অপ্ৰতিৰোধ্য ISRO! ভাৰতে ৰচনা কৰিলে ইতিহাস; চূড়ান্ত কক্ষপথত বহি আদিত্য এল ১ ৰ সূৰ্য নমস্কাৰ

চন্দ্ৰৰ পিছত এইবাৰ সূৰ্যৰ ওপৰত ভাৰতৰ জয়। উথলি উঠিছে দেশবাসীৰ আৱেগ। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শনিবাৰে দেশৰ প্ৰথম মহাকাশ ভিত্তিক অভিযান ‘আদিত্য এল ১’ মহাকাশযানখন পৃথিৱীৰ পৰা প্ৰায় ১.৫ লাখ কিলোমিটাৰ দূৰত্বত চূড়ান্ত গন্তব্য কক্ষপথত সূৰ্য্যৰ অধ্যয়নৰ বাবে স্থাপন কৰে।

এই মহাকাশযানখনে পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত্বত থকা সূৰ্য্য-পৃথিৱী ব্যৱস্থাৰ লেগ্ৰেঞ্জ পইণ্ট 1t (L1)ৰ চাৰিওফালে এটা হেলো কক্ষপথত উপনীত হয়। পৃথিৱী আৰু সূৰ্য্যৰ মাজৰ মুঠ দূৰত্বৰ প্ৰায় এক শতাংশ এই L1 বিন্দু।

ইছৰোৰ বিষয়াসকলে জনোৱা মতে, ‘এল ১ পইণ্ট’ৰ চাৰিওফালে হেলো কক্ষপথত থকা উপগ্ৰহৰ পৰা সূৰ্য্যক অবিৰতভাৱে দেখা যায়। ইয়াৰ দ্বাৰা সৌৰ কাৰ্যকলাপ আৰু বাস্তৱ সময়ত মহাকাশৰ বতৰৰ ওপৰত ইয়াৰ প্ৰভাৱ নিৰীক্ষণ কৰাটো বহুত সহজ হ’ব।‘

লগতে পঢ়কঃ নিশাৰ ভিতৰতে সন্ধান ওলাল ২৬ গৰাকী নিৰুদ্দিষ্ট কিশোৰীৰ; চহৰৰ বিভিন্ন প্ৰান্তত কি কৰি আছিল? তদন্তত আৰক্ষী

লেগ্ৰেঞ্জ পইণ্ট’ হৈছে সেই অঞ্চল য’ত পৃথিৱী আৰু সূৰ্য্যৰ মাজৰ মাধ্যাকৰ্ষণ শক্তি নিষ্ক্ৰিয় হৈ পৰে। হেলো কক্ষপথ হৈছে L1, L2 বা L3 ‘লেগ্ৰেঞ্জ বিন্দু’ৰ এটাৰ চাৰিওফালে থকা এটা পৰ্যায়ক্ৰমিক ত্ৰিমাত্ৰিক কক্ষপথ।

শুকুৰবাৰে ইছৰোৰ এজন বিষয়াই জানিবলৈ দিছিল, “শনিবাৰে বিয়লি প্ৰায় ৪ বজাৰ দিশে এল ১ৰ আশে-পাশে আদিত্য এল ১ক হেলো কক্ষপথত ৰখা হ’ব। যদি আমি সেইটো নকৰোঁ তেন্তে ই হয়তো সূৰ্য্যৰ ফালে যাত্ৰা অব্যাহত ৰাখিব।” সেই অনুসৰি  শনিবাৰে ঠিক ৪ বজাত ইয়াক কক্ষপথত স্থাপন কৰা হয়।

PSLV-য়ে আদিত্য-এল১ক ৬৩ মিনিট ২০ ছেকেণ্ডৰ উৰণৰ অন্তত পৃথিৱীৰ চাৰিওফালে উপবৃত্তাকাৰ কক্ষপথত স্থাপন কৰে। উল্লেখযোগ্য যে ইছৰোৰ মেৰু উপগ্ৰহ উৎক্ষেপণ বাহন (পিএছএলভি-চি৫৭)য়ে ২ ছেপ্টেম্বৰত শ্ৰীহৰিকোটাত থকা সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ (এছডিএছচি) দ্বিতীয়টো লঞ্চ পেডৰ পৰা আদিত্য-এল১ সফলতাৰে উৎক্ষেপণ কৰে।

ইছৰোৰ বিষয়াগৰাকীয়ে জনাইছিল যে মহাকাশযানখনে বিভিন্ন পৰ্যায়ৰ মাজেৰে পাৰ হৈ পৃথিৱীৰ ইমপেক্ট ৰিং এৰাই চলি সূৰ্য্য-পৃথিৱীৰ ‘লেগ্ৰেঞ্জ পইণ্ট ১’ (এল১)ৰ দিশে আগবাঢ়িছিল। ‘আদিত্য এল ১’ সৌৰ ক’ৰ’নাৰ দূৰৱৰ্তী পৰ্যবেক্ষণৰ বাবে আৰু পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত্বত ‘এল ১’ (সূৰ্য্য-পৃথিৱী লেগ্ৰেঞ্জিয়ান বিন্দু)ত সৌৰ বতাহৰ প্ৰকৃত পৰ্যবেক্ষণ কৰিবলৈ ডিজাইন কৰা হৈছে।

এই সৌৰ অভিযানৰ মূল উদ্দেশ্য হৈছে সৌৰ বায়ুমণ্ডলৰ গতিশীলতা, সূৰ্য্যৰ বায়ুমণ্ডলৰ উত্তাপ, সূৰ্য্যৰ পৃষ্ঠত সৌৰ ভূমিকম্প বা ‘ক’ৰ’নেল মাছ ইজেকচন’ (CMEs), সৌৰ জ্বলন্ত কাৰ্যকলাপ আৰু ইয়াৰ বৈশিষ্ট্য, আৰু পৃথিৱীৰ নিকতৱৰ্তী স্থানৰ বতৰ বিষয়ক সমস্যাৰ অন্বেষণ কৰা। আদিত্য এল ১ৰ সফলতাৰ লগে লগে সূৰ্য্যৰ সকলো ৰহস্য বিশ্ববাসীয়ে জানিব পাৰিব।