NORTHEAST NOW (Assamese)

চন্দ্ৰযান-৩ অভিযানৰ বাবে সাজু ইছৰো! প্ৰস্তুতি কিমানদূৰ?

November 14, 2019 7:02 pm · এন ই নাও নিউজ
ইছৰোৰ ফাইল ফটো

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই বুধবাৰে চন্দ্ৰপৃষ্ঠৰ ৩ডি ছবি প্ৰকাশ কৰে। যোৱা ২২ জুলাইত ইছৰোই চন্দ্ৰযান-২ৰ সফল উৎক্ষেপন কৰিছিল।

জানিব পৰা মতে, ইছৰোই এতিয়া চন্দ্ৰযান-৩ৰ প্ৰস্তুতিত ব্যস্ত হৈছে। সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি ইয়াৰ বাবে মুঠতে তিনিবছৰ সময় লাগিব।

বাতৰি অনুসৰি, ইয়াৰ লেণ্ডাৰ, ৰ’ভাৰ, ৰকেট আৰু পে’লোড নিৰ্মাণৰ বাবে কমেও তিনিবছৰ সময় লাগিব পাৰে।

অৱশ্যে আন এক সূত্ৰৰ বাতৰি মতে, ইছৰোই পূৰ্বতে চন্দ্ৰযান-৩ৰ কাম আৰম্ভ কৰিছে আৰু ইয়াক ২০২০ৰ নৱেম্বৰত উৎক্ষেপন কৰা হ’ব।

ইয়াৰ বাবে ইছৰোই এখন কোনো কমিটি গঠন কৰি দিছে যিয়ে এই সন্দৰ্ভত কাম কৰি আছে।

আনহাতে, বুধবাৰে ইছৰোই নিজৰ অ’ফিচিয়েল টুইটাৰ পেজৰ পৰা চন্দ্ৰপৃষ্ঠৰ ছবি প্ৰকাশ কৰিছে।

ইছৰোই লিখিছে যে চন্দ্ৰযানৰ TMC-2 ৰ দ্বাৰা তোলা চন্দ্ৰপৃষ্ঠৰ থ্ৰী ডি ভিউৰ ওপৰত এবাৰ নজৰ দিয়ক।

চন্দ্ৰযান-২য়ে তৃতীয়বাৰৰ বাবে ছবি প্ৰেৰণ কৰিছে। ইয়াৰ পূৰ্বে চন্দ্ৰযান-২য়ে মহাকাশৰ পৰা লোৱা পৃথিৱীৰ ছবি আৰু চন্দ্ৰপৃষ্ঠৰ ছবি প্ৰেৰণ কৰিছিল।

উল্লেখযোগ্য যে যোৱা ২২ জুলাইত ইছৰোই চন্দ্ৰযান-২ৰ সফল উৎক্ষেপন কৰিছিল।

অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ জিলাৰ শ্ৰী হৰিকোটাৰ সতীশ ধাৱন মহাকাশ গৱেষণা কেন্দ্ৰৰ পৰা ইয়াৰ উৎক্ষেপন কৰা হৈছিল। এই প্ৰকল্পৰ বাবে চৰকাৰৰ প্ৰায় ৯৭৮ কোটি টকা ব্যয় হৈছিল।

Related News