• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শ্ৰীলংকাৰ উপকূলত ডুবিল ইৰাণৰ যুদ্ধজাহাজ: ১০০ ৰো অধিক নৌসেনা নিৰুদ্দেশ, বৃহৎ উদ্ধাৰ অভিযান আৰম্ভ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2026 11:13 am
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে ভাৰত মহাসাগৰত শ্ৰীলংকাৰ দক্ষিণ উপকূলৰ সমীপত ইৰাণৰ নৌসেনাৰ এখন জাহাজ আক্ৰমণৰ সন্মুখীন হৈ ডুব যোৱাৰ ফলত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ‘আই আৰ আই এছ দেনা’ নামৰ যুদ্ধজাহাজখনে বিপদৰ সংকেত প্ৰেৰণ কৰাৰ পিছতে শ্ৰীলংকাৰ কৰ্তৃপক্ষই এক বৃহৎ সামুদ্ৰিক আৰু আকাশমাৰ্গৰ উদ্ধাৰ অভিযান আৰম্ভ কৰে। এই ঘটনাত ১০০ ৰো অধিক নৌসেনা নিৰুদ্দেশ হোৱাৰ লগতে কেইবাজনো আহত হৈছে। মধ্যপ্ৰাচ্যত চলি থকা সংঘাতৰ মাজতে আন্তঃৰাষ্ট্ৰীয় জলভাগত সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, প্ৰায় ১৮০ জন ক্ৰু সদস্য থকা এই ফ্ৰিগেটখনে শ্ৰীলংকাৰ গাল্লে বন্দৰৰ পৰা প্ৰায় ৪০ নটিকেল মাইল দূৰত্বত বিপদত পৰে। পুৱতি নিশালৈ জাহাজখনত পানী সোমাবলৈ ধৰে আৰু ই ডুব যাবলৈ আৰম্ভ কৰে। প্ৰাথমিক খবৰ অনুসৰি ছাবমেৰিনৰ দ্বাৰা আক্ৰমণৰ সন্দেহ কৰা হৈছে যদিও বিষয়াসকলে এতিয়ালৈকে সঠিক কাৰণ ৰাজহুৱা কৰা নাই। এই ঘটনাত কমেও ৭৮ জন ক্ৰু সদস্য আহত হোৱাৰ বিপৰীতে ১০০ ৰো অধিক সন্ধানহীন হৈ আছে। প্ৰায় ৩০ ৰ পৰা ৩২ জন গুৰুতৰভাৱে আহত নৌসেনাক জৰুৰীকালীন চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কলম্বোৰ পৰা প্ৰায় ১১৫ কিলোমিটাৰ দক্ষিণে অৱস্থিত গাল্লেৰ মূল চিকিৎসালয়খনক আহতসকলৰ চিকিৎসাৰ বাবে সম্পূৰ্ণৰূপে সাজু কৰি ৰখা হৈছে।

Apply Now

বিপদৰ সংকেত লাভ কৰাৰ লগে লগে শ্ৰীলংকাৰ নৌসেনাই ঘটনাস্থলীলৈ জাহাজ আৰু বিমান প্ৰেৰণ কৰে। শ্ৰীলংকাৰ বিমান বাহিনীয়েও এই যুটীয়া উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰে। উপ-প্ৰতিৰক্ষা মন্ত্ৰী অৰুণা জয়ছেকৰাই নৌসেনা আৰু বিমান বাহিনীৰ যুটীয়া প্ৰচেষ্টাত ডুব যোৱা জাহাজখনৰ পৰা নৌসেনাসকলক উদ্ধাৰ কৰাৰ কথা নিশ্চিত কৰে। শ্ৰীলংকাৰ নৌসেনাৰ মুখপাত্ৰ বুদ্ধিকা সম্পথে সংবাদ মাধ্যমৰ আগত কয়, “ভাৰত মহাসাগৰৰ আমাৰ অনুসন্ধান আৰু উদ্ধাৰ এলেকাৰ ভিতৰত হোৱাৰ বাবে আমি আমাৰ আন্তঃৰাষ্ট্ৰীয় দায়বদ্ধতাৰ অধীনত এই বিপদৰ সংকেতৰ প্ৰতি সঁহাৰি জনাইছো।” পৰিয়ালবৰ্গ আৰু বিষয়াসকলে সন্ধানহীন লোকসকলৰ খবৰৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে উদ্ধাৰকাৰী দলে ওচৰৰ জলভাগত অভিযান অব্যাহত ৰাখিছে।

শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ ইৰাণৰ ওপৰত হোৱা আক্ৰমণ আৰু তাৰ পৰৱৰ্তী প্ৰতিশোধমূলক কাৰ্যকলাপৰ বাবে মধ্যপ্ৰাচ্যত সংঘাত তীব্ৰতৰ হৈ পৰিছে। এই সামুদ্ৰিক জৰুৰীকালীন অৱস্থা এনে এক সময়ত সংঘটিত হৈছে যেতিয়া ইৰাণৰ সামৰিক নেতৃত্বই গুৰুত্বপূৰ্ণ জাহাজ চলাচলৰ পথসমূহৰ নিয়ন্ত্ৰণক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ইছলামিক ৰিভলিউশ্যনাৰী গাৰ্ড কৰ্পছে বিশ্বৰ প্ৰধান তেল সৰবৰাহৰ পথ হৰমুজ প্ৰণালীৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ বৃদ্ধি পোৱা বুলি দাবী কৰিছে। গাৰ্ডছ নৌসেনাৰ বিষয়া মহম্মদ আকবৰজাদেই এক বিবৃতিত কয়, “বৰ্তমান হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে ইছলামিক ৰিপাব্লিকৰ নৌসেনাৰ নিয়ন্ত্ৰণত আছে।” আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কয় যে উপসাগৰীয় জাহাজ চলাচলৰ পথত তেলবাহী জাহাজসমূহক সুৰক্ষিতভাৱে পাৰ কৰোৱাৰ বাবে আমেৰিকান নৌসেনা সাজু আছে।

শ্ৰীলংকাৰ সমীপত ইৰাণৰ নৌসেনাৰ জাহাজ ডুব যোৱাৰ ঘটনাই আঞ্চলিক সংঘাতে বিশ্বৰ সামুদ্ৰিক নিৰাপত্তাত কেনেদৰে প্ৰভাৱ পেলাব পাৰে তাকেই প্ৰতিপন্ন কৰিছে। ভাৰত মহাসাগৰ হৈছে শক্তি বজাৰ, বাণিজ্য পথ আৰু কৌশলগত নৌসেনাৰ কাৰ্যকলাপক সংযোগ কৰা বিশ্বৰ অন্যতম ব্যস্ত জাহাজ চলাচলৰ পথ। সাম্প্ৰতিক সময়ত শ্ৰীলংকাৰ কৰ্তৃপক্ষই জীৱন ৰক্ষা আৰু নিৰুদ্দেশ হোৱা নৌসেনাসকলৰ সন্ধান উলিওৱাত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে, আনহাতে আক্ৰমণৰ প্ৰকৃত কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

August 7, 2026 9:59 pm
উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

August 7, 2026 9:05 pm
মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

August 7, 2026 8:03 pm
কাজিৰঙাত প্ৰথমবাৰৰ বাবে জিপিএছ ট্ৰেকাৰ লগাই এৰি দিয়া হ’ল ১০টা সংকটাপন্ন শগুন : উদ্বোধন হ’ল নতুন ফ্লৰিকান ইক’ টুৰিজম গেট

কাজিৰঙাত প্ৰথমবাৰৰ বাবে জিপিএছ ট্ৰেকাৰ লগাই এৰি দিয়া হ’ল ১০টা সংকটাপন্ন শগুন : উদ্বোধন হ’ল নতুন ফ্লৰিকান ইক’ টুৰিজম গেট

August 7, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

August 7, 2026 9:59 pm
উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

August 7, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd