Iranian writer sentenced to death ইৰাণৰ লেখক মেহেদী বাহমানে ইজৰাইলী সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কৈছিল যে প্ৰশাসনে দেশখনৰ জনসাধাৰণৰ ওপৰত ইছলামিক আইন জাপি দিছে। ইৰাণৰ মৌলবাদী প্ৰশাসনে তেওঁক এনে ধৰণৰ ‘অপৰাধ’ৰ বাবে চোৰাংচোৱা সজাই মৃত্যুদণ্ড দিছে। তেওঁক প্ৰায় দুমাহ আগতে গ্ৰেপ্তাৰ কৰা হৈছিল। সূত্ৰ অনুসৰি, কেইদিনমান আগতে তেওঁক মৃত্যুদণ্ড দিয়া হৈছে।
২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ ইৰাণ হিজাব বিতৰ্কত উত্তাল হৈ আছে। হিজাব পৰিধান নকৰাৰ বাবে মাহচা আমিনীৰ আৰক্ষীৰ জিম্মাত মৃত্যু হৈছিল। তেতিয়াৰ পৰাই ইৰাণীসকলে বাধ্যতামূলক হিজাবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে। সেই দেশৰ প্ৰসিদ্ধ ব্যক্তিসকলেও প্ৰতিবাদত নামিছে।
লগতে পঢ়ক: নতুন বছৰৰ আৰম্ভণিতে দুঃসংবাদ! কৰ্কট ৰোগত আক্ৰান্ত কিংবদন্তি টেনিছ খেলুৱৈ নাভ্ৰাটিলোভা
ইপিনে, খোমেনীৰ প্ৰশাসনে প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ এক কঠোৰ দমনমূলক নীতি গ্ৰহণ কৰিছে। কেৱল আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে কেইবাজনো প্ৰতিবাদকাৰীক মৃত্যুদণ্ড দিয়া হৈছে।
এনে পৰিস্থিতিৰ মাজতে মেহেদীৰ মৃত্যুদণ্ডৰ খবৰ পোহৰলৈ আহিছে। ইৰাণৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ইৰাণী লেখকজনে ২০২২ চনৰ এপ্ৰিলত এটা ইজৰাইলী নিউজ চেনেলক সাক্ষাৎকাৰ দিছিল। তাত তেওঁ দেশৰ মৌলবাদী প্ৰশাসনক তীব্ৰ সমালোচনা কৰিছিল।
প্ৰসিদ্ধ সাহিত্যিকগৰাকীয়ে দাবী কৰিছিল যে ইছলামিক আইন সাধাৰণ মানুহৰ ওপৰত জোৰ কৰি জাপি দিয়া হৈছে। তেওঁ দেশৰ ভিতৰত সাম্প্ৰদায়িক সম্প্ৰীতি গঢ়ি তোলাৰ পক্ষত যুক্তি দাঙি ধৰিছিল। সেয়াই নহয়, তেওঁ কূটনৈতিক সমস্যা সমাধানৰ দ্বাৰা ইৰাণ আৰু ইজৰাইলৰ মাজত সুস্থ দ্বিপাক্ষিক সম্পৰ্ক গঢ়ি তোলাৰ বাৰ্তাও দিছিল।
লগতে পঢ়ক: সোনকালেই সমাপ্ত নহয় ৰাছিয়া-ইউক্ৰেইন যুদ্ধ; ব্যাপক প্ৰস্তুতিৰ আহ্বান নাটোৰ
উক্ত সাক্ষাৎকাৰটো প্ৰকাশ হোৱাৰ পিছত দেশৰ প্ৰশাসনৰ ৰোষত পৰিছিল মেহেদী। তেওঁ ইৰাণৰ চিয়া ধৰ্মগুৰু মাচুমি তেহৰাণীৰ সৈতেও দীৰ্ঘদিন ধৰি কাম কৰি আহিছে। তেওঁলোকে বিভিন্ন ধৰ্মৰ প্ৰতীক হিচাপে জনাজাত চিহ্ন ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ শিল্পকৰ্ম সৃষ্টি কৰিছিল। এই সামগ্ৰীবোৰ সংখ্যালঘু ধৰ্মীয় নেতাসকলক উপহাৰ হিচাপে দিয়া হয়।
মুঠৰ ওপৰত এনে বিভিন্ন কাৰণত মেহদীৰ ওপৰত অসন্তুষ্ট হৈ পৰিছিল ইৰাণৰ প্ৰশাসন। তেওঁক ২০২২ৰ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল। কাৰাবাসত ৰখাৰ পিছত মৌলবাদী প্ৰশাসনে তেওঁক মৃত্যুদণ্ড প্ৰদান কৰে।