• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আইপিচিৰ ধাৰা ৪৯৮এ সংবিধানৰ ১৪ নং অনুচ্ছেদৰ উলংঘন নকৰে: উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 15, 2025 8:26 pm
158
VIEWS
Share on FacebookShare on Twitter

অলাভজনক সংস্থা জনশ্ৰুতিয়ে ভাৰতীয় দণ্ডবিধিৰ ৪৯৮এ ধাৰাত দাখিল কৰা ভুৱা অভিযোগৰ বিৰুদ্ধে আইনী সুৰক্ষাৰ দাবী জনাই আৱেদন দাখিল কৰিছিল। এই আৱেদনৰ প্ৰতি সঁহাৰি জনাই মঙলবাৰে উচ্চতম ন্যায়ালয়ে ৰায় দান কৰি কয় যে ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ৪৯৮এ ধাৰা, য’ত স্বামী বা তেওঁৰ আত্মীয়ৰ দ্বাৰা মহিলাৰ ওপৰত নিষ্ঠুৰতাক অপৰাধ হিচাপে গণ্য কৰা হয়, সেয়া ভাৰতীয় সংবিধানৰ ১৪ নং অনুচ্ছেদৰ উলংঘন নকৰে।

ন্যায়াধীশ সূৰ্য্য কান্ত আৰু এন কোটিশ্বৰ সিঙৰ বিচাৰপীঠে বৈবাহিক বিবাদত যৌতুক বিৰোধী আইনৰ অধীনত প্ৰথম এফআইআৰ পঞ্জীয়নৰ পূৰ্বে আৰক্ষীৰ প্ৰাথমিক তদন্তৰ দাবী খাৰিজ কৰি এই ৰায়দান কৰে। বিচাৰপীঠে কয়, ধাৰা ৪৯৮এ সংবিধানৰ ১৪ নং অনুচ্ছেদৰ উলংঘন কৰে বুলি কৰা যুক্তি সম্পূৰ্ণ ভুল আৰু বিভ্ৰান্তিকৰ।

সংবিধানৰ ১৫ নং অনুচ্ছেদে মহিলাৰ সুৰক্ষাৰ বাবে বিশেষ আইন প্ৰণয়নৰ ক্ষমতা ৰাষ্ট্ৰক প্ৰদান কৰিছে। এনে আইনৰ অপব্যৱহাৰৰ বিষয় ক্ষেত্ৰভিত্তিকভাৱে পৰীক্ষা কৰা উচিত।উল্লেখ্য যে, ভাৰতীয় দণ্ডবিধিৰ ৪৯৮এ ধাৰাৰ ঠাইত এতিয়া ভাৰতীয় ন্যায় সংহিতাৰ ৮৫ নং ধাৰা প্ৰযোজ্য হৈছে।

জনশ্ৰুতিৰ অধিবক্তাই আদালতত যুক্তি দাঙি ধৰে যে বহু দেশত ঘৰুৱা হিংসাৰ ক্ষেত্ৰত লিংগ নিৰ্বিশেষে সকলোৱে আইনী সুৰক্ষা লাভ কৰিব পাৰে, কিন্তু ভাৰতত এই অধিকাৰ কেৱল মহিলাৰ বাবেই সীমাবদ্ধ। ইয়াৰ উত্তৰত উচ্চতম ন্যায়ালয়ে কয়, আমি আমাৰ সাৰ্বভৌমত্ব বজাই ৰাখিছো। আমি কিয় আনৰ অনুসৰণ কৰিব লাগে? তেওঁলোকেই আমাৰ অনুসৰণ কৰক। বিচাৰপীঠে আৰু কয়, প্ৰতিটো আইনৰ অপব্যৱহাৰ হ’ব পাৰে। এনে বহু ক্ষেত্ৰ আছে য’ত মহিলাৰ ওপৰত অত্যাচাৰ হৈছে। আদালতে গোচৰ অনুসৰি এনে অভিযোগৰ তদন্তৰ ওপৰত নজৰ ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Recent News

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd