DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰু কি লাগে? ৯৪টা বলত ১৭৩ৰাণ, ১৯টা চাৰি, ১১টা ছয়; বিজয় হাজাৰেত ইশান কিষাণৰ ধুমুহা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 21, 2021 8:20 am
Ishan Kishan

ইশান কিষাণ।

378
VIEWS
Share on FacebookShare on Twitter

বিজয় হাজাৰে ট্ৰফীত বেটেৰে একপ্ৰকাৰ ধুমুহাৰ সৃষ্টি কৰিলে ভাৰতৰ এগৰাকী তৰুণ উইকেটকীপাৰ-বেটছমেন ইশান কিষাণে। ৰাষ্ট্ৰীয় এদিনীয়া টুৰ্ণামেন্টত অভিলেখ গঢ়িলে ঝাৰখণ্ডৰ হৈ খেলা এই প্ৰতিভাৱান ক্ৰিকেটাৰগৰাকীয়ে।

বিজয় হাজাৰে ট্ৰফীৰ মধ্যপ্ৰদেশৰ বিৰুদ্ধে খেলা খেলখনত ইশানে তেওঁৰ ৯৪টা বলৰ ইনিংছটোত ১৯টা চাৰি আৰু ১১টা ছয় কোবায়।

টুৰ্মামেন্টৰ ইতিহাসত আটাইতকৈ অধিক ৰাণৰ ইনিংছ খেলা ভাৰতীয় উইকেটকীপাৰৰ ভিতৰত যুটীয়াভাৱে দ্বিতীয় স্থান লাভ কৰিছে ইশান কিষাণে। উইকেটকীপাৰ-কেপ্টেইন হিচাপে এইটো ৰাষ্ট্ৰীয় এদিনীয়া টুৰ্নামেন্টত যিকোনো ভাৰতীয়ৰ সৰ্বাধিক ব্যক্তিগত ইনিংছ।

ইশানে তেওঁৰ অৰ্ধশতৰাণ সম্পূৰ্ণ কৰে ৪০টা বলত। কিন্তু শতৰাণ পূৰ্ণ কৰে ৭৪টা বলত। সেইদৰে ৮৬টা বলত ১৫০ ৰাণৰ সীমা অতিক্ৰম কৰে।  ইশানে ১০০ৰ পৰা ১৫০ ৰাণ কৰোতে মাত্ৰ ১২টা বল খেলিছে। তেওঁ অন্তিম ৭১ ৰাণ কৰিছে মাত্ৰ ২০টা বলত।

সামগ্ৰিকভাৱে ক্ৰিকেটত আটাইতকৈ বেছি ৰাণ কৰা উইকেটকীপাৰৰ তালিকাত ৩নম্বৰ স্থানত আছে ইশান। ২০১৪চনত নাইটছৰ বিৰুদ্ধে ডলফিনছৰ মৰ্নি ভেন উইকে ১৭১ টা বলত ১৭৫ ৰাণ কৰি অপৰাজিত আছিল।

সেইদৰে ২০০৩চনত লাহোৰৰ বিৰুদ্ধে পিআইএৰ মইন খানে ১৫২টা বলত ১৭৪ৰাণ কৰিছিল।

বিজয় হাজাৰে ট্ৰফীত সৰ্বাধিক ব্যক্তিগত ৰাণৰ অভিলেখ আছে সঞ্জু ছেমছনৰ নামত। ৰাষ্ট্ৰীয় এদিনীয়া টুৰ্নামেন্টত আটাইতকৈ বেছি ৰাণৰ ব্যক্তিগত ইনিংছৰ তালিকাত যুগ্মভাৱে পঞ্চম স্থানত আছে ইশান।

এইক্ষেত্ৰত যশস্বী জয়ছোৱালে ২০৩, কৌশলে ২০২, ৰাহানে ১৮৭, জাফৰ অপৰাজিত ১৭৮ আৰু অংকুশ বেইন্সে অপৰাজিত ১৭৩ৰাণ কৰিছিল। এতিয়া বেইন্সৰ সৈতে একে স্থান লাভ কৰিলে ইশানে।

ইপিনে, ঝাৰখণ্ডে নিৰ্দ্ধাৰিত ৫০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ৪২২ৰাণ কৰে। দেশৰ মাটিত ৫০ অভাৰৰ ক্ৰিকেটত এইটোৱে হৈছে সৰ্বোচ্চ দলীয় ইনিংছ।

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd