• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আশাৰ পোহৰ, গাজাত যুদ্ধৰ অৱসান; যুদ্ধবিৰতি চুক্তিত উপনীত ইজৰাইল-হামাছ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 16, 2025 9:46 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত ১৫ মাহৰ ৰক্তাক্ত গাজা যুদ্ধৰ অৱসান ঘটিবলৈ আগবাঢ়িছে। ইজৰাইল আৰু হামাছে গাজাত যুদ্ধৰ অন্ত পেলাবলৈ চুক্তিত উপনীত হোৱা বুলি জানিব পৰা গৈছে। ইজৰাইলৰ যুদ্ধবন্দীক পেলেষ্টাইনী বন্দীৰ বিনিময়ত মুকলি কৰি দিয়াৰ সিদ্ধান্তও লোৱা হৈছে বুলিও বাতৰি প্ৰকাশ পাইছে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ বাতৰি অনুসৰি, বুধবাৰে গাজাত ইজৰাইল আৰু হামাছৰ মাজত হোৱা যুদ্ধৰ অন্ত পেলাবলৈ আলোচনাকাৰীসকলে এক পৰ্যায়ক্ৰমে চুক্তিত উপনীত হয়।

Apply Now

সংবাদ সংস্থা ৰয়টাৰক এজন বিষয়াই জনোৱা মতে, এই চুক্তিত ছয় সপ্তাহৰ প্ৰাৰম্ভিক যুদ্ধবিৰতি পৰ্যায়ৰ ৰূপৰেখা দাঙি ধৰা হৈছে আৰু ইয়াৰ ভিতৰত গাজা উপত্যকাৰ পৰা ইজৰাইলী বাহিনী ক্ৰমান্বয়ে প্ৰত্যাহাৰ কৰা আৰু ইজৰাইলৰ হাতত থকা পেলেষ্টাইনী বন্দীসকলৰ বিনিময়ত হামাছৰ হাতত থকা আনসকলক মুকলি কৰি দিয়াটো অন্তৰ্ভুক্ত কৰা হৈছে।

প্ৰথম পৰ্যায়ত ৩৩ জন ইজৰাইলীক মুকলি কৰি দিয়া হ’ব, যিসকলৰ আটাইকেইজনেই মহিলা, শিশু আৰু ৫০ বছৰৰ ওপৰৰ পুৰুষ।

দ্বিতীয় পৰ্যায় কাৰ্যকৰী কৰাৰ বাবে আলোচনা প্ৰথম পৰ্যায়ৰ ১৬তম দিনৰ পৰা আৰম্ভ হ’ব আৰু ইয়াৰ ভিতৰত বাকী থকা সকলো ইজৰাইলীক মুকলি কৰি দিয়া, স্থায়ী যুদ্ধবিৰতি আৰু গাজাৰ পৰা ইজৰাইলী বাহিনী সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা আদি অন্তৰ্ভুক্ত হ’ব বুলি আশা কৰা হৈছে।

তৃতীয় পৰ্যায়ত বাকী থকা সকলো মৃতদেহ ঘূৰাই অনাৰ লগতে ইজিপ্ত, কাটাৰ আৰু ৰাষ্ট্ৰসংঘৰ তত্বাৱধানত গাজাৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

আমেৰিকাৰ সমৰ্থিত ইজিপ্ত আৰু কাটাৰৰ মধ্যস্থতাকাৰীৰ মাজত কেইবামাহো ধৰি চলি থকা আলোচনাৰ পিছতে আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কাৰ্যভাৰ গ্ৰহণৰ ঠিক পূৰ্বে এই চুক্তি কৰা হৈছে।

গাজাত প্ৰভাৱশালী পেলেষ্টাইনী সশস্ত্ৰ গোট হামাছে ৰয়টাৰক জনোৱা মতে, তেওঁলোকৰ প্ৰতিনিধি দলে যুদ্ধবিৰতি আৰু ইজৰাইলীসকলৰ উভতি অহাৰ ক্ষেত্ৰত মধ্যস্থতাকাৰীসকলৰ চুক্তিত অনুমোদন জনাইছে।

নাম প্ৰকাশ নকৰাকৈয়ে এজন বিষয়াই পূৰ্বে ৰয়টাৰক জনাইছিল যে হামাছে যুদ্ধবিৰতি আৰু ইজৰাইলীসকলৰ প্ৰত্যাৱৰ্তনৰ প্ৰস্তাৱত মৌখিক অনুমোদন দিছে আৰু চূড়ান্ত লিখিত অনুমোদনৰ বাবে অধিক তথ্যৰ বাবে অপেক্ষা কৰি আছে। যদি সফল হয় তেন্তে পৰিকল্পিত পৰ্যায়ক্ৰমিক যুদ্ধবিৰতিৰ ফলত যুদ্ধৰ অন্ত পৰিব পাৰে।

ইফালে এটা অমীমাংসিত প্ৰশ্ন হ’ল যুদ্ধৰ পিছত গাজা কোনে চলাব? ইজৰাইলৰ বৈদেশিক মন্ত্ৰী গিডিয়ান ছাৰে কয় যে তেওঁ ইউৰোপ ভ্ৰমণৰ সময় কৰ্তন কৰি নিশাটোৰ ভিতৰতে দেশলৈ উৰা মাৰিব আৰু নিৰাপত্তা মন্ত্ৰীসভা আৰু চুক্তিখনৰ ওপৰত চৰকাৰৰ ভোটদানত অংশগ্ৰহণ কৰিব।

২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ নেতৃত্বত বন্দুকধাৰীয়ে নিৰাপত্তাৰক্ষীৰ বেহু ভংগ কৰি ইজৰাইলৰ সীমান্ত অঞ্চলত প্ৰৱেশ কৰি ১২০০ জন সৈনিক আৰু সাধাৰণ নাগৰিকক হত্যা কৰাৰ লগতে ২৫০ জনতকৈ অধিক বিদেশী আৰু ইজৰাইলীক অপহৰণ কৰাৰ পিছত ইজৰাইলী বাহিনীয়ে গাজাত আক্ৰমণ আৰম্ভ কৰে।

গাজা স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি গাজাত ইজৰাইলৰ আকাশ আৰু স্থল যুদ্ধত ৪৬ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু উপকূলীয় অঞ্চলটো ধ্বংসাৱশেষৰ উচ্ছন্ন ভূমিলৈ পৰিণত হৈছে য’ত লাখ লাখ স্থানচ্যুত লোকে আৰু শীতকালৰ ঠাণ্ডাত অস্থায়ী আশ্ৰয় শিবিৰত তম্বুৰ তলত বহি জীয়াই থকাৰ সংগ্ৰাম কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd