DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰত জোড়ো যাত্ৰাই সলনি কৰি দিয়া ৰাহুলৰ ভাষ্য-‘মই সেই ৰাহুল গান্ধীক মাৰি পেলাইছো’

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 10, 2023 9:23 am
88
VIEWS
Share on FacebookShare on Twitter

যিজন ৰাহুল গান্ধীক আপোনাৰ মনত আছে মই সেই ৰাহুল গান্ধীক মাৰি পেলাইছো। নিজৰ প্ৰতিচ্ছবিক লৈ ভাৰত-জোড়ো যাত্ৰাত এই অকপট ঘোষণা ৰাহুল গান্ধীৰ। দৰাচলতে, কিছুদিন আগলৈ ৰাহুল বুলি ক’লে মানুহৰ মনত ভাঁহি আহিছিল নিমজ গাল, উজ্জ্বল মুখেৰে এজন যুৱকৰ চেহেৰা। সেই ৰাহুলে আজি ভাৰত জোড়ো যাত্ৰা কৰি আছে।

ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যাত্ৰা কৰি আছে। এই যাত্ৰাই ৰাহুল গান্ধীক হেনো ক্ৰমান্বয়ে সলনি কৰিছে। বাহিৰে-ভিতৰে আমূল পৰিৱৰ্তন হৈছে ৰাহুলৰ। এয়া যেন আন এজন ৰাহুল। তেওঁ সমগ্ৰ ভাৰতকে সপোন দেখুৱাইছে।

লগতে পঢ়ক: আকৌ ভূমিকম্প! ৰিখটাৰ স্কেলত ৭.৭ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পই জোকাৰি গ’ল ইণ্ডোনেছিয়া

ৰাহুল গান্ধীয়ে কয়, “আপুনি মনত থকা সেইজন ৰাহুল গান্ধীক মই মাৰি পেলাইছো। তেওঁ আৰু মোৰ মনতো নাই। তেওঁ গুচি গ’ল। আপুনি দেখা ব্যক্তিজন সেই ৰাহুল গান্ধী নহয়।

এগৰাকী সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীয়ে কয় যে আপুনি বুজি পোৱা নাই। এয়া ৰাহুল গান্ধী নহয়। হিন্দু ধৰ্মৰ বিষয়ে অলপ পঢ়ক। শিৱজীক অলপ পঢ়ক। তেতিয়া মোৰ কথাবোৰ বুজি পাব। ইমান বিচলিত নহ’ব। আপোনাৰ ৰাহুল গান্ধীৰ কথা মনত আছে। মোৰ মনত নাই। ৰাহুল গান্ধী বিজেপিৰ মূৰত আছে। মোৰ মূৰত নাই।

তেওঁ লগতে কয়, ‘’মই ইমেজৰ বিষয়ে গুৰুত্ব নিদিওঁ। মই ইমেজকলৈ আগ্ৰহী নহয়। যিটো ইমেজ আপুনি ৰাখিব বিচাৰে ৰাখি দিয়ক। ভালদৰে ৰাখিব বিচাৰে যদি ৰাখি দিয়ক। যদি বেয়াকৈ ৰাখিব বিচাৰে ৰাখি দিয়ক। ইয়াত মোৰ কামত কোনো প্ৰভাৱ নপৰে। সেয়া আপোনাৰ বিষয়, মোৰ নহয়।‘’ সম্পূৰ্ণ বেলেগ যেন লাগিছে ৰাহুলৰ এই কথা। বহুতেই এই সলনি হোৱা ৰাহুলক আকোঁৱালি লৈছে।

লগতে পঢ়ক: মস্কো-গোৱা বিমানত বোমাতংক! গুজৰাটৰ জামনগৰৰ বায়ুসেনা ঘাটিত জৰুৰী অৱতৰণ

ভাৰত জোড়ো যাত্ৰাত ৰাহুলে সমগ্ৰ দেশত খোজ কাঢ়ি আছে। হাজাৰ হাজাৰ মানুহে তেওঁৰ সৈতে খোজ কাঢ়ি আছে। তেওঁ মানুহৰ কথা মনোযোগেৰে শুনিছে। বহুলোকে কৈছে যে এইবাৰ তেওঁৰ বাটত সংগীৰ অভাৱ নাই। বিৰোধী নেতাসকলেও ৰাহুলৰ যাত্ৰাৰ প্ৰশংসা কৰিছে।

কিন্তু তাৰপিছতো প্ৰশ্নটো হ’ল এই সলনি হোৱা ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই নিৰ্বাচনী বজাৰত প্ৰভাৱ পেলাব পাৰিবনে?

Recent News

death threat to Kejriwal

কেজৰিৱালৰ জীৱনলৈ সংশয়! আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি কেজৰিৱালক হত্যাৰ ভাবুকি

Adani

ফেচবুক কৰ্ণাৰ: ডুবিছে ‘মোডানি’ জাহাজ

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd