• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় দলৰ পৰা বাদ পৰাৰ ১৬ বছৰ পিছত এইগৰাকী ক্ৰিকেটাৰক কাঠগড়াত তুলিলে ইৰফান পাঠানে  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 16, 2025 1:35 pm
212
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গ্ৰেগ চেপেলৰ অধীনত ইৰফান পাঠানে বলাৰৰ পৰা বেটছমেন হৈ উঠিছিল। ২০০৭ চনত মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত টি-২০ বিশ্বকাপ জয় কৰাত ইৰফান পাঠানে ডাঙৰ ভূমিকা পালন কৰিছিল।

সেই পাঠনক ২০০৯ চনত টিম ইণ্ডিয়াৰ এদিনীয়া দলৰ পৰা বাদ দিয়া হৈছিল। তেওঁক বাদ দিয়াৰ আঁৰত আছিল নেকি মহেন্দ্ৰ সিং ধোনী? এই ঘটনাৰ ১৬ বছৰৰ পাছত এই অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে। ২০০৮ চনত টেষ্ট দলৰ পৰা বাদ পৰাৰ এবছৰৰ ভিতৰতে পাঠানক এদিনীয়া দলৰ পৰাও বাদ দিয়া হৈছিল।

Apply Now

সৰ্বভাৰতীয় সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত ইৰফান পাঠানে কয়, ‘সেইটো ২০০৯ চনৰ কথা। সেই সময়ত আমি নিউজিলেণ্ড ভ্ৰমণত আছিলো। তেতিয়াই ঘটনাটো সংঘটিত হৈছিল। এই খবৰৰ বিষয়ে মই প্ৰশিক্ষক গেৰী কাৰ্ষ্টেনৰ পৰা জানিব পাৰিলোঁ। ইয়াৰ আগতে মোৰ ককাইদেউ (ইউছুফ পাঠান) আৰু মই শ্ৰীলংকাত খেলখনত জয়ী হৈছিলোঁ। আমি যি পৰিস্থিতিত জয়ী হৈছিলো সেয়া আছিল অতি কঠিন। মই নিশ্চিত যে মোৰ ঠাইত যদি আন কোনোবা থাকিলহেঁতেন তেন্তে এবছৰত তেওঁক ড্ৰপ কৰা নহ’লহেঁতেন। শ্ৰীলংকাৰ বিৰুদ্ধে সেই মেচখনত মাত্ৰ ২৭-২৮টা বলতে ৬০ ৰানৰ প্ৰয়োজন হৈছিল। আমি তাৰ পৰাই জয়ী হৈছিলো।’

তেওঁ আৰু কয়, ‘নিউজিলেণ্ডত প্ৰথম তিনিখন মেচৰ বাবে মোক দলৰ পৰা আঁতৰাই ৰখা হৈছিল। চতুৰ্থখন মেচ বৰষুণৰ বাবে ফলাফল বিহীন হৈ পৰে। মইও শেষৰ মেচখনতো নাছিলোঁ। তাৰ পাছত গেৰী ছাৰক সুধিলোঁ, ‘মোক কিয় ড্ৰপ কৰা হ’ল? যদি মোৰ উন্নতি কৰিব লগা আছে, তেন্তে আপুনি মোক ক’ব পাৰে। ইয়াৰ উত্তৰত তেওঁ দুটা কাৰণ দিলে।’

ইৰফান পাঠানৰ ভাষাত, ‘ভাৰতীয় প্ৰশিক্ষকগৰাকীয়ে কৈছিল যে এনে কিছুমান কথা আছে যিটো মোৰ হাতত নাই। তেতিয়া পাঠানে জানিবলৈ সুধিলে ‘তেন্তে কাৰ হাতত সেই দায়িত্ব?’। যদিও তেওঁ মোক একো কোৱা নাছিল। ইয়াৰ আঁৰত কোন আছে মই ইতিমধ্যে গম পাইছিলোঁ। অধিনায়কগৰাকীয়ে প্ৰথম একাদশ নিৰ্বাচন কৰে। সেই সময়ত ধোনী আছিল অধিনায়ক। তেওঁৰ সিদ্ধান্ত সঠিক আছিল নে ভুল আছিল মই নকওঁ। কাৰণ প্ৰতিজন অধিনায়কৰ নিজৰ নিজৰ ধৰণে দল পৰিচালনা কৰাৰ অধিকাৰ আছে।’

প্ৰাক্তন ক্ৰিকেটাৰ ইৰফান পাঠানৰ মতে, কাৰ্ষ্টেনে বুজাই দিয়া দ্বিতীয়টো কাৰণ আছিল যে সেই সময়ত টিম ইণ্ডিয়াই ৭ নম্বৰত এজন বেটিং অল ৰাউণ্ডাৰ বিচাৰিছিল। ইউছুফ পাঠানে সেই ভূমিকা গ্ৰহণ কৰিছিল। মন কৰিবলগীয়া যে বাদ পৰাৰ তিনি বছৰৰ পাছত তেওঁ ২০১২ চনত এদিনীয়া দললৈ ঘূৰি আহিছিল। যদিও তেওঁ মাত্ৰ ১২খন এদিনীয়া খেলাৰ সুযোগ পাইছিল। ভুৱনেশ্বৰ কুমাৰ আৰু ঈশান্ত শৰ্মাৰ স্থান নিশ্চিত হোৱাৰ পিছত ইৰফান পাঠানে চিৰদিনৰ বাবে ভাৰতীয় দলৰ পৰা বাহিৰ হৈ যায়।

ইফালে ৰাজনীতিৰ বলি বিৰাট কোহলী আৰু ৰোহিত শৰ্মা। এই কথা দাবী কৰিছিল প্ৰাক্তন দেশীয় ক্ৰিকেটাৰ কাৰ্ছন ঘাউৰীয়ে।

২০২৪ চনত টি-২০ আন্তৰ্জাতিক আৰু ২০২৫ চনত ইংলেণ্ড ছিৰিজৰ পূৰ্বে বিৰাট আৰু ৰোহিতে হঠাতে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। অৱসৰৰ কাৰণ হিচাপে দুৰ্বল ফৰ্মকে ধৰি আন বিভিন্ন কাৰণ উত্থাপন কৰা হৈছিল। কিন্তু প্ৰাক্তন দেশীয় ক্ৰিকেটাৰ কাৰ্ছন ঘাউৰীয়ে কয় যে এই অৱসৰৰ আঁৰত আছে লেতেৰা ৰাজনীতি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

August 17, 2026 12:44 pm
লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

August 17, 2026 11:41 am
ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

August 17, 2026 10:52 am
প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

August 17, 2026 12:44 pm
লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

August 17, 2026 11:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd