• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিতৰ্কিত মন্তব্য! মেনকা গান্ধীলৈ ১০০ কোটি টকাৰ মানহানিৰ জাননী প্ৰেৰণ কৰিলে ইস্কনে

এন ই নাও  নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 30, 2023 12:10 pm
2.2k
VIEWS
Share on FacebookShare on Twitter

দেশৰ শাসকীয় দল বিজেপিৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মেনকা গান্ধীয়ে বিতৰ্কিত মন্তব্য কৰাৰ বাবে ধৰ্মীয় সংগঠন আন্তঃৰাষ্ট্ৰীয় কৃষ্ণ ভাৱনামৃত সংঘই (ইস্কন) ১০০ কোটি টকাৰ মানহানিৰ জাননী প্ৰেৰণ কৰিছে। শুকুৰবাৰে সংঘই এই কথা অৱগত কৰে।

এক বিবৃতিত ইস্কনৰ উপ-সভাপতি ৰাধাৰমণ দাসে কয় যে ইস্কনৰ বিৰুদ্ধে মেনকা গান্ধীৰ অভিযোগ সম্পূৰ্ণ ভিত্তিহীন। ইয়াৰ বাবে সংঘই মেনকা গান্ধীৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানিৰ জাননী প্ৰেৰণ কৰিছে।

ৰাধাৰমণ দাসে লগতে কয় যে মেনকা গান্ধীয়ে ঘৃণনীয় অভিযোগ উত্থাপন কৰিছে। তেওঁৰ এই মন্তব্যত বিশ্বজুৰি ইস্কনৰ ভক্ত, সমৰ্থক আৰু শুভাকাংক্ষীসকল গভীৰভাৱে ব্যথিত হৈ পৰিছে।

লগতে পঢ়কঃ স্কুললৈ গৈ ‘ৰীলছ’; বনায় চৰকাৰী শিক্ষয়ত্ৰীয়ে; শিক্ষাৰ্থীয়ে কৰিব লাগে লাইক, কমেন্ট, শ্বেয়াৰ!

শেহতীয়াকৈ মেনকা গান্ধীয়ে ইস্কনক আক্ৰমণ কৰিছিল। অনলাইনত ভাইৰেল হোৱা এটা ভিডিঅ’ত মেনকাই কোৱা শুনা গৈছে যে, “ইস্ককন হৈছে দেশৰ আটাইতকৈ ডাঙৰ প্ৰতাৰক সংস্থা। ইস্কনত বহু গোশালা আছে। তেওঁলোকে চৰকাৰৰ পৰা মাটিকে ধৰি বিভিন্ন সাহায্য লয়।

অন্ধ্ৰ প্ৰদেশৰ অনন্তপুৰত ইস্কনৰ এখন গোশালা আছে। মেনকা গান্ধীয়ে তাত ভ্ৰমণ কৰিছিল। সেই স্মৃতিৰ কথা সুঁৱৰি তেওঁ কয় যে তাত কোনো গৰু নাছিল। তাত তেওঁ কোনো পোৱালিও দেখা নাপালে। মেনকাই কয়, ‘তাত এটাও পোৱালি আৰু গৰু নাছিল। অৰ্থাৎ সকলো বিক্ৰী কৰি দিয়া হৈছে।‘

ইস্কনৰ বিৰুদ্ধে অভিযোগ কৰি মেনকা গান্ধীয়ে কয়, ‘ইস্কনে তাত থকা সকলো গৰু কছাইক বিক্ৰী কৰিছে। তেওঁলোকৰ দৰে এনে কাম আন কোনেও নকৰে। অথচ ইস্কনৰ সদস্যসকলে ৰাজপথত “হৰে ৰাম, হৰে কৃষ্ণ” গীত গায়। কোৱা হয় যে তেওঁলোকৰ গোটেই জীৱন গৰু আৰু গাখীৰৰ ওপৰত নিৰ্ভৰশীল। কিন্তু তেওঁলোকে যিদৰে গৰু বিক্ৰী কৰে, আন কোনোৱে নকৰে।‘

লগতে পঢ়কঃৰণক্ষেত্ৰত পৰিণত টক শ্ব’; লাইভ চলি থকাৰ মাজতে ইজনে সিজনক মাৰিলে চৰ, ঘোচা, গোৰ! ভাইৰেল ভিডিঅ’

ভিডিঅ’ ভাইৰেল হোৱাৰ কিছু সময়ৰ পাছতেই ইস্কনৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ যুধিষ্ঠিৰ গোবিন্দ দাসে কয় যে ইস্কনে কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে গৰু-ম’হৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়ে। কেতিয়াও কছাইক বিক্ৰী কৰা হোৱা নাই। মেনকা গান্ধী এগৰাকী সুপৰিচিত পশু অধিকাৰ কৰ্মী। তেওঁ ইস্কনৰ শুভাকাংক্ষী। গতিকে ইস্কন কৰ্তৃপক্ষই মেনকা গান্ধীৰ ‘অপ্ৰমাণহীন আৰু মিছা’ মন্তব্যত যথেষ্ট আচৰিত হৈছে। 

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd