DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইৰাণত আৰু তিনিজন হিজাব বিৰোধী প্ৰতিবাদকাৰীক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2023 10:07 am
ইৰাণৰ প্ৰতিবাদ। ফটো: সংগৃহীত।

ইৰাণৰ প্ৰতিবাদ। ফটো: সংগৃহীত।

104
VIEWS
Share on FacebookShare on Twitter

ইৰাণৰ এখন আদালতে হিজাব বিৰোধী আন্দোলনত জড়িত থকাৰ বাবে আৰু তিনিজনক মৃত্যুদণ্ড প্ৰদান কৰিছে। তিনিওজনৰ অপৰাধটো হ’ল যে তেওঁলোকে আন্দোলনৰ সময়ত তিনিজন সুৰক্ষা কৰ্মীক হত্যাৰ অভিযোগত অভিযুক্ত।

মাহচা আমিনীক চাৰি মাহ আগতে হিজাব বিৰোধী প্ৰতিবাদ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা হৈছিল। ১৬ ছেপ্টেম্বৰত আৰক্ষীৰ জিম্মাত তেওঁৰ মৃত্যু হৈছিল। তাৰ পিছত ইৰাণত হিজাব বিৰোধী আন্দোলন আৰম্ভ হয়। দেশৰ চৰকাৰে শক্তিশালী হাতেৰে বিদ্ৰোহ দমন কৰিবলৈ চেষ্টা কৰি আছে। কেইবাজনোলোকক মৃত্যুদণ্ড দিয়া হৈছে। এজন অভিযুক্ত আন্দোলনকাৰীক ৰাজহুৱাভাৱে ক্ৰেইনৰ পৰা ওলমাই ফাঁচী দিয়া হৈছিল।

লগতে পঢ়ক: ভাৰত জোড়ো যাত্ৰাই সলনি কৰি দিয়া ৰাহুলৰ ভাষ্য-‘মই সেই ৰাহুল গান্ধীক মাৰি পেলাইছো’

সোমবাৰে, আদালতে আৰু তিনিজনক মৃত্যুদণ্ড প্ৰদান কৰে। তেওঁলোকৰ প্ৰায় সকলোৰে ওপৰত সুৰক্ষা বাহিনীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। অৱশ্যে, অভিযোগপত্ৰখনত উল্লেখ কৰা হৈছে যে তেওঁলোকে ধৰ্মৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে। যাৰ শাস্তি সৰ্বাধিক – মৃত্যুদণ্ড। এই ক্ষেত্ৰত দেশৰ আদালতে তিনি মাহত ১৭ জন লোকক চৰম শাস্তি প্ৰদান কৰিছে। তেওঁলোকৰ চাৰিজনক ফাঁচী দিয়া হৈছে। উচ্চতম ন্যায়ালয়ে দুজনৰ শাস্তি স্থগিত ৰাখিছে। আনসকলৰ বিৰুদ্ধে গোচৰ চলি আছে।

সোমবাৰে মৃত্যুদণ্ডৰ নিৰ্দেশ লাভ কৰা তিনিজন হৈছে চালেহ মিৰহাছেমী, মজিদ কাজেমী আৰু ছাইদ য়াগুবি। তেওঁলোকে পুনৰ আদালতত আপীল কৰিব পাৰে। এই তিনিজনৰ অভিযোগপত্ৰতো ‘মোহাৰবে’ লিখা হৈছে, অৰ্থাৎ ঈশ্বৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা। ঘটনাটোত জড়িত থকাৰ বাবে আন দুজনক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে মুহাম্মদ মেহদী কাৰামী আৰু চৈয়দ মুহাম্মাদ হুছেইনীক শনিবাৰে ফাঁচী দিয়া হৈছিল। নৱেম্বৰত তেওঁলোকে তেহৰাণৰ পশ্চিমে কাৰাজত অৰ্ধসামৰিক বাহিনীৰ এজন সদস্যক হত্যাৰ ঘটনাত অভিযুক্ত হৈছিল। মোহসেন শ্বেকাৰি আৰু মাজিদৰেজা ৰহনাবাৰ্ডক ডিচেম্বৰত ফাঁচী দিয়া হৈছিল। দুয়োজন দুটা পৃথক ঘটনাত অভিযুক্ত হৈছিল।

লগতে পঢ়ক: আকৌ ভূমিকম্প! ৰিখটাৰ স্কেলত ৭.৭ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পই জোকাৰি গ’ল ইণ্ডোনেছিয়া

হিজাব বিৰোধী আন্দোলনক দমন কৰাত ইৰাণ চৰকাৰৰ ভূমিকাৰ বাবে পশ্চিমীয়া বিশ্ব ক্ষুব্ধ হৈ আছে। তেওঁলোকে ইতিমধ্যে তেহৰাণৰ ওপৰত একাধিক নিষেধাজ্ঞাও আৰোপ কৰিছে।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd