঁও পঞ্চায়ত কেইটা হৈছে সুতিৰপাৰ গাঁও পঞ্চায়ত, সোনাইবেৰা-শিমলুআটি গাঁও পঞ্চায়ত, বগৰিগুৰি গাঁও পঞ্চায়ত, মেলেকাডিং গাঁও পঞ্চায়ত, পৰমাইভেটি- মুকন্দআটি গাঁও পঞ্চায়ত, দগাঁও-ধিং গাঁও পঞ্চায়ত আদি।

উক্ত পঞ্চায়ত সমুহত বিভিন্ন আঁঁচনি সমুহত হোৱা ব্যাপক দুৰ্নীতি সন্দৰ্ভত বিভাগীয় উচ্চ পৰ্যায়ৰ তদন্ত হ’ব লাগে বুলি দাবী উত্থাপন হৈ আহিছিল।

কিন্তু অতি ৰহস্যজনক ভাবে আজি জুৰীয়ালৈ অহা তিনিজনীয়া দলটোৱে উল্লেখিত পঞ্চায়ত সমুহৰ কোনো এটা পঞ্চায়তত তদন্ত নকৰি দুই/তিনিখন মান নিৰ্দিষ্ট পঞ্চায়ত বাচি লোৱা কাৰ্য ৰহস্যজনক বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে।

এই ক্ষেত্ৰত গোপন বুজাবুজি সংঘটিত হ’ব পাৰে বুলিও ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

ইপিনে, উন্নয়ন খণ্ডৰ এটা চক্ৰই তদন্তকাৰী দলটোক মেনেজ কৰাৰ বাবে ইতিমধ্যে প্ৰতিখন পঞ্চায়তৰ সভাপতি-সচিবৰ পৰা ব্যাপক পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে।

উল্লেখ্য যে এই তদন্তকাৰী দলটোৱে জিলাখনৰ ৰূপহীহাট উন্নয়ন খণ্ডত অহা ১১ জানুৱাৰীত একে বিত্তীয় আয়োগৰ অধীনত ৰূপায়ণ হোৱা বিভিন্ন আঁঁচনিত সম্পৰ্কত তদন্ত চলাব বুলি জানিব পৰা গৈছে।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে জাৰি এক নিৰ্দেশত ১৩টা উন্নয়ন খণ্ডৰে গঠিত নগাঁও জিলাত মাত্ৰ জুৰীয়া আৰু ৰূপহী উন্নয়ন খণ্ডহে তদন্তৰ বাবে বাচি লৈছে।

এতিয়া প্ৰশ্ন হ’ল জিলাখনৰ আন উন্নয়ন খণ্ডত সমুহত চতুৰ্থদশ বিত্তীয় আয়োগত দুৰ্নীতি-অনিয়ম হোৱা নাই নেকি ?

নে উন্নয়ন খণ্ড দুটা বিৰোধীৰ দলৰ বিধায়কৰ দখলত থকা বাবে ৰাজনৈতিক হেঁঁচাত বিভাগে তদন্তৰ বাবে টাৰ্গেট কৰি লৈছে। এই প্ৰশ্নও এতিয়া ৰাইজৰ মুখে মুখে চৰ্চিত হৈছে।

Recent News

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

WhatsApp Image 2021-01-24 at 9.08.34 PM

মিছা কথাৰে শাসন ক্ষমতা দখল কৰা বিজেপি চৰকাৰ কৃষক, শ্ৰমিক, দুখীয়া ৰাইজৰ পক্ষত নাই : গৌৰৱ গগৈ

Screenshot_20210124_172110

কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটা আছুৰ; আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd