উৎকণ্ঠাৰ অন্ত: অনুষ্ঠিত হ’ব আইপিএল, কেতিয়া- ক’ত হ’ব খেল জনালে বিচিচিআইয়ে

ipl

ক’ভিড-১৯ৰ বাবে ৪ মে’ত স্থগিত ৰাখিব লগা হোৱা চলিত বৰ্ষৰ আইপিএলৰ বাকী থকা মেছ সমূহ পুনৰ খোলোৱা হ’ব।নিয়ম অনুসৰি সকলো খেল খোলোৱাৰ পিছত আইপিএলৰ ফাইনেল খেলো অনুষ্ঠিত কৰা হ’ব।

কিন্তু ক’ত অনুষ্ঠিত কৰা হ’ব আইপিএলৰ খেল সমূহ? আজি সকলো উৎকণ্ঠাৰ অৱসান ঘটাই বিচিচিআইয়ে আইপিওলৰ বাকী থকা খেল সমূহৰ লগতে ফাইনেল খেলৰ ভেন্যু নিশ্চিত কৰাৰ লগতে খেলৰ তাৰিখো নিৰ্ধাৰণ কৰিছে। সেই অনুসৰি সংযুক্ত আৰৱ আমিৰশ্বাহীত খেলোৱা হ’ব আইপিএলৰ খেল সমূহ।

সেইমৰ্মে অহা ১৯ ছেপ্টেম্বৰৰ পৰা সংযুক্ত আৰৱ আমিৰশ্বাহীত অনুষ্ঠিত কৰা হ’ব আইপিএলৰ নতুন টুৰ্ণামেণ্ট।টুৰ্ণামেণ্টৰ ফাইনেল অনুষ্ঠিত কৰা হ’ব ১৫ অক্টোৱৰৰ দিনা।

বিচিচিআই আৰু সংযুক্ত আৰৱ আমিৰশ্বাহীৰ ক্ৰিকেট বোৰ্ডৰ মাজত ইতিমধ্যে এই বিষয়ত আলোচনা সম্পূৰ্ণ হৈছে বুলি আজি বিচিচিআইৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে। ২৫ দিনৰ ভিতৰতে আইপিএলৰ খেল সমূহ খেলোৱাৰ সিদ্ধান্তও লোৱা হৈছে।

উল্লেখ্য ক’ৰ’নাতংকৰ বাবেই স্থগিত ৰখা হৈছিল চলিত বৰ্ষৰ আইপিএলৰ বহু কেইখন খেল।
বিচিচিআইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই খেল স্থগিত ৰখাৰ কথা ঘোষণা কৰিছিল।
টুৰ্ণামেণ্টৰ কেইবাজনো খেলুৱৈ ক’ভিডত আক্ৰান্ত হোৱাৰ পাছতেই বিচিচিআইয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল।
আইপিএল স্থগিত ৰাখিবলৈ বম্বে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ পাছতে আইপিএল স্থগিত ৰখা হৈছিল।

একেধৰণৰ এখনি আবেদন দিল্লী উচ্চ ন্যায়ালয়তো দাখিল কৰা হৈছিল।

স্থগিত কৰাৰ আগলৈকে চলিত বৰ্ষৰ আইপিএলৰ ২৯খন মেচ খেলোৱা হৈছিল।

উল্লেখযোগ্য যে খেল চলি থকাৰ মাজতে টুৰ্ণামেণ্টখনৰ কেইবাজনো ক্ৰিকেটাৰ আৰু দলীয় কৰ্মী ক’ভিডত আক্ৰান্ত হৈছিল।

কিন্তু ইয়াৰ মাজতো আশা এৰি দিয়া নাছিল বিচিচিআইয়ে।

চলিত বৰ্ষতেই আইপিএলৰ বাকী থকা মেচকেইখন খেলাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছিল ব’ৰ্ডে।
উল্লেখযোগ্য যে আইপিএল স্থগিত ৰখাত ৩১ খনকৈ মেচ খেলাবলৈ থাকি গ’ল।

ভাৰতৰ ক’ভিড পৰিস্থিতিলৈ লক্ষ্য ৰাখি ভাৰতৰ বাহিৰৰ কোনো দেশত সেই খেল সমূহ আয়োজন কৰা হ’ব পাৰে বুলি চৰ্চা চলিছিল।

ইয়াৰ মাজতে আজি সংযুক্ত আৰৱ আমিৰশ্বাহীত আইপিএল খেলোৱা হ’ব বুলি সিদ্ধান্ত লোৱা হয়।