NORTHEAST NOW (Assamese)

ছেনিটাইজাৰৰ বিকল্প হ’ব পাৰে আয়োডিন: ১৫ ছেকেণ্ডতে কৰে ক’ৰ’ণা ভাইৰাছ ধ্বংস

September 19, 2020 3:04 pm · এন ই নাও নিউজ

ক’ৰ’ণাই কেতিয়া ক’ত কাক লগ দিয়ে তাৰ কোনো নিশ্চয়তা  নোহোৱা হৈ পৰিছে।

ক’ৰ’ণাক ৰুধিবলৈ মানুহে কত’ কি যে কৰা নাই ।

কোনোৱাই বটলে বটলে ছেনিটাইজাৰ কিনি কেৱল ঘঁহি গৈছে।

অত্যধিক ছেনিটাইজাৰ ঘঁহাৰ ফলত বহতৰে হাতত ঘা পৰ্যন্ত হৈছে।

ছেনিটাইজাৰৰ আন বহু পাৰ্শ্বক্ৰিয়াৰ বিষয়ে স্বাস্থ্য বিজ্ঞানীসকলে মানুহক সকিয়াই আহিছে।

এনে সময়তে আমেৰিকাৰ এদল স্বাস্থ্য বিজ্ঞানীয়ে কঢ়িয়াই আনিছে এক সুখবৰ।

এই স্বাস্থ্য বিজ্ঞানীৰ দলটোৰ মতে ক’ৰ’ণা ভাইৰাছ ধ্বংস কৰাৰ ক্ষেত্ৰত প্ৰচলিত ছেনিটাইজাৰতকৈয়ো বেছি ভাল কাম কৰে কটা-চিঙাত ব্যৱহাৰ কৰা আয়োডিনে।

আমেৰিকাৰ কানেক্টিকাট স্কুল অৱ মেডিচিনৰ বিশেষজ্ঞসকলে চলোৱা গৱেষণাত এই কথা প্ৰমাণ হৈছে যে আয়োডিনে মাত্ৰ ১৫ ছেকেণ্ডৰ ভিতৰতে ক’ৰ’ণা ভাইৰাছ মাৰি পেলাব পাৰে।

যি কাম ইথানল এলক’হল যুক্ত ছেনিটাইজাৰে ইমান সোনকালে কৰিব নোৱাৰে।

এক কথাত ক’ৰ’ণা ভাইৰাছ ধ্বংস কৰাৰ ক্ষেত্ৰত ছেনিটাইজাৰতকৈ আয়োডিনে অধিক ক্ষীপ্ৰতাৰে কাম কৰে।

সেয়ে বিজ্ঞানীৰ দলটোৱে আয়োডিনেৰে হাত ধোৱাৰ লগতে মুখ ধোৱাৰ বিষয়তো গুৰুত্ব দিছে।

বাহিৰৰ পৰা গৈ ঘৰ পোৱাৰ পিছত আয়োডিন মিহলি পানীৰে মুখ-হাত ধুলে ক’ৰ’ণা ভাইৰাছ ১৫ ছেকেণ্ডতে নোহোৱা হৈ পৰিব।

 

Related News