বাক্সাৰ বৰমাত উত্তেজনা; থানা আক্ৰমণ, আৰক্ষীৰ লাঠিচাৰ্জ, ৩জনক আটক

বাক্সা জিলাৰ বৰমা থানাত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বৰমা থানাৰ অন্তৰ্গত দীঘেলীৰ একাংশ লোকে আজি বৰমা থানাত আক্ৰমণ কৰাক কেন্দ্ৰ কৰিয়েই উক্ত ঘটনাৰ সূত্ৰপাত হয়।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে উত্তেজিত লোকৰ ওপৰত লাঠিচাৰ্জ কৰাৰ লগতে থানাত আক্ৰমণ কৰা তিনিজন লোকক আটক কৰে।

প্ৰাপ্ত খবৰ অনুসৰি যোৱা ১ ফেব্ৰুৱাৰিৰ পুৱা ৰৌচান আলী নামৰ এজন লোকক চপ্তাৰ আলী নামৰ লোকজনে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল। এই ঘটনাৰ পিছতে ৰৌচান আলীৰ পৰিয়ালে বৰমা থানাত এক গোচৰ তৰে। আনহাতে ৰৌচন আলীৰ পৰিয়ালে থানাত গোচৰ দিয়াৰ পিছতে চপ্তাৰ আলীৰ পত্নীয়ে ধৰ্ষণৰ চেষ্টাৰ অভিযোগ তুলি ৰৌচনৰ বিৰুদ্ধে বৰমা থানাত ক্ৰচ গোচৰ তৰে।

দুদিন পাৰ হৈ যোৱাৰ পিছতো ৰৌচান আলীৰ আক্ৰমণকাৰীক আৰক্ষীয়ে আটক নকৰাত ক্ষুব্ধ হৈ আজি পুৱা দীঘেলীৰ ৰাইজে বৰমা থানা ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলে।

পৰিস্থিতি নিয়ন্ত্ৰনৰ বাবে বৰমা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নিৰ্দেশত উত্তেজিত লোকসকলৰ ওপৰত লাঠিচাৰ্জ কৰাত একাংশ লোকে থানালৈ শিলগুটি নিক্ষেপ কৰে। অৱশ্যে পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়। আনহাতে থানাত আক্ৰমণ চলোৱাৰ বাবে আৰক্ষীয়ে ফাৰুক আলী, আনোৱাৰ হুছেইন আৰু জাকিৰ আলী নামৰ ৩জন লোকক আটক কৰে।