• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উন্নত প্ৰযুক্তি গ্ৰহণে উত্তৰ-পূবত হাইড্ৰ’কাৰ্বন অন্বেষণক আৰু অধিক উন্নীত কৰিব : বিশেষজ্ঞ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 8, 2024 6:00 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ বিশ্বতে, প্ৰাকৃতিক সম্পদ অন্বেষণৰ ক্ষেত্ৰত আহি পৰা অভূতপূৰ্ব প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰমাৎ বৰ্ধিত ব্যয় হ্ৰাস কৰাৰ সমান্তৰালকৈ কাৰ্যকৰী দক্ষতা, সঠিক কাৰ্যকুশলতা আৰু সুৰক্ষা বৃদ্ধি কৰাৰ বাবে ক্ৰমান্বয়ে উচ্চ-স্তৰৰ প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে। ক্ৰমান্বয়ে, কৃত্ৰিম বুদ্ধিমত্তা, মেচিন লাৰ্নিং, ড্ৰোন আৰু আনকি ইণ্টাৰনেটজড়িত বিভিন্ন উচ্চস্তৰীয় প্ৰযুক্তি হাইড্ৰ’কাৰ্বন অন্বেষণৰ বাবে ব্যৱহাৰ কৰা হৈছে। এনে আধুনিক বৈশিষ্টপূৰ্ণ প্ৰযুক্তিৰ বাবে দেশখনৰ উত্তৰ-পূৰ্বাঞ্চলৰ দৰে পাহাৰীয়া অংশতকৈ অধিক উপযোগী ঠাই বিচাৰি পোৱাটো কঠিন। অঞ্চলটোত হাইড্ৰ’কাৰ্বনৰ সৈতে জড়িত বিশাল সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত ভৱিষ্যতৰ অন্বেষণৰ ক্ষেত্ৰত এনে প্ৰযুক্তিবোৰৰ অধিক ব্যৱহাৰ কৰাৰ বাবে বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে।

উত্তৰ-পূব ভাৰতৰ বাবে হাইড্ৰ’কাৰ্বন ভিজন ২০৩০ত উৰ্ধমুখী, মধ্যমুখী আৰু নিম্নমুখী খণ্ডত ১.৩ লাখ কোটি টকাৰ বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে। এই লক্ষ্যই ভাৰতৰ শক্তি অৰ্থনীতিৰ শীৰ্ষত থকা এক প্ৰভাৱশালী হাইড্ৰ’কাৰ্বন কেন্দ্ৰ হিচাপে উত্তৰ-পূব অঞ্চলক বিকশিত কৰি তুলিব। ইয়াৰ উদ্দেশ্য হৈছে ২০৩০ চনৰ ভিতৰত তেল আৰু প্ৰাকৃতিক গেছৰ উৎপাদন দুগুণ কৰা, অঞ্চলটোত সুলভ মূল্যত ১০০% পৰিয়ালক পৰিষ্কাৰ ইন্ধন প্ৰদান কৰা আৰু সকলোৰে মাজত দক্ষতা বিকাশৰ জৰিয়তে নিযুক্তিৰ সুযোগ সৃষ্টি কৰা।

Apply Now

উপলব্ধ সম্ভাৱনাসমূহৰ প্ৰতি লক্ষ্য ৰাখি নীতি নিৰ্মাতাসকলে উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে। কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ২০২৩ চনৰ ডিচেম্বৰত সংসদত এক প্ৰশ্নৰ উত্তৰত কয় যে অসমে মুঠ খাৰুৱা তেল উৎপাদনৰ ১৪% আৰু দেশত মুঠ প্ৰাকৃতিক গেছ উৎপাদনৰ ১০% অৰিহণা যোগায়। তেওঁ লগতে উল্লেখ কৰে যে চৰকাৰে নতুন প্ৰযুক্তিত বৃহৎ পৰিমাণৰ বিনিয়োগসহ অনাগত বছৰবোৰত উৎপাদন বৃদ্ধিৰ বাবে ৬১,০০০ কোটি টকাৰ মূলধন ব্যয়ৰ পৰিকল্পনা হাতত লৈছে।

২০১৯-২০ বৰ্ষৰ পৰা ২০২২-২৩ বৰ্ষৰ ভিতৰত ৰাজ্যখনে খাৰুৱা তেলৰ ক্ষেত্ৰত ৯,০০০ কোটি টকা আৰু গেছ উৎপাদনৰ ক্ষেত্ৰত ৮৫০ কোটি টকাৰ ৰয়েলটি উপাৰ্জন কৰিছে।

“প্ৰচুৰ প্ৰাকৃতিক সম্পদ আৰু কৃত্ৰিম বুদ্ধিমত্তা (এআই) তথা মেচিন লাৰ্নিং (এমএল)ৰ উন্নত প্ৰযুক্তিৰ সৈতে, পৰম্পৰাগতভাৱে বৃহত্তৰ অভিযান্ত্ৰিক আৰু মূলধন-নিবিড় প্ৰক্ৰিয়াৰ সৈতে সংযোজিত তেল আৰু গেছ খণ্ডৰ এক গভীৰ ডিজিটেল পৰিৱৰ্তন হৈ আছে। এআই আৰু এমএলৰ একত্ৰীকৰণে কোম্পানীবোৰক কাৰ্যকুশলতা বৃদ্ধি কৰিবলৈ, সুৰক্ষা বৃদ্ধি কৰিবলৈ, আৰু ব্যয় হ্ৰাস কৰিবলৈ সক্ষম কৰি নতুন সম্ভাৱনাৰ দুৱাৰ খুলি দিছে। অন্বেষণৰ পৰা উৎপাদনলৈকে, এআই আৰু এমএল প্ৰযুক্তিয়ে বিশেষকৈ উত্তৰ-পূব ভাৰতৰ অসমান ভূখণ্ড আৰু জটিল পৰিৱেশত দেখা দিয়া প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ উদ্যোগটোক নতুন ৰূপত শক্তিশালী কৰি তুলিছে।” উদ্যোগখণ্ডৰ সৈতে জড়িত জ্যেষ্ঠ ব্যক্তি আৰু অ’এনজিচিৰ প্ৰাক্তন বিষয়া ডোজাই কয়।

তেল আৰু গেছ উদ্যোগত এআই আৰু এমএলৰ আটাইতকৈ প্ৰভাৱশালী প্ৰয়োগ হৈছে অন্বেষণ আৰু জলাশয় ব্যৱস্থাপনা। “শেহতীয়াকৈ, উত্তৰ-পূবৰ এটা কাৰ্যকৰী এলেকাত অত্যাধুনিক লাইডাৰ ড্ৰ’ন জৰীপ সফলতাৰে সম্পূৰ্ণ হোৱাটোৱে এক অত্যাধুনিক অগ্ৰগতি চিহ্নিত কৰি দূৰৱৰ্তী আৰু দুৰ্গম অঞ্চলত কাম কৰাৰ ক্ষেত্ৰত আহি পৰা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰে। উত্তৰ-পূব ভাৰতৰ পাহাৰীয়া অঞ্চলত লাইডাৰ (লাইট ডিটেকশ্যন এণ্ড ৰেঞ্জিং) জৰীপৰ বাবে এই ড্ৰোন প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছিল। ই দ্ৰুত, সুৰক্ষিত আৰু অধিক ব্যয়সাধ্য প্ৰক্ৰিয়াৰ সুবিধা প্ৰদান কৰি প্ৰকৃতাৰ্থত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে,” তেওঁ কয়।

লাইডাৰ প্ৰযুক্তিয়ে প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিবলৈ ৰেপিড লাইট পালছ ব্যৱহাৰ কৰে, যাৰ ফলত সমগ্ৰ ঠাইখণ্ডৰ এক সঠিক ত্ৰিমাত্ৰিক মডেল সৃষ্টি হয়। এআই/এমএল এলগৰিথম অন্তৰ্ভুক্ত কৰি, কোম্পানীবোৰে এই তথ্যবোৰৰ বাস্তৱ-সময়ত প্ৰক্ৰিয়াকৰণ কৰিব পাৰে, দ্ৰুত সিদ্ধান্ত গ্ৰহণ আৰু ৰিগ পৰিবহনৰ বাবে পথ নিৰ্মাণ আদিৰ দৰে অসামৰিক অভিযান্ত্ৰিক কামৰ বাবে অধিক সঠিক ৰূপত পৰিকল্পনা কৰিবলৈ সক্ষম কৰিব পাৰে। ড্ৰোন জৰীপে কেৱল আন্তঃগাঁথনিৰ বাবে সামগ্ৰীৰ ব্যয় হ্ৰাস কৰাই নহয়, লগতে ইয়াৰ সমান্তৰালকৈ অধিক স্পষ্ট পথ পৰিকল্পনাৰ বাবে সক্ষমতা প্ৰদান কৰি অঞ্চলটোৰ উন্নয়নক অধিক ত্বৰান্বিত কৰিছে।

সাম্ভাব্য ড্ৰিলিং স্থান চিনাক্ত কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূকম্পনৰ তথ্য বিশ্লেষণৰ পৰম্পৰাগত পদ্ধতি সাধাৰণতে কষ্টকৰ আৰু সময়সাপেক্ষ। ইয়াৰ বিপৰীতে, এআইয়ে অধিক নিখুঁতভাৱে বিশাল পৰিমাণৰ ভূকম্পনৰ তথ্য বিশ্লেষণ কৰি অনুকূল ড্ৰিলিং স্থান চিনাক্ত কৰাৰ বাবে প্ৰয়োজনীয় সময় যথেষ্ট হ্ৰাস কৰে।ই কেৱল মূলধন ব্যয় ৰক্ষা নকৰে, বৰঞ্চ লগতে অনুৎপাদক্ষম স্থানত ড্ৰিলিং কৰাৰ বিপদাশংকা হ্ৰাস কৰে, যি প্ৰত্যাহ্বানমূলক ভৌগোলিক অঞ্চলৰ বাবে অতি গুৰুত্বপূৰ্ণ।” শ্ৰীভ্‌কম মিডিয়া ছলিউচনছ নামৰ ছফ্টৱেৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া অতুল কুমাৰে কয়।

উত্তৰ-পূবত প্ৰথমবাৰৰ বাবে এই বিশেষ প্ৰযুক্তিৰ প্ৰয়োগ কৰা হৈছে। “এই ডিজিটেল পৰিৱৰ্তন হৈছে উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক বিকাশৰ এক গুৰুত্বপূৰ্ণ উপাদান আৰু ইয়াৰ উদ্দেশ্য হৈছে অঞ্চলটোৰ পাৰিপাৰ্শ্বিক ভাৰসাম্য সুৰক্ষিত কৰা। ভৱিষ্যতে, উদ্যোগ প্ৰযুক্তি ৪.০ৰ বৰ্ধিত বিকাশে তেল আৰু গেছ উদ্যোগৰ, বিশেষকৈ উত্তৰ-পূবৰ দৰে প্ৰত্যাহ্বানপূৰ্ণ ভূখণ্ডত ক্ৰমান্বয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব,” স্কাইলাৰ্ক ড্ৰোনৰ ষ্টেলিন প্ৰভাকৰণ ভি আৰ-এ কয়।

এই পদক্ষেপে ভৱিষ্যতৰ প্ৰকল্পসমূহৰ বাবে এক মানদণ্ড নিৰ্ধাৰণ কৰিছে, যিয়ে কেনেদৰে প্ৰযুক্তিয়ে দূৰৱৰ্তী এলেকাবোৰত আন্তঃগাঁথনি বিকাশত সহায় কৰাৰ লগতে পাৰিপাৰ্শ্বিক ক্ষয়-ক্ষতিৰ সম্ভাৱনা নিম্নতম কৰিব পাৰে সেয়া প্ৰদৰ্শন কৰে।

উত্তৰ-পূব অঞ্চলটো ভাৰতৰ তেল আৰু গেছ বিকাশৰ এক কেন্দ্ৰবিন্দু হৈ পৰিছে। লাইডাৰ ড্ৰোন জৰীপৰ দৰে উদ্ভাৱনী প্ৰক্ৰিয়াৰ ব্যৱহাৰে এই প্ৰক্ৰিয়াবোৰৰ সৈতে প্ৰযুক্তিক একত্ৰিত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে, যাতে প্ৰগতি দ্ৰুত আৰু বহনক্ষম হয়।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd