NORTHEAST NOW (Assamese)

প্ৰস্তুত হৈ আছে কৰ’না ভাইৰাছৰ প্ৰতিষেধক, ইজৰাইলৰ দাবী; সোনকালে লাভ কৰিব জনসাধাৰণে

March 12, 2020 8:31 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰী আখ্যা দিয়া কৰ’না ভাইৰাছৰ প্ৰতিষেধক প্ৰস্তুত কৰাৰ বাবে আগবাঢ়ি আহিছে ইজৰাইল।

ইজৰাইলৰ ইষ্টিটিউট ফৰ বায়’লোজিকেল ৰিচাৰ্ছৰ বৈজ্ঞানিক সকলে ভয়ংকৰ ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ প্ৰতিষেধক নিৰ্মাণৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে বুলি সদৰী কৰিছে।

‘‘কৰ’না ভাইৰাছ(COVID-19)ৰ প্ৰতিষেধক প্ৰস্তুত হৈছে, অতি সোনকালে ইয়াক মান্যতা প্ৰদান কৰা হ’ব,’’ ইজৰাইলৰ প্ৰতিষ্ঠানটোৱে কয়।

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী নেফটালী বেনিটে দেশখনৰ বৈজ্ঞানিক সকলে কৰ’না ভাইৰাছৰ চৰিত্ৰ আৰু মানৱ শৰীৰত ইয়াৰ সংক্ৰমণৰ ওপৰত পৰ্যবেক্ষণ কৰি প্ৰতিষেধক প্ৰস্তুত কৰি আছে বুলি কয়।

কৰ’না ভাইৰাছৰ প্ৰতিষেধক প্ৰস্তুত কৰাৰ বাবে ইজৰাইলৰ বৈজ্ঞানিক সকলে বহু প্ৰক্ৰিয়া অতিক্ৰম কৰিবলগীয়া হৈছে বুলি উল্লেখ কৰি প্ৰতিষেধক প্ৰস্তুত হোৱাৰ পাছত বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমতিৰ বাবে পঠোৱা হ’ব বুলিও মন্ত্ৰী গৰাকীয়ে কয়।

উল্লেখযোগ্য যে, চীনৰ য়ুহান প্ৰদেশত কৰ’না ভাইৰাছৰ সংহাৰৰ ফলত প্ৰায় তিনি সহস্ৰাধিক লোকৰ মৃত্যু হোৱাৰ পাছত ইটালীতো কৰ’না ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰিছে।

ভাৰততো কৰ’না ভাইৰাছত সংক্ৰমিত লোকৰ সংখ্যাই ৭০ অতিক্ৰম কৰিছে। দিল্লীত কৰ’না ভাইৰাছক মহামাৰীৰ ঘোষণা কৰাৰ লগতে ৩১ মাৰ্চ পৰ্যন্ত সকলো বিদ্যালয়, মহাবিদ্যালয় তথা চলচ্চিত্ৰ গৃহ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

Related News