NORTHEAST NOW (Assamese)

কোভিডৰ ভয়াৱহ সংক্ৰমণ: কলিয়াবৰৰ চুলুং অঞ্চলত ৭ দিনলৈ ১৪৪ ধাৰা জাৰি

May 30, 2021 7:49 pm · ৰিদিপ শৰ্মা
Updated: May 30, 2021 7:52 pm

কলিয়াবৰৰ চুলুং অঞ্চলৰ লগতে চুলুং বজাৰত আজিৰে পৰা ৭ দিনলৈ ১৪৪ ধাৰা জাৰি কৰিলে কলিয়াবৰ মহকুমা প্ৰশাসনে।
চুলুং বজাৰত পুৱাৰ ভাগত মাছ বিক্ৰী কেন্দ্ৰ আৰু শাক পাচলি বজাৰত দৈনিক অভাৱনীয় হাৰত ভিৰ হয় গ্ৰাহকৰ।

চৰকাৰী নীতি-নিৰ্দেশনা উলংঘা কৰি শতাধিক মানুহৰ সমাগম হৈছিল অঞ্চলটোৰ লগতে চুলুং পাইকাৰী বজাৰত।

লক্ষ্যণীয়ভাৱে চুলুঙত বৃদ্ধি পাইছিল কোভিড-১৯ৰ সংক্ৰমণ।
ইয়াৰ পৰিপ্ৰেক্ষিতত চুলুঙৰ দলাপানী আৰু গেমন ইণ্ডিয়া কোম্পানীত কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছিল প্ৰশাসনে।

একাংশই কোভিড প্ৰট’কল ভংগ কৰি ভিৰ কৰিছিল অঞ্চলটোত।

অৱশেষত প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰে চুলুঙত।
এই সময়ছোৱাত একেলগে একেস্থানত ৪ জন ব্যক্তি গোট খাই থাকিব নোৱাৰিব।নিয়ম ভংগ কৰিলে আইনমতে দণ্ডনীয় হব।

৭ দিনলৈ ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে। পৰিস্থিতি উন্নত নহলে ১৪৪ ধাৰাৰ সময়সীমা বৃদ্ধি পাব পাৰে বুলি জনাইছে প্ৰশাসনে।

Related News